ETV Bharat / international

কৰাচীত সন্ত্ৰাসবাদীৰ আক্ৰমণ; ৪ সৈনিক আৰু ৬ উগ্ৰপন্থীৰ মৃত্যু

পাকিস্তানৰ কৰাচীত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ ৪ জন সেনা জোৱানসহ মুঠ ১০ জন নিহত হয় ৷

Pakistan: 3 paramilitary personnel, 3 terrorists killed in attack at Karachi's Gulistan-i-Jauhar
প্ৰতিনিধিমূলক ফটো (IANS)
author img

By ANI

Published : June 28, 2026 at 2:41 PM IST

3 Min Read
Choose ETV Bharat

কৰাচী (পাকিস্তান) : কৰাচীৰ গুলিস্তান-ই-জোহৰ অঞ্চলত শনিবাৰে পাকিস্তানৰ সিন্ধ ৰেঞ্জাৰৰ স্থানীয় মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাই চাৰিজন অৰ্ধসামৰিক জোৱান আৰু ছটা উগ্ৰপন্থী নিহত হয় । সিন্ধ আৰক্ষী অধীক্ষকগৰাকীয়ে পাকিস্তানৰ ইংৰাজী বাতৰি কাকত ডনক (Dawn) জনোৱা মতে, এটা উগ্ৰপন্থীক জীৱিত অৱস্থাত আটক কৰে । এই আক্ৰমণত চাৰিজন অৰ্ধসামৰিক জোৱানৰ মৃত্যু হয় ৷ ২০২৪ চনৰ অক্টোবৰৰ পাছত চহৰখনত প্ৰথমটো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় ।

সিন্ধৰ মহাপৰিদৰ্শক জাভেদ আলম ওধোৱে কয় যে উগ্ৰপন্থীয়ে তেওঁলোকৰ বাহনখন মূল গেটত খুন্দা মাৰিছিল আৰু প্ৰথম অৱস্থাত বিস্ফোৰণ হৈছে নে নাই সেয়া নিশ্চিত কৰিব পৰা নাছিল । ডনৰ মতে, ওধোৱে আৰু কয় যে ‘ক্লিয়াৰেন্স অপাৰেশ্বন’ চলি আছে আৰু বিশেষ নিৰাপত্তা ইউনিটৰ কমাণ্ডো, সন্ত্ৰাসবাদী বিৰোধী বাহিনী (ATF) আৰু ৰেঞ্জাৰছৰ জোৱানে অঞ্চলটো ছীল কৰি দিছে ।

Pakistan: 3 paramilitary personnel, 3 terrorists killed in attack at Karachi's Gulistan-i-Jauhar
কৰাচীত সন্ত্ৰাসবাদী আক্ৰমণ (AP)

আৰক্ষীৰ বিশেষজ্ঞ চুমাইয়া চৈয়দে ডনক জনোৱা মতে, এজন অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ ভৰিত গুলী লাগে ৷ আহত অৱস্থাতে তেওঁ চিকিৎসালয়লৈ অনা হয় । ডনত উল্লেখ কৰা মতে, অঞ্চলটোত ধাৰাষাৰ বন্দুকৰ গুলী বৰ্ষণ আৰু বিস্ফোৰণৰ খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় । তাৰ পাছতে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে ।

ৰেচকিউ ১১২২ সিন্ধে জনোৱা মতে, ৫ নং গুলিস্তান-ই-জোহৰ ব্লকৰ ওচৰত বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকৰ কেন্দ্ৰীয় কমাণ্ড আৰু কণ্ট্ৰল চেণ্টাৰৰ পৰা দলসমূহ সেই স্থানলৈ প্ৰেৰণ কৰে । আল জাজিৰাৰ বাতৰি অনুসৰি শনিবাৰে মাজ নিশা পাকিস্তানী তালিবান নামেৰে পৰিচিত তেহৰিক-ই-তালিবান পাকিস্তানৰ এটা বিভাজিত গোট জামাত-উল-আহৰাৰৰ সৈতে জড়িত এটা গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে ।

Karachi Rangers Base Attack
পাকিস্তানৰ কৰাচীত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণ; (ANI)

গোটটোৱে জনোৱা মতে, এই আক্ৰমণত ৯ জন আক্ৰমণকাৰী জড়িত হৈ আছে । আল জাজিৰাৰ মতে, সমগ্ৰ দেশতে পাকিস্তানী নিৰাপত্তা বাহিনীক লক্ষ্য কৰি লোৱা হৈছে । ইয়াৰ পূৰ্বে ৭ ফেব্ৰুৱাৰীত ইছলামবাগৰ উপকণ্ঠ অঞ্চলৰ টাৰলাই কালান অঞ্চলৰ ছিয়া মছজিদত আত্মঘাতী বোমা বিস্ফোৰণৰ খবৰ পোৱাৰ পাছতে পাকিস্তানত থকা আমেৰিকাৰ দূতাবাসে আমেৰিকাৰ নাগৰিকৰ বাবে নিৰাপত্তা সতৰ্কবাণী জাৰি কৰিছিল ।

ইছলামবাগৰ ইমামবাৰগাহত শুকুৰবাৰৰ নামাজৰ সময়ত আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৩১ জন লোক নিহত হোৱাৰ লগতে ১৬৯ জন আহত হয় বুলি বিষয়াসকলৰ উদ্ধৃতিৰে প্ৰতিবেদনত প্ৰকাশ পাইছে । ডনে জনোৱা মতে, শুকুৰবাৰে টাৰলাই অঞ্চলৰ ইমাম্বৰগাহ খাদিজা-তুল-কুব্ৰাত সংঘটিত হয় এই বিস্ফোৰণ ।

ইয়াৰ উপৰিও ইছলামবাদত সংবাদ মাধ্যমৰ আগত স্বৰাজ মন্ত্ৰী তালাল চৌধুৰীয়ে কয় যে যদিও আক্ৰমণকাৰী আফগান নহয়, তথাপিও কৰ্তৃপক্ষই ফৰেনছিক পৰীক্ষাৰ জৰিয়তে নিৰ্ণয় কৰিছে যে তেওঁ কিমানবাৰ আফগানিস্তান ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক : একেৰাহে দ্বিতীয় দিনা ইৰাণৰ ঘাটিত আক্ৰমণ আমেৰিকাৰ; অস্তিত্ব মচি পেলোৱাৰ ভাবুকি ট্ৰাম্পৰ