ETV Bharat / international

ছৌদি আৰৱত ভয়ংকৰ বাছ দুৰ্ঘটনা: ৪০ৰো অধিক ভাৰতীয়ৰ মৃত্যু

ছোদি আৰৱত ভাৰতীয় হজযাত্ৰীৰ বাছ দুৰ্ঘটনা । নিহত অধিকাংশই হায়দৰাবাদৰ । তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু সাংসদ ওৱেইছিৰ শোকপ্ৰকাশ ।

Screengrab of the accident visual
ছৌদি আৰৱত ভয়ংকৰ বাছ দুৰ্ঘটনা (ETV Bharat)
author img

By ANI

Published : November 17, 2025 at 12:54 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ছৌদি আৰৱত ভয়ংকৰ পথ দুৰ্ঘটনা । মদিনাৰ সমীপত উমৰাহ হজযাত্ৰী লৈ যোৱা এখন বাছে ডিজেল টেংকাৰত খুন্দা মৰাৰ ফলত ৪০ জনতকৈ অধিক ভাৰতীয়ৰ মৃত্যুৰ খবৰ পোৱা গৈছে । খবৰ অনুসৰি বাছখন মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাতে দেওবাৰে ছৌদি আৰৱৰ সময় অনুসৰি নিশা প্ৰায় ১১ বজাত দুৰ্ঘটনাত পতিত হয় বাছখন । খবৰ অনুসৰি এই দুৰ্ঘটনাত নিহতসকলৰ বেছিসংখ্যকেই তেলেংগানাৰ বাসিন্দা আছিল ।

এই ঘটনা নিশ্চিত কৰি জেদ্দাত থকা ভাৰতৰ কনছুলেট জেনেৰেলে কয় যে তেওঁলোকে ২৪/৭ কণ্ট্ৰল ৰূম স্থাপন কৰিছে আৰু সহায় বিচৰাসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে ।

ছৌদি আৰৱত ভয়ংকৰ বাছ দুৰ্ঘটনা: ৪০ৰো অধিক ভাৰতীয়ৰ মৃত্যু (ETV Bharat)

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও গভীৰ উদ্বেগ প্ৰকাশ কৰি কয়, "ছৌদি আৰৱৰ মদিনাত দুৰ্ঘটনাত ভাৰতীয় নাগৰিকৰ মৃত্যুত মৰ্মাহত হৈছো । ৰিয়াদত থকা আমাৰ দূতাবাস আৰু জেদ্দাত থকা কনছুলেটে এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিক আৰু পৰিয়ালসমূহক পূৰ্ণ সহযোগিতা আগবঢ়াইছে । শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলো ।"

প্ৰাথমিক খবৰ অনুসৰি নিহতসকলৰ ১৬ গৰাকী মল্লেপল্লীৰ বাসিন্দা হোৱাৰ বিপৰীতে আন একাংশ টোলী চক, তপ্পাচাবুত্ৰা, আছিফনগৰ আৰু গোছামহলৰ বুলি জানিব পৰা গৈছে । ইয়াৰে বহুতেই স্থানীয় ট্ৰেভেল এজেন্সিৰ জৰিয়তে তীৰ্থ ভ্ৰমণৰ বাবে পেকেজ বুকিং কৰিছিল ।

ভুক্তভোগীৰ পৰিয়ালৰ লোকে জনোৱা মতে, ৪৫ গৰাকী লোকে আল মক্কা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে যাত্ৰা কৰিছিল আৰু আন কেইবাজনো লোকে মালেপালীস্থিত ট্ৰেভেল এজেন্সীৰ জৰিয়তে ভ্ৰমণ কৰিছিল । এজন আত্মীয়ই জনোৱা মতে বাছখনত ৩ গৰাকী মহিলাকে ধৰি তেওঁলোকৰ পৰিয়ালৰ ৬ জন সদস্য আছিল । মদিনাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি নিশাই তথ্য লাভ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে ।

ভুক্তভোগীৰ এজন আত্মীয়ই কয়, "কি হৈছিল সেই সন্দৰ্ভত আমি এতিয়াও সম্পূৰ্ণ সবিশেষ জানিব পৰা নাই । দুৰ্ঘটনাটোৰ বিষয়ে জানিব পৰাৰ লগে লগে আমি সাংসদ আছাদুদ্দিন ওৱেইছিৰ সৈতে যোগাযোগ কৰিছোঁ ।"

ছৌদি আৰৱত ভাৰতীয় তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা বাছ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে । তেলেংগানা চৰকাৰে ৰিয়াদত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে । এক আনুষ্ঠানিক বিবৃতিত ৰাজ্য চৰকাৰে নিশ্চিত কৰিছে যে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে নতুন দিল্লীৰ বিষয়াসকলক সতৰ্ক কৰি দিছে আৰু দূতাবাস কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ নিৰ্দেশ দিছে ।

হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়েও এই দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰে আৰু কেন্দ্ৰৰ পৰা তাৎক্ষণিক ব্যৱস্থাৰ আহ্বান জনায় । ওৱেইছিয়ে কয় যে তেওঁ ৰিয়াদত থকা ভাৰতীয় দূতাবাসৰ মিছনৰ বিষয়া আবু মেথেন জৰ্জৰ সৈতে কথা পাতিছে আৰু তেওঁলোকে এই বিষয়ে তথ্য সংগ্ৰহ কৰি আছে আশ্বাস প্ৰদান কৰিছে । তেওঁ লগতে কয় যে তেওঁ হায়দৰাবাদৰ দুটা ট্ৰেভেল এজেন্সীৰ সৈতেও যোগাযোগ কৰিছে আৰু যাত্ৰীসকলৰ সবিশেষ ৰিয়াদ দূতাবাস আৰু বৈদেশিক সচিবৰ সৈতে শ্বেয়াৰ কৰিছে ।

কেন্দ্ৰক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই ওৱেইছিয়ে কয়, "মই কেন্দ্ৰীয় চৰকাৰক, বিশেষকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰক অনুৰোধ কৰিছো যে মৃতদেহবোৰ ভাৰতলৈ ঘূৰাই আনিব লাগে আৰু যদি কোনো লোক আহত হয়, তেন্তে তেওঁলোকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগে ।"

লগতে পঢ়ক :৫ দিনৰ অন্তত খুলি দিয়া হ'ল লালকিল্লা মেট্ৰ' ষ্টেচনৰ আটাইকেইখন গেট