ETV Bharat / international

ইণ্ডোনেছিয়াৰ ১০০০ বছৰীয়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

ইণ্ডোনেছিয়াত অৱস্থিত শিৱমন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ লগতে ঐতিহাসিক প্ৰম্বানন মন্দিৰ পুনৰুদ্ধাৰ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰীৰ ৷

Prambanan Temple
ইণ্ডোনেছিয়াৰ ১০০০ বছৰীয়া হিন্দু মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ (ANI)
author img

By ANI

Published : July 8, 2026 at 2:19 PM IST

3 Min Read
Choose ETV Bharat

যোগাকাৰ্তা (ইণ্ডোনেছিয়া) : বুধবাৰে ইণ্ডোনেছিয়াৰ যোগাকাৰ্তাত অৱস্থিত ঐতিহাসিক ১০০০ বছৰীয়া প্ৰম্বানন মন্দিৰ পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়েণ্টোৰৰ সৈতে ১,০০০ বছৰীয়া প্ৰম্বানন মন্দিৰ পুনৰুদ্ধাৰ প্ৰকল্প উদ্বোধন কৰে বুধবাৰে ৷

নৱম শতিকাত নিৰ্মিত প্ৰম্বনন মন্দিৰ হৈছে ইণ্ডোনেছিয়াৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ ৷ এই মন্দিৰত বিশষকৈ মহাদেৱক আৰাধনা কৰাৰ লগতে ভগৱান বিষ্ণু আৰু ব্ৰহ্মাকো পূজা কৰা হয় ৷ জাভা দ্বীপত অৱস্থিত প্ৰম্বানান মন্দিৰ প্ৰায় ৪০ হেক্টৰ ভূমিৰ বিস্তৃত এলেকাত অৱস্থিত ৷ মূলতঃ ২৪০টা মন্দিৰেৰে গঠিত এই বিস্তৃত এলেকা বিশ্বৰ আটাইতকৈ বিস্তৃত হিন্দু মন্দিৰসমূহৰ ভিতৰত অন্যতম ৷

আগ্নেয়গিৰিৰ শিলৰ পৰা নিৰ্মিত প্ৰায় ৪৭ মিটাৰ উচ্চতাৰ শিৱ মন্দিৰটোৱে ইয়াৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ কম্বোডিয়াৰ আংকৰ ৱাটৰ পিছত দ্বিতীয় বৃহত্তম হিন্দু মন্দিৰ হিচাপে পৰিচিত প্ৰম্বানন মন্দিৰ ৷ ইতিহাস অনুসৰি, আগ্নেয়গিৰিৰ বিস্ফোৰণৰ বাবে দশম শতিকাত এই মন্দিৰটো পৰিত্যক্ত হৈ পৰিছিল ৷ কিন্তু ১৯ শতিকাত ডাচ্চ ঔপনিৱেশিক তত্বাৱধানত প্ৰাথমিক উদ্ধাৰৰ কাম আৰম্ভ হয় আৰু তাৰ পিছত ১৯১৩ চনৰ পৰা ১৯৫৩ চনৰ ভিতৰত পদ্ধতিগত প্ৰত্নতাত্ত্বিক পুনৰ গঠন কৰা হৈছিল ৷ যিয়ে প্ৰধান মন্দিৰসমূহক পুনৰুদ্ধাৰৰ বাবে কাম কৰি আছে ৷

Prambanan Temple
ঐতিহাসিক প্ৰম্বানন মন্দিৰ পুনৰুদ্ধাৰ প্ৰকল্প উদ্বোধন (ANI)

ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্কোৱে ১৯৯১ চনত প্ৰম্বানন মন্দিৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিল ৷ বৰ্তমান জাভা দ্বীপত থকা মন্দিৰটো ইণ্ডোনেছিয়াৰ অন্যতম প্ৰধান সাংস্কৃতিক কেন্দ্ৰলৈ পৰিণত হৈছে ৷ উল্লেখ্য যে, মন্দিৰৰ চৌহদত থকা দেৱালসমূহত ৰামায়ণ আৰু অন্যান্য প্ৰধান হিন্দু মহাকাব্যৰ আখ্যানমূলক চিত্ৰ অংকন কৰা আছে ৷ যিয়ে ভাৰতক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰা গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক বন্ধনক আলোকপাত কৰিছে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰে ৷

বৰ্তমানো প্ৰম্বানন মন্দিৰৰ পুনৰুদ্ধাৰ কাৰ্য চলি আছে ৷ সেই স্বৰূপে ভাৰতে এইক্ষেত্ৰত ইণ্ডোনেচিয়া চৰকাৰক সহায় কৰিব ৷ সেয়ে মঙলবাৰ ভাৰত-ইণ্ডোনেচিয়া চৰকাৰে যুটীয়াভাবে আৰম্ভ কৰিব লগীয়া মন্দিৰটোৰ পুনৰুদ্ধাৰ প্ৰজেক্টৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছুবিয়েণ্টোৰে ৷

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত কয়,"প্ৰম্বানন মন্দিৰ বিশ্বৰ ভিতৰতে অনন্য ৷" মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সংবাদ মাধ্যমত কয়,"ভাৰত আৰু ইণ্ডোনেচিয়া অৰ্থাৎ দুয়োখন দেশৰ সম্পৰ্ক ৰামায়ণ আৰু মহাভাৰতৰ দিনৰ পৰাই ৷ ভাৰত আৰু ইণ্ডোনেছিয়াই কেৱল সাগৰৰ ভাগ-বতৰা কৰা নাই ৷ আমি বড়োবুদুৰ আৰু প্ৰম্বাননৰ দৰে ঐতিহাসিক কীৰ্তিচিহ্নৰ জৰিয়তে সংযুক্ত হৈ আছো । ইণ্ডোনেছিয়াৰ জাতীয় প্ৰতীক গৰুদাৰ জৰিয়তে আমি সংযুক্ত হৈ আছো । বালি যাত্ৰা উৎসৱৰ আনন্দ আৰু উদযাপনৰ জৰিয়তে আমি সংযুক্ত হৈ আছো ।"

লগতে পঢ়ক: ইণ্ডোনেছিয়াক ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ যোগান ধৰিব ভাৰতে: মালাক্কা প্ৰণালীৰ ছাবাং বন্দৰ উন্নয়নৰ যৌথ পদক্ষেপ