ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী, বন্ধুত্বপূৰ্ণ দেশলৈ সেউজ সংকেত ইৰাণৰ
ভাৰতৰ লগতে চীন, ৰাছিয়া, ইৰাক, পাকিস্তান আদি বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ বাবে ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ পাৰ হোৱাৰ অনুমতি দিছে ।

Published : March 26, 2026 at 10:37 AM IST
মুম্বাই : পশ্চিম এছিয়াৰ সংঘাতৰ ফলত ইতিমধ্যে বিশ্বজুৰি বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে । বিশেষকৈ শক্তি ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ স্পষ্ট হৈছে । কিছুমান দেশে বিশেষকৈ ইন্ধনৰ গুৰুতৰ সংকটত ভুগিছে । কাৰণ ইন্ধনকে ধৰি বহু গুৰুত্বপূৰ্ণ সামগ্ৰীৰ জাহাজ বিভিন্ন দেশলৈ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যায় । কিন্তু ইৰাণে এই হৰমুজ প্ৰণালী বন্ধ কৰি দিছে যাৰ বাবে এই সংকটৰ সৃষ্টি হৈছে । অৱশ্যে তাৰ মাজতে ভাৰতৰ বাবে আশাৰ খবৰ । ইৰাণে ভাৰতৰ বাবে এই হৰমুজ প্ৰণালী খোলা ৰাখিছে ।
ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে বৃহস্পতিবাৰে কয় যে তেওঁলোকে ভাৰতকে ধৰি বন্ধুত্বপূৰ্ণ দেশসমূহৰ বাবে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ পাৰ হোৱাৰ অনুমতি দিছে ।
#Iran FM Abbas #Araghchi: We permitted passage through the Strait of #Hormuz for friendly nations including China, Russia, India, Iraq, and Pakistan. pic.twitter.com/RvLtiwYB4v
— Consulate General of the I.R. Iran in Mumbai (@IRANinMumbai) March 25, 2026
মুম্বাইত ইৰাণৰ দূতাবাসে বৃহস্পতিবাৰে পুৱা এক্সৰ এটা পোষ্টত লিখিছে, "ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি : আমি চীন, ৰাছিয়া, ভাৰত, ইৰাক, পাকিস্তানকে ধৰি বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ বাবে জাহাজ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱাৰ অনুমতি দিলোঁ ।"
পাৰস্য উপসাগৰক ওমান উপসাগৰৰ সৈতে সংযোগ কৰা এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক চ'ক পইণ্ট হৈছে হৰমুজ প্ৰণালী । কিন্তু ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে ইয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে । যাৰ বাবে কাৰ্যকৰীভাৱে বেছিভাগ বাণিজ্যিক যাতায়তৰ বাবে ই বন্ধ হৈ পৰিছে । বিশ্বৰ ২০ শতাংশত কৈও অধিক তেল সৰবৰাহ ইয়াৰ মাজেৰে হয় যায়, যাৰ ফলত বিশ্ব শক্তি সুৰক্ষাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ ।
The prolonged closure of the Strait of Hormuz is choking the movement of oil, gas & fertilizer at a critical moment in the global planting season.
— António Guterres (@antonioguterres) March 25, 2026
Across the region & beyond, civilians are enduring serious harm & living under profound insecurity.
The @UN is working to minimize…
এক্সৰ এটা পোষ্টত তেওঁ কয়, "হৰমুজ প্ৰণালী দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত বিশ্বব্যাপী কৃষিকৰ্মৰ বতৰৰ এক জটিল মুহূৰ্তত তেল, গেছ আৰু সাৰৰ সৰবৰাহ বন্ধ হৈ পৰিছে । সমগ্ৰ অঞ্চলটোত আৰু ইয়াৰ বাহিৰতো সাধাৰণ নাগৰিকে গুৰুতৰ ক্ষতিৰ সন্মুখীন হৈছে আৰু গভীৰ নিৰাপত্তাহীনতাত আছে । ৰাষ্ট্ৰসংঘই যুদ্ধৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে কাম কৰি আছে । সেই প্ৰভাৱসমূহ কম কৰাৰ সৰ্বোত্তম উপায় হ'ল তাৎক্ষণিকভাৱে যুদ্ধ শেষ কৰা ।" গুটেৰেছে পশ্চিম এছিয়াত যুদ্ধ শেষ কৰিবলৈ আমেৰিকা আৰু ইজৰাইলকো আহ্বান জনাইছে ।
লগতে পঢ়ক :
হৰমুজ প্ৰণালীৰ দায়িত্ব ল’ব লাগে ইয়াৰ ওপৰত নিৰ্ভৰশীল দেশসমূহে, ট্ৰাম্প

