এক্ট ইষ্ট পলিচী অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈ প্ৰধানমন্ত্ৰী মোদী ইণ্ডোনেছিয়াত উপস্থিত
প্ৰধানমন্ত্ৰী মোদীৰ তিনিদিনীয়া ভ্ৰমণৰ মূল লক্ষ্য হৈছে ভাৰতৰ এক্ট ইষ্ট পলিচী, দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰা ।

Published : July 6, 2026 at 7:58 PM IST
জাকাৰ্টা(ইণ্ডোনেছিয়া): তিনিখন দেশৰ ভ্ৰমণসূচীৰে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত উপস্থিত হয় ৷ ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ লগে লগে প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । প্ৰধানমন্ত্ৰী মোদীৰ বিমানখন ইণ্ডোনেছিয়াৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে দেশখনৰ বায়ুসেনাৰ যুঁজাৰু বিমানে প্ৰধানমন্ত্ৰীগৰাকীৰ বিমানখনক সুৰক্ষা প্ৰদান কৰি আনুষ্ঠানিকভাৱে তেওঁক আদৰণি জনায় ।
প্ৰধানমন্ত্ৰী মোদীৰ তিনিদিনীয়া এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে ভাৰতৰ এক্ট ইষ্ট পলিচী, দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰা ।

উল্লেখ্য যে, ৬-৮ জুলাইলৈ ইণ্ডোনেছিয়া ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী ব্যস্ত থাকিব ৷ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে অন্যান্য নেতাসকলৰ সৈতে ব্যক্তিগতভাৱে বিমানবন্দৰত উপস্থিত আছিল ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্তো ৷ ৰাষ্ট্ৰপতিগৰাকীৰ আমন্ত্ৰণমৰ্মেই প্ৰধানমন্ত্ৰীয়ে দেশখন ভ্ৰমণ কৰিবলৈ গৈছে ৷

বিমানবন্দৰত এক সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱা হয় ৷ প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীগৰাকীক দেখা মাত্ৰকে ‘‘ভাৰত মাতা কী জয়’’ আৰু ‘‘মোদী মোদী’’ ধ্বনিৰে আদৰণি জনায় ৷

ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী জাকাৰ্টাত উপস্থিত হোৱাৰ পূৰ্বে প্ৰবাসী ভাৰতীয়সকলে এই ভ্ৰমণক লৈ আনন্দ প্ৰকাশ কৰে । এগৰাকী প্ৰবাসী ভাৰতীয়ই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়, ‘‘এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ইমান ওচৰৰ পৰা দেখা পাম । মই অতিশয় উৎসাহিত ।’’ আন এগৰাকীয়ে কয়, ‘‘আমি আপোনাক শ্ৰদ্ধা আৰু মৰমেৰে আদৰিছো ৷’’
প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্তো বিমানবন্দৰত উপস্থিত থাকি তেওঁক আদৰণি জনোৱা কাৰ্যত আপ্লুত হৈ পৰে ৷ বিভিন্ন খণ্ডত দুয়োখন দেশৰ অংশীদাৰিত্বই অধিক অগ্ৰগতি লাভ কৰাৰ লক্ষ্যৰে ভাৰত-ইণ্ডোনেছিয়াৰ মাজত এলানি আলোচনা হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।
Landed in Jakarta. I’m touched by President Prabowo Subianto’s gesture of welcoming me at the airport.
— Narendra Modi (@narendramodi) July 6, 2026
In 2018 we elevated our relations to a Comprehensive Strategic Partnership, which has benefitted our people.
During this visit, President Prabowo Subianto and I will hold… pic.twitter.com/rG61TGGDdY
প্ৰধানমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে তেওঁ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৰ সৈতে জাকাৰ্টাৰ প্ৰম্বানন মন্দিৰ চৌহদ পৰিদৰ্শন কৰিব । সামাজিক মাধ্যমত এই সম্পৰ্কে প্ৰধানমন্ত্ৰী মোদীয়ে এক পোষ্ট কৰে ৷ পোষ্টটো এনেধৰণৰ, ‘‘জাকাৰ্টাত উপস্থিত হ'লোঁ । ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্তোৱে মোক বিমানবন্দৰত আদৰণি জনোৱাৰ ধৰণটোৱে মোৰ হৃদয় গভীৰভাৱে স্পৰ্শ কৰিছে । ২০১৮ চনত আমি আমাৰ সম্পৰ্কক ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিছিলো, যিয়ে আমাৰ জনসাধাৰণক উপকৃত কৰিছে ।’’
Touched by the warm welcome from the Indian community in Jakarta. Their affection and deep commitment to India's progress are truly inspiring. Our diaspora continues to strengthen India's bonds with the world through its achievements across diverse fields. pic.twitter.com/Rw8HorlnqX
— Narendra Modi (@narendramodi) July 6, 2026
তেওঁ লগতে পোষ্টটোত উল্লেখ কৰে, ‘‘এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্তো আৰু মই বিভিন্ন খণ্ডত এই অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ’ম । ৰাষ্ট্ৰপতি প্ৰবো আৰু মই জাকাৰ্টাৰ প্ৰম্বানন মন্দিৰ চৌহদ পৰিদৰ্শন কৰিম । ইয়াৰ দ্বাৰা আমাৰ দেশবাসীৰ মাজত সাংস্কৃতিক সম্পৰ্ক আৰু অধিক গভীৰ হ'ব । ইণ্ডোনেছিয়াত থকাৰ সময়তে প্ৰবাসী ভাৰতীয়সকলক লগ পোৱাৰ বাবে ময়ো আগ্ৰহী ।’’
ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামুদ্ৰিক প্ৰতিবেশী ৰাষ্ট্ৰখনলৈ প্ৰধানমন্ত্ৰী মোদীৰ এয়া চতুৰ্থটো ভ্ৰমণ ৷ ২০১৮ চনৰ মে’ মাহত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আনুষ্ঠানিকভাৱে সামগ্ৰিক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ ।
উল্লেখ্য যে, ইণ্ডোনেছিয়া আছিয়ান(ASEAN) অঞ্চলসমূহৰ ভিতৰত ভাৰতৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ দেশ ৷ ২০২৫-২৬ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্য ২৪.৭৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হৈছে ৷ বৰ্তমান ১৩০ টাতকৈও অধিক ভাৰতীয় উদ্যোগে ইণ্ডোনেছিয়াৰ অৰ্থনীতিৰ বিভিন্ন খণ্ডত সক্ৰিয়ভাৱে বিনিয়োগ কৰি আছে ৷
জটিল খনিজ খণ্ডত সহযোগিতা দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ এক মূল বিষয় হোৱাৰ সম্ভাৱনা আছে । জটিল খনিজ খণ্ডৰ ক্ষেত্ৰত ইণ্ডোনেছিয়া আগশাৰীৰ দেশ, য’ত বিশ্বৰ মুঠ নিকেলৰ প্ৰায় ২১ শতাংশ মজুত আছে ৷ সমান্তৰালকৈ ই তাম, বক্সাইট আৰু টিন উৎপাদনকাৰী বিশ্বৰ অন্যতম শীৰ্ষ দেশ । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনত দ্বি-পাক্ষিক প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু বাণিজ্যিক মাধ্যমসমূহক গাঁথনিগতভাৱে শক্তিশালী কৰিব ৷
লগতে পঢ়ক: অপেক্ষা ১৭ জুলাইলৈ, প্ৰধানমন্ত্ৰী মোদীয়ে ফ্লেগ অফ কৰিব ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ

