ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ সন্মান বিনটাং আদিপূৰ্ণাৰে সন্মানিত মোদী
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ছুবিয়ানটোৰ সৈতে আলোচনাৰ বাবে উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় ।


Published : July 7, 2026 at 3:20 PM IST
জাকাৰ্টা: বৰ্তমান ত্ৰিদেশীয় ভ্ৰমণসূচীত ব্যস্ত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ প্ৰথমেই ইণ্ডোনেছিয়া ভ্ৰমণ কৰে ৷ নৰেন্দ্ৰ মোদীক মঙলবাৰে ইণ্ডোনেছিয়াই দেশখনৰ সৰ্বোচ্চ সন্মান ‘বিনটাং আদিপূৰ্ণা’ প্ৰদান কৰিছে । ইণ্ডোনেছিয়াৰ ঐক্য, ধাৰাবাহিকতা আৰু সমৃদ্ধিৰ বাবে ব্যতিক্ৰমী সেৱা আগবঢ়োৱা ব্যক্তিসকলক এই বঁটা প্ৰদান কৰা হয়।
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ছুবিয়ানটোৰ সৈতে আলোচনাৰ বাবে উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় । ভাৰতৰ এক্ট ইষ্ট পলিচী, মহাসাগৰ ভিজন আৰু মুক্ত তথা সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি ইয়াৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে তিনিখন দেশ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত সোমবাৰে ইণ্ডোনেছিয়াত উপস্থিত হয় মোদী ।
Saya menerima Bintang Adipurna Republik Indonesia ini dengan penuh kerendahan hati.
— Narendra Modi (@narendramodi) July 7, 2026
Kehormatan ini milik seluruh masyarakat India. Penghargaan ini mencerminkan kehangatan dan kasih sayang dari masyarakat Indonesia. Hal ini juga merupakan penghormatan terhadap hubungan bersejarah… pic.twitter.com/m0jqNCcTDB
‘‘ইস্তানা মেৰ্ডেকাত উষ্ম আদৰণি জনোৱাৰ বাবে ধন্যবাদ!" মোদীয়ে এক্সত পোষ্ট কৰে । লগতে জাকাৰ্টাৰ মেৰ্ডেকা পেলেচত ৰাষ্ট্ৰপতি ছুবিয়ানটোক সাক্ষাৎ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অতিথিৰ লিপিত স্বাক্ষৰ কৰে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই ভ্ৰমণে ‘ভাৰত–ইণ্ডোনেছিয়া বিস্তৃত কৌশলগত অংশীদাৰিত্ব’ক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে । ‘‘জাকাৰ্টাৰ ৰাষ্ট্ৰপতি ভৱন ইস্তানা মেৰডেকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় ।’’ এক্সত জয়ছৱালে এইদৰে কয় ।
পোষ্টটোত কোৱা হৈছে যে এই ভ্ৰমণে ভাৰত–ইণ্ডোনেছিয়া বিস্তৃত কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে, অগ্ৰাধিকাৰ খণ্ডসমূহৰ মাজত সহযোগিতাৰ নতুন পথ মুকলি কৰাৰ লগতে দুয়োখন দেশক বান্ধি ৰখা গভীৰ আস্থা, মূল্যবোধ আৰু চিৰস্থায়ী বন্ধুত্বক শক্তিশালী কৰিছে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত হোৱা আৰু ২০২৫ চনৰ জানুৱাৰী মাহত গণৰাজ্য দিৱস উদযাপনৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি ছুবিয়ানটোৰ ভাৰত ভ্ৰমণৰ পিছত এয়া তেওঁৰ প্ৰথম ইণ্ডোনেছিয়া ভ্ৰমণ ৷

