বাংলাদেশত পুনৰ গুলীয়াই হত্যা আন এজন হিন্দুক
মৈমনসিঙৰ চুলতানা চুৱেটাৰ লিমিটেডৰ কাৰখানাত সংঘটিত হয় এই ঘটনা ।

By ANI
Published : December 30, 2025 at 8:27 PM IST
ঢাকা(বাংলাদেশ): মৈমনসিঙৰ উপ-জিলা ভালুকত সহকৰ্মীৰ গুলীত নিহত বাজেন্দ্ৰ বিশ্বাস(৪০) নামৰ এজন সদস্য । আৰ টিভি অনলাইনৰ খবৰ অনুসৰি আনছাৰৰ সদস্য তথা অভিযুক্ত নোমন মিঞাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।
বাংলাদেশৰ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মনিন্দ্ৰ নাথে টেলিফোনযোগে সংবাদ সংস্থা এ এন আইক কয়, ‘‘হয়, এনে ঘটনা সংঘটিত হৈছে ৷’’
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি উপ-জিলাখনৰ মেহৰাবাৰী অঞ্চলত অৱস্থিত চুলতানা চুৱেটাৰ লিমিটেডৰ কাৰখানাত সোমবাৰ অৰ্থাৎ ২৯ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত হয় এই ঘটনা ।
‘‘মৃত আনছাৰ সদস্য বাজেন্দ্ৰ বিশ্বাস উপ-জিলা চিলেটৰ সদৰ কাদিৰপুৰ গাঁৱৰ প্ৰবিত্ৰ বিশ্বাসৰ পুত্ৰ । অভিযুক্ত নোমান মিঞা সুনামগঞ্জ জিলাৰ তাহেৰপুৰ থানাৰ অন্তৰ্গত বালুটুৰী বজাৰ অঞ্চলৰ লুটফৰ ৰহমানৰ পুত্ৰ’’ - প্ৰতিবেদনত এনেদৰে সন্নিৱিষ্ট কৰা হৈছে ৷
আৰক্ষী আৰু স্থানীয় সূত্ৰই এনেদৰে কয়, ‘‘চুলতানা চুৱেটাৰ লিমিটেডৰ কাৰখানাত মুঠ ২০ জন আনছাৰ সদস্য কৰ্তব্যৰত অৱস্থাত আছিল । ঘটনাৰ সময়ত আনছাৰৰ সদস্য নোমান মিঞা আৰু বাজেন্দ্ৰ দাস একেলগে বহি আছিল । সেই সময়ছোৱাত নোমান মিঞাৰ হাতত থকা পিস্তলটোৰ পৰা ওলোৱা গুলীয়ে বাজেন্দ্ৰ দাসৰ বাওঁ উৰুত আঘাত কৰাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷’’
পৰৱৰ্তী সময়ত তেওঁক সহকৰ্মীসকলে উপ-জিলাৰ স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিও কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।
আৰ টিভি অনলাইনৰ খবৰ অনুসৰি, বিষয়টো নিশ্চিত কৰি লাবিব গোটৰ সৈতে কৰ্তব্যৰত আনছাৰৰ সদস্য তথা ঘটনাৰ প্ৰত্যক্ষদৰ্শী এ পি চি মহম্মদ আজহাৰ আলীয়ে কয়, ‘‘ঘটনাৰ সময়ত নোমন মিঞা আৰু বাজেন্দ্ৰ দাস তেওঁৰ কোঠাত একেলগে বহি আছিল । হঠাৎ নোমন মিঞাই বাজেন্দ্ৰ দাসৰ উৰুত পিস্তলটো থৈ কয়, ‘মই গুলী চলাওনে ?’ আৰু তাৰ পিছতে তেওঁ গুলীয়ায় । ইয়াৰ পিছতে নোমনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।’’ তেওঁ লগতে কয় যে এই কাণ্ডৰ পূৰ্বে দুয়োৰে মাজত কোনো ধৰণৰ তৰ্ক বা বিবাদ হোৱাও নাছিল ৷ অৱশ্যে ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
মঙলবাৰে পুৱতি নিশা প্ৰায় ১ বজাত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৈমনসিং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(বিত্ত আৰু প্ৰশাসন) মহম্মদ আব্দুল্লা আল মামুনে কয়, ‘‘তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰে অভিযুক্ত নোমনক গ্ৰেপ্তাৰ কৰা হৈছে । এই ঘটনাৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে এক প্ৰাথমিক তদন্ত আৰম্ভ কৰা হৈছে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৈমনসিং চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ সমান্তৰালকৈ চলি আছে আইনী প্ৰক্ৰিয়া ।’’
লগতে পঢ়ক: দিপু চন্দ্ৰ দাসৰ পিছত আন এগৰাকী হিন্দু গণপ্ৰহাৰৰ বলি, সাৱটিলে মৃত্য়ুক

