ETV Bharat / international

জাপানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প, ছুনামিৰ সতৰ্কবাণী জাৰি

উত্তৰ জাপানৰ উপকূলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পাছতেই ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হয় ।

JAPAN TSUNAMI ALERT
জাপানত ছুনামিৰ সতৰ্কবাণী (IANS)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 3:58 PM IST

2 Min Read
Choose ETV Bharat

টকিঅ’ : উত্তৰ জাপানৰ উপকূলত জাপান বতৰ বিজ্ঞান সংস্থাই ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে ৷ অঞ্চলটোত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পাছতেই বতৰ বিজ্ঞান সংস্থাই এই সৰ্তকবাণী জাৰি কৰে ৷ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, উত্তৰ জাপানৰ ছানৰিকু উপকূলত বিয়লি প্ৰায় ৪:৫৩ বজাত (০৭৫৩ জিএমটি) ৭.৫ প্ৰাবল্যৰ এক শক্ৰিশালী ভূমিকম্পই জোকাৰি যায় ৷ ইয়াৰ কেন্দ্ৰবিন্দু আছিল সমুদ্ৰপৃষ্ঠৰ প্ৰায় ১০ কিলোমিটাৰ (৬ মাইল) গভীৰতাত ৷

জাপানৰ এনএইচকে ৰাজহুৱা টেলিভিছনত প্ৰকাশ কৰা অনুসৰি ৩ মিটাৰ (১০ ফুট) উচ্চতালৈকে ছুনামিৰ ঢৌৱে অতি সোনকালে এই অঞ্চলত আঘাত হানিব পাৰে ৷

প্ৰায় ১৫ বছৰ পূৰ্বে অৰ্থাৎ ২০১১ চনৰ ১১ মাৰ্চত অহা ৯.০ ৰিখটাৰ স্কেলৰ ভূমিকম্প আৰু ছুনামিয়ে উত্তৰ জাপানক বিধ্বস্ত কৰি তুলিছিল ৷ এই প্ৰকৃতিক দুৰ্যোগত উত্তৰ জাপানৰ বহু অংশ ধ্বংস হোৱাৰ লগতে ২২,০০০ তকৈ অধিক লোকৰ মৃত্যু হয় আৰু প্ৰায় ডেৰ লাখ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হয়; ইয়াৰে অধিকাংশই ছুনামিৰ ফলত স্থানচ্যুত হৈছিল ৷

ফুকুছিমাত ছুনামিৰ ফলত ফুকচিমা দৈচি পাৰমাণৱিক শক্তি কেন্দ্ৰৰ পৰা নিৰ্গত হোৱা বিকিৰণৰ বাবে প্ৰায় ১ লাখ ৬০ হাজাৰ লোকে ঘৰ এৰি পলায়ন কৰিবলগীয়া হয় ৷ ইয়াৰে প্ৰায় ২৬ হাজাৰ এতিয়াও ঘূৰি অহা নাই; কাৰণ তেওঁলোকৰ গৃহ চহৰসমূহ ‘প্ৰৱেশ নিষিদ্ধ অঞ্চল’ত অৱস্থিত অথবা তেওঁলোক বিকিৰণৰ সংস্পৰ্শৰ বাবে চিন্তিত হৈ আছে ।

লগতে পঢ়ক : ইণ্ডোনেছিয়াত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প, ছুনামিৰ সতৰ্কবাণী

কলকাতাত অনুভূত ভূমিকম্প, অভিকেন্দ্ৰ বাংলাদেশ

১৯৩০ ৰ পৰা বৰ্তমানলৈ মুঠ ৩৭৪ টা ভূমিকম্পই জোকাৰিলে ৰাজ্যক, সাজু থাকক আগন্তুক বিপদৰ বাবে !