ETV Bharat / international

পাক অধিকৃত জম্মু-কাশ্মীৰত প্ৰতিবাদ অব্য়াহত: ৰাৱালপিণ্ডিত কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক আটকৰ অভিযোগ

গ্ৰেপ্তাৰ, হত্যাৰ ভাবুকিয়েও প্ৰতিহত কৰিব পৰা নাই প্ৰতিবাদ ।

PoJK: JKJAAC claims sit-ins continue in Rawalakot, alleges Kashmiri students detained in Rawalpindi
পাক অধিকৃত জম্মু-কাশ্মীৰত প্ৰতিবাদ অব্য়াহত; ৰাৱালপিণ্ডিত কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক আটকৰ অভিযোগ (ETV Bharat Assam)
author img

By ANI

Published : August 4, 2026 at 1:55 PM IST

2 Min Read
Choose ETV Bharat

ৰাৱালকোট : পাক অধিকৃত জম্মু-কাশ্মীৰত প্ৰতিবাদ, ধৰ্ণা আৰু বিক্ষোভ অব্য়াহত আছে । জম্মু কাশ্মীৰ জইণ্ট আৱামী এক্সন কমিটী (জেকেজেএএচি)য়ে 'এক্স'ত ধাৰাবাহিকভাৱে পোষ্টৰ জৰিয়তে দাবী কৰে যে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে নিজৰ আন্দোলন অব্য়াহত ৰাখিব বুলি সকীয়াই দিছে ।

জেকেজেএএচিয়ে শ্বেয়াৰ কৰা পোষ্ট অনুসৰি ৰাৱালকোটৰ ডি-চ’কত প্ৰতিবাদকাৰীসকলকৰ অস্থায়ী ধৰ্ণা কাৰ্যসূচী অব্য়াহত আছে । আনহাতে, যিকোনো মুহূৰ্ততে মুজাফ্ফৰাবাদৰ দিশে শান্তিপূৰ্ণ দীঘলীয়া সমদল যাত্ৰা আৰম্ভ হ’ব পাৰে বুলিও এই পোষ্টটোত উল্লেখ কৰা হৈছে । এই গোটটোৱে অভিযোগ উত্থাপন কৰে যে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত মাজে মাজে প্ৰচণ্ড গুলীচালনা কৰি আছে । অৱেশ্য়ে ৰাৱালকোটত এতিয়ালৈকে কোনো হতাহত হোৱা নাই বুলি উল্লেখ কৰে ।

উক্ত পোষ্টটোত জেকেজেএএচিয়ে পুনৰ কয় যে ড্ৰেক ঈদগাহত বিগত ৫০ দিন ধৰি ধৰ্ণা অব্যাহত আছে । এতিয়া মহিলা আৰু শিশুৱে এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰিছে । সংগঠনটোৱে উল্লেখ কৰা মতে, অংশগ্ৰহণকাৰীসকলে ঘোষণা কৰিছে যে আন্দোলনৰ স্বীকৃতিপ্ৰাপ্ত দাবী কাৰ্যকৰী নোহোৱালৈকে এই বিক্ষোভ অব্যাহত থাকিব ।

জেকেজেএএচিয়ে নিজৰ এটা পোষ্টত কয়, "এটা জাতি হিচাপে একগোট হোৱা কাশ্মীৰী জনগণে কোনো কাৰণতে নিজৰ শ্বহীদসকলে দিয়া ত্যাগক বিশ্বাসঘাতকতা নকৰে আৰু তাৰ বাবে তেওঁলোকে সংকল্প গ্ৰহণ কৰিছে ।"

আন এটা পোষ্টত জেকেজেএএচিয়ে দৃঢ়তাৰে কয় যে যোৱা ৯ জুনত আৰম্ভ দীঘলীয়া পদযাত্ৰা কেইবা সপ্তাহ ধৰি গ্ৰেপ্তাৰ, হত্যা, আঘাতপ্ৰাপ্ত আৰু ভয় দেখুৱাই থকাৰ পিছতো অব্য়াহত আছে । শেহতীয়া বিক্ষোভসমূহক মৌলিক অধিকাৰ, ন্যায় আৰু কৰ্তৃপক্ষই দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ বাবে জনসাধাৰণৰ দাবীত শিপাই থকাৰ প্ৰমাণ বুলি আখ্যা দিয়ে ।

সংগঠনটোৱে পুনৰ কয় যে এই আন্দোলন জনসাধাৰণৰ । যেতিয়ালৈকে সেই বৈধ দাবীসমূহ পূৰণ নোহোৱাকৈয়ে থাকিব, তেতিয়ালৈকে জনসাধাৰণৰ কণ্ঠ শুনিবলৈ পোৱা যাব । পৃথকে পৃথকে জেকেজেএএচিয়ে পাকিস্তানৰ মুৰী ৰোডৰ ৰাৱালপিণ্ডি প্ৰেছ ক্লাবৰ বাহিৰত ৰেকৰ্ডিং কৰা বুলি দাবী কৰা ফুটেজো শ্বেয়াৰ কৰিছে । সংগঠনটোৱে দাবী কৰা মতে, উক্ত ভিডিঅ’টোত শান্তিপূৰ্ণভাৱে সমবেত হোৱা অধিক সংখ্য়ক কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক আটক কৰা দেখা গৈছে ।

এই গোটটোৱে অভিযোগ কৰে যে আৰক্ষী বিষয়াসকলে ছাত্ৰ-ছাত্ৰীক বলপূৰ্বকভাৱে আৰক্ষীৰ ভেনলৈ টানি নিয়া ভিডিঅ'টোত দেখা গৈছে । সংগঠনটোৱে আটক কৰাসকলক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:শান্তি সমদলৰ মাজতে পাকিস্তানত বিস্ফোৰণ : ১৪ জন নিহত

শ্বেখ হাছিনাৰ ৰাজনৈতিক কাৰ্যকলাপ নিষিদ্ধ কৰাৰ বাবে ভাৰতক আহ্বান ঢাকাৰ