তাছকেন্দত যোগ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সয়োগে উজবেকিস্তান ভ্ৰমণৰ কিছু তথ্য শ্বেয়াৰ কৰে ৷

By ANI
Published : August 30, 2026 at 1:54 PM IST
তাছকেন্দ (উজবেকিস্তান) : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তাছকেন্দত ‘‘যোগ ফেডাৰেশ্যন অৱ উজবেকিস্তান’’ৰ উদ্যোগত আয়োজিত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উজবেকিস্তানৰ ৰাজধানীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় ৷
এক্সত দিয়া এটা পোষ্টত মোদীয়ে এই ভ্ৰমণৰ কিছু তথ্য শ্বেয়াৰ কৰি কয়, ‘‘তাছকেন্দত বিশেষ আদৰণি, ইয়াংগী উজবেকিস্তান স্মৃতিসৌধত পুষ্পাঞ্জলি আৰু ভাৰতীয় সমাজৰ সৈতে মত বিনিময়... এইবোৰ আছিল কালিৰ আকৰ্ষণ ।’’
Uzbekistan loves Yoga! pic.twitter.com/1AtlHCN0kF
— Narendra Modi (@narendramodi) August 30, 2026
‘‘এক বিশেষ আদৰণি, ইয়াংগী উজবেকিস্তান স্মৃতিসৌধত মাল্যাৰ্পণ অনুষ্ঠান আৰু ভাৰতীয় সম্প্ৰদায়ৰ সৈতে এক মত বিনিময় অনুষ্ঠান...
কালিৰ তাছকেন্দত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ কিছু উল্লেখযোগ্য দিশ ।’’
-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ইয়াৰ পূৰ্বে ১৫ আগষ্টৰ দিনা দেশবাসীক স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে যোগ, হস্তশিল্প, চলচ্চিত্ৰ, এনিমেচন, গেমিং, ডিজিটেল কণ্টেণ্ট আৰু বহল সৃষ্টিশীলখণ্ডক মূল শক্তি হিচাপে আলোকপাত কৰি ভাৰতৰ ‘কোমল শক্তি’ (soft power) ‘সপ্তধৰা’ৰ সপ্তম শক্তি বুলি কয় ৷
২৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ প্ৰধানমন্ত্ৰীগৰাকী উজবেকিস্তানৰ দুদিনীয়া ৰাজ্যিক ভ্ৰমণত আছে । শনিবাৰে মধ্য এছিয়াৰ দেশখনত তেওঁ চতুৰ্থবাৰৰ বাবে তাছকেন্দত ভ্ৰমণ কৰাৰ বাবে উপস্থিত হয় । দিনটোৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাট মিৰ্জিঅ’য়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় আৰু দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে ৷
মোদীৰ এই ভ্ৰমণৰ সময়ত শনিবাৰে উজবেকিস্তানৰ ৰাজধানীখনৰ ডাঙৰ ডাঙৰ অট্টালিকাসমূহ, বিখ্যাত হিল্টন হোটেলকে ধৰি- ভাৰতীয় জাতীয় পতাকাৰ ত্ৰিৰঙেৰে আলোকিত কৰি তোলা হয় ।
A special welcome, wreath-laying at the Yangi Uzbekistan Monument and interaction with the Indian community…
— Narendra Modi (@narendramodi) August 30, 2026
Here are highlights from yesterday in Tashkent. pic.twitter.com/nQF54An3UB
ভাৰতীয় মূলৰ লোকসকলে প্ৰধানমন্ত্ৰীগৰাকীক অতি উৎসাহ আৰু উদ্যমেৰে আদৰণি জনায় ৷ লগতে পৰম্পৰাগত নৃত্য আৰু ভাৰতীয় আৰু উজবেকিস্তানৰ পৰম্পৰাৰ সংমিশ্ৰণৰ এক সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে তেওঁক আদৰণি জনোৱা হয় ।
এই অনুষ্ঠানত ভাষণ দি মোদীয়ে শিল্পীসকলক প্ৰশংসা কৰে । তেওঁ এক্সৰ এটা পোষ্টত ‘উৰে জব জব জুলফে তেৰী’ শীৰ্ষক বলীউড গীতত নৃত্য কৰা আৰু ভাৰতীয় সংস্কৃতিৰ লাল বাহাদুৰ শাস্ত্ৰী কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে কথকত অভিনয়ৰ শিল্পীসকলক প্ৰশংসা কৰে ।
উল্লেখ্য যে, ২৬ সংখ্যক এছচিঅ’(SCO) শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উজবেকিস্তান আৰু কিৰ্গিস্তান ভ্ৰমণত আছে ৷ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ কিৰ্গিস্তানৰ বিস্কেকত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’(SCO) শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ নিৰাপত্তা, সংযোগ আৰু সুযোগৰ অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোকপাত কৰিব আৰু শীৰ্ষ সন্মিলনৰ সময়তে এছচিঅ’ ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

