অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পাকিস্তান সেনাৰ অভিযান; ২৫ সন্ত্ৰাসবাদী নিহত
খাইবাৰ পাখতুনখৱা প্ৰদেশত পাকিস্তানী সেনাৰ বৃহৎ সফলতা । সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ ।

By PTI
Published : October 27, 2025 at 10:54 AM IST
পেছোৱাৰ : পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে পাকিস্তানৰ খাইবাৰ পাখতুনখৱা প্ৰদেশত পাকিস্তানী সেনাৰ বৃহৎ সফলতা । পাকিস্তানৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে আফগানিস্তানৰ পৰা বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিৰোধ কৰাৰ সমান্তৰালভাৱে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ৪ টা আত্মঘাতী বোমাৰুকে ধৰি ২৫ টা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছে । সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৫ গৰাকী নিৰাপত্তাৰক্ষীও নিহত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।
শুকুৰবাৰে নিশা উত্তৰ ৱাজিৰিস্তান আৰু কুৰাম জিলাত চলোৱা দুয়োটা অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰে । কুৰাম জিলাৰ ঘাকী আৰু উত্তৰ ৱাজিৰিস্তান জিলাৰ স্পিনৱামৰ সমীপত আফগানিস্তানৰ পৰা পাকিস্তানত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দুটা বৃহৎ সন্ত্ৰাসবাদীৰ দলৰ গতিবিধি নিৰাপত্তা বাহিনীয়ে প্ৰত্যক্ষ কৰে ।
বিবৃতিটোত কোৱা হৈছে যে সেনাই সন্ত্ৰাসবাদীৰ দলৰ সৈতে সংঘৰ্ষত লিপ্ত হয় য'ত ফিটনা আল খোৱাৰিজৰ ৪ টা আত্মঘাতী বোমাৰুকে ধৰি ১৫ টা সন্ত্ৰাসবাদী নিহত হয় । পাকিস্তান চৰকাৰে যোৱা বছৰ নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানক "ফিটনা আল-খাৱাৰিজ" বুলি ঘোষণা কৰিছিল ।
বিবৃতিত লগতে কোৱা হৈছে যে একেদিনাই কুৰাম জিলাৰ ঘাকীত আৰু ১০ টা অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে নিহত সন্ত্ৰাসবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে ।
বিবৃতিটোত কোৱা হৈছে, "তাৎপৰ্যপূৰ্ণভাৱে ফিটনা আল খাৱাৰিজৰ এই অনুপ্ৰৱেশৰ প্ৰচেষ্টা এনে সময়ত কৰা হৈছে যেতিয়া পাকিস্তান আৰু আফগানিস্তানৰ বিভিন্ন গোটে সংঘৰ্ষত লিপ্ত হৈছে । অঞ্চলটোত থকা বাকী সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে বুলিও সামৰিক বাহিনীয়ে জনাইছে ।
পাকিস্তানত বিশেষকৈ খাইবাৰ পাখতুনখৱা আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী আক্ৰমণৰ উত্থান ঘটিছে । সন্ত্ৰাসবাদীসকলে আৰক্ষী, নেতা আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি লোৱা দেখা গৈছে । ২০২২ চনত নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানে চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তি ভংগ কৰাৰ পিছতে এই আক্ৰমণ বৃদ্ধি পাইছে । যোৱা সপ্তাহত সমগ্ৰ খাইবাৰ পাখতুনখৱাত একাধিক অভিযানৰ সময়ত নিৰাপত্তা বাহিনীৰ হাতত ৩৪ টা সন্ত্ৰাসবাদী নিহত হৈছে ।

