ওড়িশা উপকূলত ডুবিল পানামাৰ পতাকাবাহী মালবাহী জাহাজ, দুজনক উদ্ধাৰ
৭২,১০০ মেট্ৰিক টন লোহাৰ অক্সাইড ছিংগাপুৰলৈ ৰাওনা হৈছিল জাহাজখন । ২৪ জন লোকৰ সৈতে ডুবিল বংগোপসাগৰত । চালকৰ দলৰ দুজনক উদ্ধাৰ ।


By ANI
Published : August 23, 2026 at 9:24 AM IST
ভূৱনেশ্বৰ: ওড়িশা উপকূলৰ পৰা ২৪০ নটিকেল মাইল দূৰত বংগোপসাগৰত পানামা পতাকাযুক্ত জাহাজ, এম ভি অচেন-উইনাৰ ডুব যায় । খবৰ পোৱা মাত্ৰকে ভাৰতীয় সামুদ্ৰিক কৰ্তৃপক্ষই তৎকালীনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
এই সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আইপিএছ বিষয়াই কয়,"ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ আৰু ভাৰতীয় নৌসেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । বৰ্তমানলৈকে দুজন ব্যক্তিক উদ্ধাৰ কৰা হৈছে ।" ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নিজৰ তিনিখন জাহাজ অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে মোতায়েন কৰিছে ।
আইচিজিৰ মুখপাত্ৰই জনোৱা মতে, মালবাহী জাহাজখনত “২০ জন চীন, তিনিজন ম্যানমাৰৰ আৰু এজন বাংলাদেশ নাগৰিক” আছিল । ওড়িশাৰ পৰা ৭২,১০০ মেট্ৰিক টন লোহাৰ অক্সাইড কঢ়িয়াই ছিংগাপুৰলৈ গৈ আছিল জাহাজখন । ২০ আগষ্টৰ নিশা ১০.৪২ বজাত পাৰাদ্বীপ উপকূলৰ পৰা জাহাজখন ৰাওনা হোৱা বুলি বিষয়াসকলে উল্লেখ কৰে ।
আইচিজিৰ মুখপাত্ৰই জনায়,"শ্ৰীবিজয়মপুৰমস্থিত আইচিজিৰ সামুদ্ৰিক উদ্ধাৰকাৰী কেন্দ্ৰই জাহাজখনৰ সৈতে জড়িত এটা কোম্পানীৰ পৰা এম ভি অচেন-উইনাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ তথ্য লাভ কৰিছিল । য'ত ২৪ জন ক্ৰু সদস্য আছিল । লগতে অনুসন্ধান আৰু উদ্ধাৰৰ বাবে তেওঁলোকক অনুৰোধ জনোৱা হৈছিল ।"
অনুসন্ধান আৰু উদ্ধাৰৰ বাবে অনুৰোধ আহিছিল জাহাজখন পৰিচালনা কৰা কোম্পানী ভিক্টোৰিয়া ষ্টাৰ গ্ৰুপ কোম্পানী লিমিটেডৰ পৰা । জাহাজখনৰ পৰা লাভ কৰা শেষৰটো অৱস্থান প্ৰায় ৩১০ নটিকেল মাইল দূৰত ৩১৭ ইষ্ট আইলেণ্ড লাইটৰ ওচৰত থকা বুলি জানিব পৰা গৈছে ।
আইচিজিৰ মুখপাত্ৰই লগতে কয় যে এমআৰচিচিয়ে ওচৰতে থকা এমটি আইছ’পছ নামৰ বাণিজ্যিক জাহাজখনক “জাহাজখন বা লাইফৰাফ্ট বিচাৰিবলৈ আৰু সহায় আগবঢ়াবলৈ” ডাইভাৰ্ট কৰিছিল আৰু জাহাজখনে দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে ।
আইচিজিৰ জাহাজ 'বৰাদ' আৰু 'আনমল' ক অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টাৰ বাবে নিয়োগ কৰা হৈছে, আনহাতে অভিযানৰ বাবে শ্ৰীবিজয়পুৰমৰ পৰা 'বিজিত'কো নিয়োগ কৰা হৈছে বুলি এগৰাকী বিষয়াই উল্লেখ কৰে । কৰ্তৃপক্ষই আশেপাশে চলাচল কৰি থকা আন জাহাজকো সতৰ্ক কৰি দিয়াৰ লগতে বাকী থকা ক্ৰু সদস্যসকলক বিচাৰি উলিওৱাত সহায় কৰিবলৈ কয় ।

