ETV Bharat / international

ইমৰাণ খান আৰু তেওঁৰ পত্নীক অকলশৰীয়া কাৰাগাৰত নাৰাখিবলৈ নিৰ্দেশ পাক উচ্চ ন্যায়ালয়ৰ

২০২৩ চনৰ আগষ্ট মাহৰ পৰা ইমৰাণ খান কাৰাগাৰত থকাৰ বিপৰীতে ২০২৪ চনৰ ৩১ জানুৱাৰীত প্ৰথমবাৰৰ বাবে বুছৰা বিবিকো কাৰাগাৰত ভৰোৱা হৈছিল ।

Imran Khan
ইমৰাণ খান (ফাইল ফটো) (ANI)
author img

By PTI

Published : September 1, 2026 at 4:23 PM IST

5 Min Read
Choose ETV Bharat

ইছলামাবাদ : পাকিস্তানৰ উচ্চ ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুছৰা বিবিক যাতে অকলশৰীয়া কাৰাগাৰত নাৰাখে তাৰ বাবে জে'ল কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।

ক্ৰিকেটাৰৰ পৰা অৱসৰৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰা ৭৩ বছৰীয়া ইমৰাণ খান আৰু তেওঁৰ পত্নী বৰ্তমান ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ আছে । দুয়োৱে দুৰ্নীতি আৰু আনুষংগিক গোচৰত দীৰ্ঘদিনীয়া কাৰাদণ্ড ভুগি আছে ।

ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ খাদিম হুছেইন ছুমৰোৱে ইমৰাণ খান আৰু বুছৰা বিবিক একাকীত্ব কৰি ৰখাৰ অভিযোগ উত্থাপন কৰা আবেদনসমূহৰ প্ৰতি সঁহাৰি জনাই এই ৰায় ঘোষণা কৰে ।

তদুপৰি আদালতে ইমৰাণ খানৰ পৰিয়ালৰ সদস্যক জে'লৰ নিয়ম আৰু নিৰ্দেশনা অনুসৰি তেওঁক লগ কৰিবলৈ অনুমতি দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ পুত্ৰসকলৰ মাজত টেলিফোনিক বাৰ্তালাপৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।

ইছলামাবাদ হাইকোৰ্টে আদিয়ালা জে'ল কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে ইমৰাণ খানক দৈনিক বাতৰিকাকত আৰু কিতাপ যোগান ধৰিব লাগে আৰু জে'লৰ নিয়ম অনুসৰি তেওঁ যাতে চিকিৎসাৰ সুবিধা লাভ কৰে ।

আদিয়ালা জে'লৰ অধীক্ষকক আদালতৰ নিৰ্দেশ কাৰ্যকৰী কৰাটো নিশ্চিত কৰিবলৈ আৰু ১৫ দিনৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয় ।

ইয়াৰ পূৰ্বে ন্যায়াধীশ ছুমৰোৱে ৬ আগষ্টত ইমৰাণ খানৰ ভগ্নী আলিমা খানুম আৰু বুছৰা বিবিৰ কন্যা মুবাশ্ৰা খাৱাৰ মানেকাই পৃথকে পৃথকে দাখিল কৰা আবেদনৰ ওপৰত ৰায়দান সংৰক্ষণ কৰি ৰাখিছিল । তেওঁলোকৰ আবেদনত দুয়োকে কাৰাগাৰত অকলশৰে ৰাখি কাৰাদণ্ড প্ৰদানক প্ৰত্যাহ্বান জনাইছিল ।

ইমৰাণ খান আৰু তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে ইমৰাণ খানক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে দোষী সাব্যস্ত কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে । ২০২৩ চনৰ আগষ্ট মাহৰ পৰা তেওঁ কাৰাগাৰত আছে ।

তেওঁৰ সমৰ্থক আৰু আত্মীয়ই বাৰে বাৰে অভিযোগ কৰি আহিছে যে কৰ্তৃপক্ষই তেওঁৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰা আৰু পৰ্যাপ্ত চিকিৎসা সেৱাৰ সুবিধা প্ৰদান নিষিদ্ধ কৰিছে । অৱশ্যে এনে অভিযোগ চৰকাৰে নাকচ কৰিছে ।

উল্লেখ্য যে দুৰ্নীতি সম্পৰ্কীয় গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০২৪ চনৰ ৩১ জানুৱাৰীত প্ৰথমবাৰৰ বাবে বুছৰা বিবিক কাৰাগাৰত ভৰোৱা হৈছিল আৰু প্ৰায় ৯ মাহৰ কাৰাদণ্ডৰ অন্তত সেই বছৰৰ ২৪ অক্টোবৰত জামিনত মুকলি কৰি দিয়া হৈছিল ।

ইয়াৰ পিছত দুৰ্নীতি সম্পৰ্কীয় আন এটা গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০২৫ চনৰ ১৭ জানুৱাৰীত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু তাৰ পিছৰ পৰা দুৰ্নীতি সম্পৰ্কীয় গোচৰত অতিৰিক্ত শাস্তি লাভ কৰি আদিয়ালা জে'লত কাৰাবন্দী হৈ আছে ।

ইফালে এক পৃথক আবেদনত ইমৰাণ খানৰ ভগ্নী উজমা খানে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ব্যক্তিগত চিকিৎসালয়লৈ বদলি কৰাৰ নিৰ্দেশ দিয়া ১৮ আগষ্টৰ আদেশ অমান্য কৰাৰ অভিযোগ উত্থাপন কৰে । এই অভিযোগ উত্থাপন কৰি তেওঁ চৰকাৰী বিষয়াৰ বিৰুদ্ধে উত্থাপিত অৱজ্ঞাৰ আবেদনৰ আগতীয়া শুনানিৰ বাবে জনোৱা আবেদন সোমবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে বুলি ডন নিউজে প্ৰকাশ কৰিছে ।

উচ্চতম ন্যায়ালয়ে তেওঁৰ পূৰ্বৰ অৱজ্ঞাৰ আবেদনৰ শুনানিৰ বাবে ১৬ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰাৰ পিছত উজমাই এই অনুৰোধ জনায় ।

তেওঁৰ স্বাস্থ্যৰ অৱনতি আৰু বিশেষকৈ চলিত বৰ্ষৰ আৰম্ভণিতে ধৰা পৰা চকুৰ অৱস্থাটোক লৈ পৰিয়াল আৰু সমৰ্থকসকলে কেইবামাহো ধৰি উদ্বেগ প্ৰকাশ কৰাৰ পিছত ১৮ আগষ্টত উচ্চতম ন্যায়ালয়ে ইমৰাণ খানক ব্যক্তিগতভাৱে পৰিচালিত শ্বিফা আন্তঃৰাষ্ট্ৰীয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছিল ।

অৱশ্যে ২০ আগষ্টৰ মাজনিশা ইমৰাণ খানক শ্বিফা হাস্পতালৰ পৰিৱৰ্তে চিকিৎসা পদ্ধতি আৰু নিদানমূলক পৰীক্ষাৰ বাবে চৰকাৰী পাকিস্তান চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হয় । পৰৱৰ্তী সময়ত তেওঁক পুনৰ আদিয়ালা জে'ললৈ লৈ যোৱা হয় ।

উজমাৰ আবেদনত যুক্তি দিয়া হৈছিল যে এই সিদ্ধান্তই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে, য’ত ইমৰাণ খানক ১৬ ছেপ্টেম্বৰৰ পৰৱৰ্তী শুনানিলৈকে ইছলামাবাদ চিকিৎসালয়ত ভৰ্তি হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

কিন্তু নিৰাপত্তাজনিত চিন্তাৰ উদ্ধৃতি দি চৰকাৰে তেওঁক পিআইএমএছলৈ নিয়াৰ সিদ্ধান্তৰ পক্ষ লয় ।

এই অৱমাননা আবেদনখনৰ ওপৰত ন্যায়াধীশ শ্বাহিদ ৱাহিদ, নৈম আখতাৰ আফগান আৰু ইষ্টিয়াক ইব্ৰাহিমৰ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত ১৬ ছেপ্টেম্বৰত শুনানিৰ বাবে স্থিৰ কৰা হৈছে । একেখন বিচাৰপীঠতে খানৰ স্বাস্থ্য আৰু পৰিয়ালৰ বৈঠক সম্পৰ্কীয় বিচাৰাধীন গোচৰৰ শুনানিও লোৱাৰ কথা।

ডন নিউজে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে উচ্চতম ন্যায়ালয়ে নিজৰ গোচৰ নিৰ্ধাৰণ নীতিৰ অধীনত আগতীয়া শুনানিৰ বাবে কৰা অনুৰোধ নাকচ কৰি একেটা শ্ৰেণীৰ আন ৯৪ খন অপৰাধমূলক মূল আবেদন উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ থকা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :নেপালী দূতাবাসত ৰাজনাথ সিং: আকস্মিক বানৰ ধ্বংসলীলাক লৈ শোকবাৰ্তা
লগতে পঢ়ক :যুদ্ধৰ পিছত প্ৰথমবাৰলৈ ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানক সাক্ষাৎ মোদীৰ