মোদী-নেতান্যাহুৰ গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি : ভাৰতৰ দৃষ্টি আয়ৰণ ড'ম-আয়ৰণ বীম প্ৰযুক্তিত
ভাৰত-ইজৰাইলৰ মাজত অৰ্থনৈতিক, নিৰাপত্তা, কূটনৈতিক ক্ষেত্ৰসমূহ সামৰি কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব । ইয়াৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অধিক বৃদ্ধি কৰা ।

Published : February 26, 2026 at 10:50 AM IST
নতুন দিল্লী : বৰ্তমান ইজৰাইল ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভাৰতীয় সময় মতে বুধবাৰে নিশা ইজৰাইলত উপস্থিত হয় মোদী । এই ভ্ৰমণৰ অংশ হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বৃহস্পতিবাৰে কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । ভাৰতে ইজৰাইলৰ উন্নত আইৰণ ড’ম আৰু আইৰণ বীম আকাশী প্ৰতিৰক্ষা প্ৰযুক্তি গ্ৰহণৰ প্ৰতি দৃষ্টি ৰাখিছে বুলি জানিব পৰা গৈছে ।
টেল আভিভৰ কিং ডেভিদ হোটেলত বৰ্ধিত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী নেতান্যাহুৱে একেলগে য়াদ ভাশ্বেম ভ্ৰমণ কৰাৰ কথা ।
এই আলোচনাত ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্বৰ বিস্তৃত পৰ্যালোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । ইয়াত প্ৰতিৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, বাণিজ্য আৰু জনসাধাৰণৰ মাজত বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । লগতে দুয়োগৰাকী নেতাই জৰুৰী আঞ্চলিক আৰু বিশ্বজনীন উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰিব ।
প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অধিক বিকাশৰ লক্ষ্যৰে অৰ্থনৈতিক, নিৰাপত্তা আৰু কূটনৈতিক ক্ষেত্ৰসমূহ সামৰি কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব । চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী নেতান্যাহুৱে তেওঁলোকৰ আলোচনাৰ ফলাফলৰ সবিশেষ দাঙি ধৰি সংবাদ মাধ্যমৰ আগত যৌথ বিবৃতি প্ৰদান কৰিব ।
ভাৰতে অতি সোনকালে ইজৰাইলৰ সৈতে এক ঐতিহাসিক কৌশলগত অংশীদাৰিত্বক চূড়ান্ত ৰূপ দিবলৈ আগবাঢ়িছে । ইয়াৰ জৰিয়তে আইৰণ ড’ম প্ৰযুক্তি ইজৰাইলৰ পৰা লাভ কৰিব । এই প্ৰস্তাৱিত চুক্তি কেৱল এক ক্ৰয় প্ৰক্ৰিয়াতকৈ অধিক ওপৰত আৰু ভাৰতৰ থলুৱা 'মিছন সুদৰ্শন চক্ৰ'ৰ, যাক প্ৰজেক্ট কুছা বুলিও কোৱা হয়, এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে বিবেচনা কৰা হৈছে । আই এ এন এছৰ প্ৰতিবেদন অনুসৰি, ইজৰাইলে 'মে'ক ইন ইণ্ডিয়া' পদক্ষেপৰ অধীনত আইৰণ ড’ম প্ৰযুক্তি ভাৰতলৈ হস্তান্তৰ কৰাৰ বাবে আনুষ্ঠানিক প্ৰস্তাৱ দিছে, যাৰ ফলত স্থানীয় উৎপাদন আৰু হ্ৰস্ব দূৰত্বৰ ৰকেট, মৰ্টাৰ আৰু ড্ৰ’ণ আক্ৰমণক প্ৰতিহত কৰিবলৈ ডিজাইন কৰা বহুস্তৰীয় আকাশী প্ৰতিৰক্ষা ব্যৱস্থাত একত্ৰীকৰণ সম্ভৱ হ'ব ।
ইয়াৰ উপৰি ভাৰতে ইজৰাইলৰ নতুন আইৰণ বীম লেজাৰ ভিত্তিক ব্যৱস্থাৰ প্ৰতিও প্ৰবল আগ্ৰহ প্ৰকাশ কৰিছে । এই ব্যৱস্থাটোক কম খৰচী আকাশী ভাবুকিৰ বিৰুদ্ধে এক মূল্যৱান আৰু 'পোহৰৰ গতি' সমাধান হিচাপে প্ৰত্যক্ষ কৰা হৈছে । প্ৰস্তাৱিত সহযোগিতাৰ উদ্দেশ্য এছ-৪০০ৰ দৰে দীৰ্ঘ দূৰত্বৰ প্লেটফৰ্মৰ পৰিপূৰক হিচাপে কাম কৰিব পৰা উচ্চ সফলতাৰ হাৰ বিশিষ্ট সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় চহৰসমূহ আৰু মূল আন্তঃগাঁথনিসমূহক সুৰক্ষিত কৰা । ইয়াৰ ব্যাপক লক্ষ্য হৈছে ২০৩০ চনলৈকে এক 'অভেদ্য' ৰাষ্ট্ৰীয় সুৰক্ষা কৱচ নিৰ্মাণ কৰা ।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জোগকো সাক্ষাৎ কৰাৰ কথা আছে । বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ৰাজ্যিক ভ্ৰমণৰ বাবে টেল আভিভত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে নেছেটত সাংসদসকলে তেওঁক থিয় হৈ অভিবাদন জনায় । আনহাতে, ইজৰাইলৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় নৰেন্দ্ৰ মোদী । ইয়াৰ উপৰি ২০১৭ চনৰ ভ্ৰমণৰ এক দশকৰ ভিতৰত তেওঁৰ এইটো দ্বিতীয়বাৰৰ বাবে ইজৰাইল ভ্ৰমণ । তেওঁক 'মেডেল অব দ্য নেছেট' প্ৰদান কৰা হয় ।
এটা X পোষ্টত তেওঁ কয়, "মই মেডেল অব দ্য নেছেট লাভ কৰি অতিশয় সন্মানিতবোধ কৰিছোঁ । মই ইয়াক বিনম্ৰতা আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিছোঁ । এই সন্মান এজন ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নহয়, বৰঞ্চ ভাৰত আৰু ইজৰাইলৰ মাজত থকা চিৰস্থায়ী বন্ধুত্বৰ প্ৰতিহে । ই আমাৰ দুয়োখন দেশক পথ প্ৰদৰ্শন কৰা অংশীদাৰিত্বমূলক মূল্যবোধক প্ৰতিফলিত কৰে ।"

