ETV Bharat / international

৭.৫ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল জাপানক, আহত ২৩

প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলত ছুনামিৰ সতৰ্কতা জাৰি ।

EARTHQUAKE IN JAPAN
প্ৰচণ্ড ভূমিকম্পৰ পিছত উত্তৰ জাপানৰ হোকাইডোৰ হাকোডাটেত মঙলবাৰে মজিয়াত কাগজ-পত্ৰ সিঁচৰতি হৈ আছে (AP)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 8:34 AM IST

3 Min Read
Choose ETV Bharat

টকিঅ’ : পুনৰ প্ৰচণ্ড জোকাৰণিত কঁপি উঠিল উত্তৰ জাপান । সোমবাৰে সন্ধিয়া উত্তৰ জাপানত ৭.৫ ৰিখটাৰ স্কেলত অহা শক্তিশালী ভূমিকম্পত কমেও ২৩ জন লোক আহত হয় । ইয়াৰ পিচতেই প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলত ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে ।

ভূমিকম্পৰ পিচত প্ৰশান্ত মহাসাগৰীয় উপকূলৰ অঞ্চলসমূহত ছুনামিৰ সূচনা কৰে বুলি বিষয়াসকলে সদৰী কৰিছে । সন্ধিয়া হোৱা জোকাৰণিৰ পিচত জাপানৰ মূল হনছু দ্বীপৰ উত্তৰৰ প্ৰিফেকচাৰ আওমোৰীৰ উপকূলৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ (৫০ মাইল) দূৰত্বত প্ৰশান্ত মহাসাগৰত নিশা প্ৰায় ১১:১৫ বজাত হয় ছুনামি । ইতিমধ্য়ে চৰকাৰে ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন আৰম্ভ কৰিছে ।

জাপান বতৰ বিজ্ঞান সংস্থাই সদৰী কৰা অনুসৰি আওমোৰীৰ ঠিক দক্ষিণে থকা ইৱাটে প্ৰিফেকচাৰৰ কুজি বন্দৰত ৭০ চেণ্টিমিটাৰ (২ ফুট, ৪ ইঞ্চি) পৰ্যন্ত ছুনামি ৰেকৰ্ড কৰা হৈছে । তদুপৰি এই অঞ্চলটোৰ অন্যান্য উপকূলীয় অঞ্চল সমূহত ৫০ চেণ্টিমিটাৰ পৰ্যন্ত ছুনামিৰ গতিয়ে আঘাত হানিছে ।

অগ্নিনিৰ্বাপক আৰু দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই জনোৱা মতে, এজন গুৰুতৰভাৱে আৰু ২৩জন লোক আহত হৈছে । এন এইচ কেৰ বাতৰি অনুসৰি, ইয়াৰে অধিকাংশই আহত হৈছে জোকাৰণিত সৰি পৰা বস্তুৱে খুন্দা মৰাৰ ফলত । লগতে হাচিনোহেৰ এখন হোটেলত কেইবাজনো লোক আহত হৈছে । ইফালে, টোহোকুৰ এজন লোকৰ গাড়ী গাঁতত পৰি সামান্য আঘাতপ্ৰাপ্ত হয় ।

মুখ্য কেবিনেট সচিব মিনোৰু কিহাৰাই পৰামৰ্শ প্ৰত্যাহাৰ নোহোৱালৈকে উপকূলীয় বাসিন্দাসকলক উচ্চ স্থানলৈ যাবলৈ বা আশ্ৰয় বিচাৰিবলৈ আহ্বান জনাইছে । তেওঁ কয় যে প্ৰায় ৮০০ ঘৰত বিদ্যুৎ বিহীন হৈ আছে আৰু অঞ্চলটোৰ কিছু অংশত শ্বিনকানচেন বুলেট ট্ৰেইন আৰু কিছুমান স্থানীয় লাইন বন্ধ কৰা হৈছে ।

অৱশ্য়ে অঞ্চলটোৰ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহে সুৰক্ষা পৰীক্ষা চলাই আছে বুলি কিহাৰাই কয় । পাৰমাণৱিক নিয়ন্ত্ৰণ কৰ্তৃপক্ষই জনোৱা মতে, আওমোৰিৰ ৰ’ক্কাশ্বো ইন্ধন পুনৰ সংসাধন প্লাণ্টৰ এটা ব্যৱহৃত ইন্ধন শীতল স্থানৰ পৰা প্ৰায় ৪৫০ লিটাৰ (১১৮ গেলন) পানী ছিটিকি পৰিছে যদিও ইয়াৰ পানীৰ মাত্ৰা স্বাভাৱিক পৰিসৰৰ ভিতৰত আছে আৰু সুৰক্ষাৰ কোনো চিন্তা নাই ।

হাচিনোহে বায়ুসেনা ঘাটিত প্ৰায় ৪৮০ জন লোকে আশ্ৰয় লৈছে আৰু ১৮খন প্ৰতিৰক্ষা হেলিকপ্টাৰক ক্ষতিৰ মূল্যায়নৰ বাবে সংগঠিত কৰা বুলি কয় প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো ক’ইজুমীয়ে । এন এইচ কেৰ বাতৰি অনুসৰি হোকাইডোৰ নিউ চিট’জ বিমানবন্দৰত নিশাৰ বাবে আবদ্ধ হৈ পৰে প্ৰায় ২০০ গৰাকী যাত্ৰী ।

লগতে পঢ়ক:৪.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পাকিস্তানক

৭.৬ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইনছক