ETV Bharat / international

নৰৱেত উপস্থিত প্ৰধানমন্ত্ৰী মোদী: বিমানবন্দৰত প্ৰধানমন্ত্ৰীয়ে জনালে আদৰণি

ভাৰত-নৰ্ডিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে অছল'ত উপস্থিত হয় ৷

MODI FIVE NATION TOUR
নৰৱেত প্ৰধানমন্ত্ৰী মোদী (X@narendramodi)
author img

By ANI

Published : May 18, 2026 at 5:19 PM IST

3 Min Read
Choose ETV Bharat

অছল' (নৰৱে) : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নৰৱেৰ ৰাজধানী অছল’ত উপস্থিত হয় ৷ চাৰি দশকৰো অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে নৰৱে ভ্ৰমণ কৰিছে ৷ প্ৰধানমন্ত্ৰী মোদী অছল’ত উপস্থিত হোৱাৰ লগে লগে নৰৱেৰ প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰে বিমানবন্দৰত তেওঁক আদৰণি জনায় ৷ বিশেষকৈ শেহতীয়াকৈ স্বাক্ষৰিত ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ইএফটিএ) চুক্তিৰ পিছত ভাৰত আৰু নৰ্ডিক অঞ্চলৰ মাজত ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰাৰ দিশত এই ভ্ৰমণক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ আত্মবিশ্বাসী যে ইয়াৰ দ্বাৰা ভাৰত-নৰৱেৰ বন্ধুত্ব পুনৰ সজীৱ হ’ব ৷

এক্সৰ এটা পোষ্টত তেওঁ কয়, "মই নৰৱেৰ অছল’ত উপস্থিত হৈছো ৷ বিমানবন্দৰত উষ্ম আদৰণি জনোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী জ'নাছ গাহৰ ষ্ট'ৰ প্ৰতি কৃতজ্ঞ ৷ চাৰি দশকৰো অধিক সময়ৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নৰৱে ভ্ৰমণ এয়া প্ৰথম ৷ মই নিশ্চিত যে ইয়াৰ দ্বাৰা ভাৰত-নৰৱেৰ বন্ধুত্ব পুনৰ সজীৱ হ'ব ৷"

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়ত ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী ছ’ঞ্জাক সাক্ষাৎ কৰিব আৰু প্ৰধানমন্ত্ৰী ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব ৷ তেওঁ এক্সত কয়, “মই মহামহিম ৰজা পঞ্চম হেৰাল্ড আৰু ৰাণী ছ’ঞ্জাক লগ কৰিম আৰু প্ৰধানমন্ত্ৰী ষ্ট’ৰৰ সৈতে বৈঠকত মিলিত হ’ম ৷” প্ৰধানমন্ত্ৰী মোদীয়ে ১৯ মে’ মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ভাৰত-নৰ্ডিক অনুষ্ঠানৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে ৷ তেওঁ কয়, “কাইলৈ ​​অৰ্থাৎ ১৯ তাৰিখে তৃতীয় ভাৰত-নৰ্ডিক শীৰ্ষ সন্মিলন অছল’ত অনুষ্ঠিত হ’ব, যিয়ে মোৰ নৰ্ডিক সমকক্ষসকলক লগ পোৱাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিব ৷”

প্ৰধানমন্ত্ৰী মোদীয়ে ১৯ মে’ত তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ কথা ৷ ভাৰত-নৰ্ডিক সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ সময়ত প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ ৷ প্ৰবাসী ভাৰতীয়সকলৰ সৈতে সাংস্কৃতিক সংযোগৰ উপৰিও বিশেষকৈ শেহতীয়াকৈ স্বাক্ষৰিত ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ইএফটিএ) চুক্তিৰ পিছত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷ ছুইডেন ভ্ৰমণ সম্পূৰ্ণ কৰি নৰৱেত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ ফলাফলে দুয়োখন দেশৰ সম্পৰ্কক ‘নতুন গতি’ প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’

প্ৰধানমন্ত্ৰী মোদীৰ ছুইডেন ভ্ৰমণক মাইলৰ খুঁটি আখ্যা ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ, দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ আশা

কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে ভাৰত-নেডাৰলেণ্ডৰ মাজত ১৭ খন চুক্তি স্বাক্ষৰ