মাজনিশা ইউক্ৰেইনৰৰ ৰাজধানীত ৰাছিয়াৰ মিছাইল আৰু ড্ৰোণ আক্ৰমণ
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে আগতেই সকীয়াই দিছিল যে চোৰাংচোৱা তথ্যই ইংগিত দিছে ৰাছিয়াই ৰাজধানীখনৰ ওপৰত আন এক “বৃহৎ আক্ৰমণ”ৰ প্ৰস্তুতি চলাইছে ।


By ANI
Published : July 2, 2026 at 8:51 AM IST
কিয়ভ: ইউক্ৰেইনৰ ৰাজধানী কিয়ভত ৰাছিয়াই নিশাটোৰ ভিতৰতে মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলাই একাধিক বিস্ফোৰণ আৰু আৱাসিক অট্টালিকাৰ ক্ষতিসাধন কৰা বুলি জানিব পৰা গৈছে । নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰিছে এই খবৰ ৷
কাকতখনৰ প্ৰতিবেদন অনুসৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে আগতেই সকীয়াই দিছিল যে চোৰাংচোৱা তথ্যই ইংগিত দিছে ৰাছিয়াই ৰাজধানীখনৰ ওপৰত আন এক “বৃহৎ আক্ৰমণ”ৰ প্ৰস্তুতি চলাইছে । তেওঁ বাসিন্দাসকলক বিমান আক্ৰমণৰ এলাৰ্মৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু “বিশেষকৈ সাৱধান” হ’বলৈ আহ্বান জনায় ।
বুধবাৰে মাজনিশা (স্থানীয় সময় অনুসৰি) সমগ্ৰ কিয়ভত বিমান আক্ৰমণৰ চাইৰেন বাজিছিল, তাৰ পিছত “আক্ৰমণাত্মক” ড্ৰ’ন আৰু বেলিষ্টিক মিছাইলৰ আক্ৰমণ চলে । ধাৰাবাহিকভাৱে শক্তিশালী বিস্ফোৰণে চহৰখন কঁপাই তোলাৰ পূৰ্বে বাসিন্দাসকলে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ পৰা ধাৰাবাহিক গুলীৰ শব্দ শুনা বুলি জনাইছে । মহানগৰীৰ মাজমজিয়াত বৃহৎ অগ্নিকাণ্ডকে ধৰি কেইবাটাও স্থানত অগ্নিকাণ্ড সংঘটিত হয় ।
ইউক্ৰেইনৰ আকাশমাৰ্গত বেলিষ্টিক মিছাইল প্ৰৱেশ কৰাৰ লগে লগে কিয়ভৰ মেয়ৰ ভিটালি ক্লিচ্কোৱে মানুহক আশ্ৰয় শিবিৰত থাকিবলৈ আহ্বান জনায় । দ্য নিউয়ৰ্ক টাইমছৰ মতে, নিশা ২ বজাৰ আশে-পাশে (স্থানীয় সময় অনুসৰি) আন এক ধাৰাবাহিক শক্তিশালী বিস্ফোৰণ সংঘটিত হয় ।
পিছত ক্লিচ্চকোৱে কয় যে জৰুৰীকালীন ক্ৰুৱে ৯ মহলীয়া এপাৰ্টমেণ্ট বিল্ডিং ভাঙি পৰাত সাহায্য অভিযান চলায়, য’ত মানুহ আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে কমেও দুখন জিলাত অগ্নিকাণ্ডৰ সৈতে যুঁজি আছিল । ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ পৰিসৰ তৎক্ষণাত জানিব পৰা হোৱা নাই যদিও ক্লিচ্কোৱে কয় যে পাঁচজন চিকিৎসা কৰ্মী আহত হৈছে ।
যুদ্ধৰ অন্ত পেলাবলৈ মস্কোৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ প্ৰয়াসত ইউক্ৰেইনে মস্কোত দীৰ্ঘ দূৰত্বৰ ড্ৰোন আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ সময়তে, ৰাছিয়াৰ ইন্ধন যোগানক লক্ষ্য কৰি লোৱা আৰু ২০১৪ চনত ৰাছিয়াই নিজৰ অন্তৰ্ভুক্ত কৰা ক্ৰিমিয়াত আক্ৰমণ চলোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত কৰিছে ।
ইউক্ৰেইনলৈ উভতি অহাৰ পূৰ্বে আয়াৰলেণ্ডত ভাষণ দি জেলেনস্কিয়ে কয়, "পুটিনে যুঁজি থাকিব বিচাৰে। সেইবাবেই তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব যাতে তেওঁৰ বাবে এই যুদ্ধ অব্যাহত ৰখাটো অসম্ভৱ ।"
ইয়াৰ পূৰ্বে ২৫ জুনত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে ইউৰোপৰ সংঘাতৰ মাজতে ইউক্ৰেইনক সামৰিক সাহায্য অব্যাহত ৰখাৰ সন্দৰ্ভত আমেৰিকাক সকীয়াই দিছিল আৰু লক্ষ্য কৰিছিল যে ৱাশ্বিংটনৰ এনে কাৰ্যই আঞ্চলিক আৰু বিশ্বৰ স্থিতিশীলতাৰ বাবে “অপ্ৰত্যাশিত পৰিণতি”ৰ সৃষ্টি কৰিব পাৰে ।
সাপ্তাহিক সংবাদমেলত ভাষণ দি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয় যে ইউক্ৰেইনলৈ অস্ত্ৰ হস্তান্তৰক লৈ মস্কোৱে বাৰে বাৰে ৱাশ্বিংটনক নিজৰ উদ্বেগ প্ৰকাশ কৰি আহিছে, লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে বেলাৰুছ সন্দৰ্ভত শেহতীয়াকৈ কৰা মন্তব্যৰ বাবে “সন্ত্রাসবাদী স্বভাৱ” প্ৰদৰ্শন কৰাৰ অভিযোগো উত্থাপন কৰিছে ।
জাখাৰোভাই কয় যে ৱাশ্বিংটনৰ সৈতে হোৱা আলোচনাত আমি বাৰে বাৰে জোৰ দিছো যে কিয়ভ শাসনক সামৰিক সঁজুলি যোগান ধৰাৰ ফলত আঞ্চলিক আৰু বিশ্বব্যাপী স্থিতিশীলতাৰ বাবে অভাৱনীয় পৰিণতি হ’ব পাৰে ।
লগতে পঢ়ক: আস্থা, সমতা আৰু সন্মানৰ ভিত্তিত ভাৰতৰ সৈতে সম্পৰ্ক বৰ্তাই ৰখাৰ আগ্ৰহ বাংলাদেশৰ

