গণহত্যাৰ গোচৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড
৪৫৩ পৃষ্ঠাৰ ৰায়টো ৬ টা পৃথক পৃথক অধ্য়ায়ত বিভাগ কৰা হয় ৷ প্রায় ৪০ মিনিটৰো অধিক সময় ধৰি এই ৰায় পাঠ কৰে ন্যায়াধীশে ৷

Published : November 17, 2025 at 2:53 PM IST
ঢাকা : বিপদত নিৰ্বাসিত প্ৰাক্তন বাংলাদেশী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা । মানৱতা বিৰোধী অপৰাধত দোষী সাব্যস্ত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ বাংলাদেশৰ আন্তর্জাতিক অপৰাধ ট্রাইবুনেলে তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়ে ৷
সোমবাৰে ট্রাইবুনেলৰ ১-এ বিচাৰপীঠৰ ন্যায়াধীধ মহম্মদ গোলাম মর্তুজা মজুমদাৰৰ নেতৃত্বাধীন তিনিজনীয়া সদস্যৰ পেনেলে এই ৰায় প্ৰদান কৰে ৷ ৪৫৩ পৃষ্ঠাৰ ৰায়টো ৬ টা পৃথক পৃথক অধ্য়ায়ত বিভক্ত কৰা হয় ৷ এই ৰায় প্রায় ৪০ মিনিটৰো অধিক সময় ধৰি ন্যায়াধীশে পঢ়ি শুনায় ৷ ট্রাইবুনেলৰ আন দুগৰাকী সদস্য হৈছে ন্যায়াধীশ মহম্মদ চফিউল আলম মাহমুদ আৰু মহম্মদ মোহিতুল হক এনাম চৌধুৰী ।
উল্লেখ্য যে দীর্ঘদিন ধৰি এই গোচৰৰ শুনানি অনুষ্ঠিত হয় ৷ বিভিন্ন সময়ত চৰকাৰী পক্ষৰ পৰা আদালতত মুখ্য চৰকাৰী অধিবক্তা মহম্মদ তাজুল ইছলামৰ পৰা আৰম্ভ কৰি অধিবক্তা মিজানুল ইছলাম, গাজী এম এইচ তামিম আৰু ফাৰুক আহাম্মদে শুনানিত অংশগ্ৰহণ কৰে ৷ ১৩ নৱেম্বৰত গোচৰৰ শুনানি শেষ হয় ৷ উক্ত শুনানিত চৰকাৰী পক্ষৰ হৈ অংশগ্ৰহণ কৰে দেশখনৰ এটর্নী জেনেৰেলে ৷
#WATCH | Dhaka, Bangladesh | Visuals from outside the International Crimes Tribunal (ICT) ahead of the announcement of the verdict in the case accusing ousted Prime Minister Sheikh Hasina, former home minister Asaduzzaman Khan Kamal, and former Inspector General of Police… pic.twitter.com/os5ByqTkgy
— ANI (@ANI) November 17, 2025
উল্লেখ্য যে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান সন্দৰ্ভত আন্তৰাষ্ট্ৰীয় স্তৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে ঢাকাৰ এখন বিশেষ ন্যায়াধিকৰণে যোৱা বছৰৰ গণ বিদ্ৰোহৰ সৈতে জড়িত মানৱতাবিৰোধী অপৰাধৰ অভিযোগত বাংলাদেশৰ বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আন এজনক মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ সময়তে ৰাইটছ এণ্ড ৰিস্কছ এনালাইছিছ গ্ৰুপে (আৰ আৰ এ জি) কয় যে এই ৰায়দান এক ৰাজনৈতিক প্ৰহসন আৰু ই ন্যায্য বিচাৰৰ বাবে মৌলিক আন্তঃৰাষ্ট্ৰীয় মান পূৰণ নকৰে ।
"শ্বেখ হাছিনাৰ অনুপস্থিতিত হোৱা বিচাৰ প্ৰক্ৰিয়াই ন্যায্য বিচাৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ মৌলিক মান উলংঘা কৰে । বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে শ্বেখ হাছিনাৰ প্ৰত্যৰ্পণৰ কাম ভাৰতৰ সৈতে অনুসৰণ কৰা নাছিল । বাংলাদেশৰ হাতত যদি কোনো প্ৰমাণ থাকিলহেঁতেন তেন্তে হাছিনাৰ প্ৰত্যৰ্পণৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব পাৰিলেহেঁতেন ।" গ্ৰুপটোৰ সঞ্চালক সুহাস চাকমাই কয় ।
তেওঁ লগতে কয়, "আইনৰ শাসন মানি চলা যিকোনো দেশেই ন্যায্য বিচাৰৰ মান পূৰণ কৰিবলৈ অভিযুক্তক প্ৰত্যৰ্পণ বিচাৰিব লাগে, ঠিক যেনেকৈ ভাৰতে পৰ্তুগালৰ উচ্চতম ন্যায়ালয়ৰ সন্মুখত আবু চালেমৰ প্ৰত্যৰ্পণৰ বাবে যুঁজিছিল আৰু বৰ্তমান বেলজিয়ামৰ আদালতত মেহুল চোকছিৰ প্ৰত্যৰ্পণৰ বাবে যুঁজি আছে । কাৰণ বাংলাদেশৰ হাতত কোনো প্ৰমাণ নাই আৰু সেয়েহে প্ৰধানমন্ত্ৰী হাছিনা আৰু তেওঁৰ সহযোগীসকলক কেংগাৰু আদালতৰ বিচাৰত শাস্তি দিয়াৰ সিদ্ধান্ত লৈছে ।"
উল্লেখ্য যে ৰাইটছ এণ্ড ৰিস্কছ এনালাইছিছ গ্ৰুপ (আৰ আৰ এ জি) হৈছে নতুন দিল্লীত অৱস্থিত এটা স্বতন্ত্ৰ সংস্থা । ইয়াত আইনৰ শাসন আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা উলংঘা ৰোধৰ বাবে বিপদাংশকা বিশ্লেষণ কৰা হয় ।
আৰ আৰ এ জিয়ে আগতীয়াকৈ সতৰ্কবাণী প্ৰদান কৰে আৰু সংঘাতৰ প্ৰসাৰ বা স্থায়ীকৰণত অৰিহণা যোগোৱা ৰাষ্ট্ৰ আৰু অনা ৰাষ্ট্ৰীয় কাৰকবোৰৰ নীতি আৰু কাৰ্যসূচীৰ বিশ্লেষণ প্ৰদান কৰে ।
"ৰংপুৰৰ বেগম ৰুকেয়া বিশ্ববিদ্যালয়ৰ সমীপত আবু ছায়েদৰ হত্যা, যোৱা বছৰ ঢাকাৰ চানখৰপুলত ছয়জন নিৰস্ত্ৰ প্ৰতিবাদকাৰী আৰু আশুলিয়াত ছয়জন ছাত্ৰক হত্যা কৰাৰ অভিযোগ অন্যসকলৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাৰ বিৰুদ্ধে উত্থাপন হৈছিল । এই অপৰাধৰ প্ৰকৃত দোষীৰ নামো অভিযোগনামাত উল্লেখ নকৰাকৈ প্ৰধানমন্ত্ৰী হাছিনাৰ বিৰুদ্ধে কেনেকৈ অভিযোগ উত্থাপন কৰিব পাৰিব ? আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল-মামুন এই অপৰাধৰ অনুমোদনদাতা হ’ব নোৱাৰে, কাৰণ তেওঁ অপৰাধস্থলীত উপস্থিত নাছিল ।" চাকমাই কয় ।
প্ৰমাণৰ বিষয়ে বৰ্ণনা কৰি সোমবাৰে ৰায়দানৰ সময়ত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়, হিউমেন ৰাইটছ ৱাচ, বিবিচি আদিৰ প্ৰতিবেদনক প্ৰমাণ হিচাপে উল্লেখ কৰে ।
“মৃত্যুদণ্ড প্ৰদান কৰাৰ সময়ত অ’ এইচ চি এইচ আৰ, এইচ আৰ ডব্লিউ বা বিবিচিৰ প্ৰতিবেদনসমূহ নিজেই প্ৰমাণ হ’ব নোৱাৰে, যদিহে তেওঁলোকৰ প্ৰতিনিধিয়ে প্ৰতিবেদনসমূহত থকা বিতৰ্কক প্ৰমাণ কৰিবলৈ অধিক সমৰ্থনমূলক প্ৰমাণৰ সৈতে সাক্ষ্য নিদিয়ে ।" চাকমাই কয় ।
তেওঁ লগতে কয়, "এই সাক্ষীসকলৰ সাক্ষ্য বা এই সাক্ষীসকলৰ ক্ৰছ এক্সাম বিচাৰৰ সময়ত হোৱা নাই । বিচাৰ প্ৰক্ৰিয়াটোও ভুক্তভোগীৰ ন্যায়ৰ ক্ষেত্ৰত ভেঙুচালি, কাৰণ প্ৰকৃত দোষীক শাস্তি দিয়া হোৱা নাই ।"

