প্ৰধানমন্ত্ৰী মোদীৰ মালয়েছিয়া ভ্ৰমণ : বিভিন্ন খণ্ডত সহযোগিতাৰ ওপৰত আলোচনা
প্ৰধানমন্ত্ৰী মোদীক মালয়েছিয়াত উষ্ম আদৰণি । প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আতিথ্য লাভ কৰি আনন্দিত মোদী ।

Published : February 8, 2026 at 2:21 PM IST
কুৱালালামপুৰ : দুদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়াত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে দেওবাৰে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই দ্বিপাক্ষিক সম্পৰ্ক আৰু ভ্ৰমণৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
আদৰণিৰ পিছত পেৰডানা পুত্ৰাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । বৈঠকৰ সময়ত আনোৱাৰ ইব্ৰাহিমে কয়, "প্ৰধানমন্ত্ৰী মোদীক আদৰণি, আমি অতি ভাল সম্পৰ্ক স্থাপন কৰিছোঁ । আপোনাৰ লগতে দলটোক ধন্যবাদ । আমি কিছুমান উদ্বেগজনক বিষয়ৰ ওপৰত আলোচনা কৰিছোঁ, যিবোৰ আমাৰ দলসমূহে সমাধান কৰাটো প্ৰয়োজন বুলি মই বিশ্বাস কৰোঁ । আমি সকলো খণ্ডতে অধিক সহযোগিতাৰ বাবে আগ্ৰহী আৰু এই ভ্ৰমণ মোৰ বাবে ব্যক্তিগতভাৱেও অতি গুৰুত্বপূৰ্ণ ।"
#WATCH | Kuala Lumpur, Malaysia: Prime Minister Narendra Modi says, " yesterday, i also had the opportunity to meet with members of the diaspora with you. it was a very special experience, and i saw the personal respect and affection that the diaspora has for you, which was… https://t.co/Y1N6KORfGz pic.twitter.com/4gLdLyAcwB
— ANI (@ANI) February 8, 2026
এই পাৰস্পৰিক সম্পৰ্কই দক্ষিণ-পূব এছিয়া আৰু ইয়াৰ বহল ভাৰত-প্ৰশান্ত মহাসাগৰীয় কৌশলৰ সৈতে ভাৰতৰ সংযোগৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে । বিশেষকৈ বাণিজ্য, বিনিয়োগ আৰু মূল কৌশলগত খণ্ডসমূহত সম্পৰ্ক শক্তিশালী কৰাৰ আলোচনাৰ সুযোগ প্ৰদান কৰিছে । ইয়াৰ দ্বাৰা দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্ক আৰু আঞ্চলিক সহযোগিতা বৃদ্ধিৰ পাৰস্পৰিক দায়বদ্ধতাক প্ৰতিফলিত কৰা হৈছে । এই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে আছিয়ান দেশসমূহৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলা আৰু উন্নয়ন, সংযোগ আৰু আঞ্চলিক নিৰাপত্তাক আগুৱাই নিয়া অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে ভাৰতৰ চলি থকা প্ৰচেষ্টাক আলোকপাত কৰে ।
#WATCH | Kuala Lumpur, Malaysia: Prime Minister Narendra Modi holds delegation-level talks with Prime Minister of Malaysia, Anwar Ibrahim.
— ANI (@ANI) February 8, 2026
(Source: DD News) pic.twitter.com/d88u3G3WAy
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে যৌথ প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কালি মালয়েছিয়াত ভাৰতীয় সম্প্ৰদায়ক লগ পোৱাৰ সুযোগ পাইছিলোঁ । মোৰ বন্ধু প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁৰ উপস্থিতিৰে অনুষ্ঠানটোৰ শোভা বঢ়াইছিল । ৩০ লাখ লোকৰ এই জীৱন্ত সেতুখন এক বৃহৎ শক্তি । তেওঁলোকৰ কল্যাণৰ বাবে লোৱা পদক্ষেপে আমাৰ সম্পৰ্কক মানৱীয় দৃষ্টিভংগীৰে গতি প্ৰদান কৰে । মালয়েছিয়াত ভাৰতীয় শ্ৰমিকৰ সুৰক্ষাৰ বাবে সামাজিক সুৰক্ষা চুক্তি আৰু বিনামূলীয়া ই-ভিছা, লগতে মালয়েছিয়াত পৰ্যটনৰ বাবে ইউ পি আই ডিজিটেল ইণ্টাৰফেচ – এই সকলোবোৰ ব্যৱস্থাই দুয়োখন দেশৰ নাগৰিকৰ জীৱন সহজ কৰি তুলিব । যিকোনো অংশীদাৰিত্ব তেতিয়াহে সফল হয় যেতিয়া ইয়াৰ সুবিধাসমূহ পোনপটীয়াকৈ জনসাধাৰণৰ ওচৰলৈ যায় ।"
#WATCH | Kuala Lumpur, Malaysia: Prime Minister Narendra Modi says, " i express my heartfelt gratitude to you. the way you welcomed me and my delegation, and the way you presented malaysian life so beautifully in these few hours, going beyond traditional customs, and the excellent… https://t.co/Y1N6KORfGz pic.twitter.com/xEw2JE6p4N
— ANI (@ANI) February 8, 2026
ইফালে মালয়েছিয়াত উষ্ম আদৰণি গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ । আপোনালোকে মোক আৰু মোৰ প্ৰতিনিধি দলটোক যিদৰে আদৰণি জনাইছে আৰু পৰম্পৰাগত ৰীতি-নীতিৰ দ্বাৰা মালয়েছিয়াৰ সংস্কৃতিক ইমান সুন্দৰকৈ উপস্থাপন কৰিলে, এই কেইঘণ্টামানত আৰু আপোনালোকে সকলো কথা যি আচৰিত ধৰণে সংগঠিত কৰিলে – এই কথা সদায় আমাৰ মনত থাকিব ।"
২০২৪ চনৰ আগষ্ট মাহত দ্বিপাক্ষিক সম্পৰ্কক এক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পিছত এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ভ্ৰমণ । ভাৰত আৰু মালয়েছিয়াৰ মাজৰ ইতিহাস, সভ্যতা আৰু সংস্কৃতিৰ দ্বাৰা গঢ় লৈ উঠা গভীৰ সম্পৰ্ক আছে, যিটো মালয়েছিয়াৰ ভাৰতীয় মূলৰ প্ৰায় ২৯ লাখ জনসংখ্যা – বিশ্বৰ তৃতীয় বৃহত্তম ভাৰতীয় প্ৰব্ৰজনকাৰীয়ে অধিক শক্তিশালী কৰি তুলিছে ।
লগতে পঢ়ক :পাকিস্তানত শুকুৰবৰীয়া নামাজৰ সময়তে মছজিদত আত্মঘাতী বিস্ফোৰণ : নিহত ৩১, আহত ১৬৯

