ETV Bharat / international

সন্ত্ৰাসবাদীৰ ঘাটিত পাকিস্তানৰ আক্ৰমণ; সাধাৰণ নাগৰিকক আক্ৰমণৰ অভিযোগ আফগানিস্তানৰ

সন্ত্ৰাসবাদী ঘাটিত পাকিস্তানৰ বিমান আক্ৰমণ । মহিলা আৰু শিশুকে ধৰি বহু লোক নিহত হোৱাৰ দাবী আফগানিস্তানৰ ।

aliban security personnel walk past a damaged car in the Spin Boldak district of Kandahar province on October 16, 2025, a day after the cross-border clashes between Afghanistan and Pakistan
সন্ত্ৰাসবাদীৰ ঘাটিত পাকিস্তানৰ আক্ৰমণ (AFP)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 2:35 PM IST

3 Min Read
Choose ETV Bharat

ইছলামাবাদ : ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে । তাৰ মাজতে আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ । শেহতীয়া আত্মঘাতী আক্ৰমণৰ প্ৰতিশোধস্বৰূপে পাকিস্তান-আফগানিস্তান সীমান্ত অঞ্চলৰ ৭ টা স্থানত এই আক্ৰমণ চলাই পাকিস্তানে । সীমান্তৰ আফগান ভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ কৰা বুলি দাবী কৰিছে ইছলামাবাদে ।

পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে যোৱা সপ্তাহত ৰমজান আৰম্ভ হোৱাৰ পৰা ৩ টা আক্ৰমণ হৈছে । যাৰ বাবে চোৰাংচোৱাৰ তথ্যক ভিত্তিত পাকিস্তানী তালিবানৰ ৭ টা সন্ত্ৰাসবাদী শিবিৰ আৰু আত্মগোপনৰ স্থানক লক্ষ্য কৰি লোৱা হৈছে ।

মন্ত্ৰালয়ে জনোৱা মতে দুসপ্তাহ পূৰ্বে ইছলামাবাদৰ ছিয়া মছজিদত সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণ আৰু শনিবাৰেও উত্তৰ-পশ্চিম পাকিস্তানত শেহতীয়াকৈ সংঘটিত হোৱা অন্যান্য আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ কৰা হৈছে ।

বিভাগীয় মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে এক্সত প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে পাকিস্তানে ইছলামিক ষ্টেট গোটৰ এটা সংযুক্ত সংস্থাকো লক্ষ্য কৰি লৈছে । অৱশ্যে পোষ্টটোত আক্ৰমণৰ স্থান উল্লেখ কৰা হোৱা নাই বা এই সন্দৰ্ভত অধিক তথ্য দিয়া হোৱা নাই ।

কিন্তু আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে দেওবাৰে এক্সৰ এটা পোষ্টত কয়, "পাকিস্তানে নাংগাৰহৰ আৰু পাক্তিকা প্ৰদেশত আমাৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি বোমা বিস্ফোৰণ কৰিছে । মহিলা আৰু শিশুকে ধৰি কেইবা ডজন লোক শ্বহীদ আৰু আহত হৈছে ।"

উল্লেখ্য যে, ২০০৮ চনত মেৰিয়েট হোটেলত সংঘটিত বোমা বিস্ফোৰণৰ পিছত ইছলামাবাদত সংঘটিত হোৱা আটাইতকৈ ভয়ংকৰ আক্ৰমণত কমেও ৪০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬০ জনতকৈ অধিক লোক আহত হোৱা মছজিদ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল ইছলামিক ষ্টেট গোটে । দেওবাৰে পাকিস্তানে কয় যে ইছলামাবাদে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো কাবুলৰ তালিবান কৰ্তৃপক্ষই পাকিস্তানত আক্ৰমণ চলাবলৈ আফগান ভূখণ্ড ব্যৱহাৰ কৰা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে ।

লগতে কোৱা হৈছে যে পাকিস্তানে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে সদায় চেষ্টা কৰি আহিছে যদিও একে সময়তে নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ হৈয়ে আছে ।

ইছলামাবাদে আন্তঃৰাষ্ট্ৰীয় সমাজকো আহ্বান জনাইছে যে কাবুলক যোৱা বছৰত হোৱা দোহা চুক্তিৰ অধীনত আন দেশৰ বিৰুদ্ধে শত্ৰুতাপূৰ্ণ কাৰ্যক সমৰ্থন নকৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান জনায় । ২০২১ চনত কাবুলত তালিবান কৰ্তৃপক্ষই পুনৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছত আফগানিস্তান আৰু পাকিস্তানৰ মাজত ক্ৰমান্বয়ে তিক্ত বিবাদ আৰম্ভ হৈছে ।

যোৱা কেইমাহমানত সীমান্তত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে । অক্টোবৰৰ সংঘৰ্ষত ৭০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয় । তাৰ পিছতে কাটাৰ আৰু তুৰস্কৰ মধ্যস্থতাত যুদ্ধবিৰতি চুক্তি হয় । কিন্তু দোহা আৰু ইস্তানবুলত পৰৱৰ্তী কেইবাটাও পৰ্যায়ৰ আলোচনাই স্থায়ী চুক্তি সম্পন্ন কৰাত ব্যৰ্থ হৈছে ।

লগতে পঢ়ক :অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পাকিস্তান সেনাৰ অভিযান; ২৫ সন্ত্ৰাসবাদী নিহত