আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা ফটোত দেখা গৈছে যে বাসগৃহটোৰ খিৰিকীবোৰ এই ঘটনাত ক্ষতিগ্ৰস্ত হৈছে ।

By ANI
Published : January 5, 2026 at 8:51 PM IST
ৱাশ্চিংটন: ফেডাৰেল আইন প্ৰয়োগকাৰী সংস্থাৰ সূত্ৰৰ উদ্ধৃতি অনুসৰি সোমবাৰে সংবাদ সংস্থা চি এন এনে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ অহাইঅ’ৰ বাসগৃহত সংঘটিত হোৱা এক কাণ্ডত কেইবাখনো খিৰিকীৰ বিস্তৰ ক্ষতিসাধন হয় ৷
প্ৰাথমিক তথ্য অনুসৰি মাজনিশা সংঘটিত হয় এই ঘটনা ৷ অৱশ্যে সেই সময়ত ভান্সৰ পৰিয়াল ঘৰত উপস্থিত নাছিল । বিষয়াসকলে দাবী কৰা অনুসৰি, লোকজন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰা নাছিল ।
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা ফটোত দেখা গৈছে যে বাসগৃহটোৰ খিৰিকীবোৰ এই কাণ্ডত ক্ষতিগ্ৰস্ত হৈছে ।
অৱশ্যে বিষয়াসকলে কয় যে এই সময়ত ক্ষতিৰ সঠিক কাৰণ কি সেয়া স্পষ্ট হোৱা নাই ৷ কিয়নো তদন্তকাৰী বিষয়াসকলে এতিয়াও পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰি আছে । এই ঘটনাৰ পিছত এজন ব্যক্তিক আটক কৰি অব্যাহত ৰখা হৈছে তদন্ত ৷
চি এন এনৰ প্ৰতিবেদন অনুসৰি ফেডাৰেল বিষয়াগৰাকীয়ে কয় যে তদন্তকাৰী বিষয়াসকলেও এই কাণ্ড বিশেষভাৱে উপ-ৰাষ্ট্ৰপতি ভান্স বা তেওঁৰ পৰিয়ালৰ সদস্যক লক্ষ্য কৰি লোৱা হৈছিল নেকি, সেই বিষয়ত তদন্ত চলাই থকা হৈছে ৷
ক্ৰমাৎ নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সংবাদমেলত অংশ লোৱা নাছিল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভান্সে । য’ত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ'ক বন্দী কৰাৰ কথা ঘোষণা কৰা হৈছিল বুলি এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে । মাডুৰ'ক আমেৰিকাই বন্দী কৰাৰ কেইঘণ্টামানৰ পাছতে শনিবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ মাধ্যমক সম্বোধন কৰে ।
ফক্স নিউজৰ মতে, তেওঁ বিদেশ সচিব মাৰ্কো ৰুবিঅ’, যুদ্ধ সচিব পিট হেগছেথ আৰু যুটীয়া মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ জেনেৰেল ডেন কেইনৰ কাষত থিয় দিছিল । যদিও ভান্সে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাজহুৱাভাৱে এই অভিযানৰ প্ৰশংসা কৰিছিল, তথাপিও তেওঁ সংবাদমেলত উপস্থিত নাছিল ৷
বিষয়াসকলৰ মতে, শুকুৰবাৰে মাৰ-এ-লাগোত ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হৈ আক্ৰমণৰ বিষয়ে আলোচনা কৰে । কিন্তু সেইদিনা নিশাৰ ভাগত ট্ৰাম্পৰ গলফ ক্লাবত তেওঁ অনুপস্থিত আছিল যেতিয়া শীৰ্ষ বিষয়াসকলে অভিযানটো তদাৰক কৰি আছিল ।
ফক্স নিউজৰ মতে, অভিযান আৰম্ভ কৰাৰ সময়ত উপ-ৰাষ্ট্ৰপতিৰ কনভয়ৰ মাজনিশা চলাচলে ভেনিজুৱেলাৰ লোকসকলক সতৰ্ক কৰি তুলিব পাৰে বুলি ৰাষ্ট্ৰীয় নিৰাপত্তা দলটোৱে চিন্তিত হৈ পৰিছিল ।
অভিযানৰ সময়ত ভান্সে কেনেদৰে সক্ৰিয় হৈ আছিল সেই বিষয়ে বৰ্ণনা কৰি মুখপাত্ৰগৰাকীয়ে কয়, “অভিযানটো নিৰীক্ষণ কৰিবলৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গোটেই নিশাটো নিৰাপদ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰিছিল । অভিযান শেষ হোৱাৰ পিছত তেওঁ চিনচিনাটিলৈ উভতি যায় ।’’
“ক্ৰমবৰ্ধমান নিৰাপত্তাজনিত উদ্বেগ”ৰ উদ্ধৃতি দি মুখপাত্ৰগৰাকীয়ে কয় যে ট্ৰাম্প আৰু ভান্সে হোৱাইট হাউছৰ বাহিৰত একেলগে কটোৱা সময়ৰ সময়সীমা সীমিত কৰিছে ।
ফক্স নিউজ ডিজিটেলে প্ৰকাশ কৰা এই খবৰটোৱে শীৰ্ষ নেতৃত্বৰ সন্দৰ্ভত গ্ৰহণ কৰা ব্যাপক সতৰ্কতামূলক ব্যৱস্থাৰ প্ৰতিফলন ঘটায় ।
এই অভিযান ৰাজহুৱা হোৱাৰ পিছত ভান্সে এক্সত প্ৰকাশিত এটা পোষ্টত এনেদৰে মন্তব্য কৰিছে, ‘‘ৰাষ্ট্ৰপতি ট্ৰাম্পে যি কয় তাকেই কৰে বুলি আৱিষ্কাৰ কৰা শেহতীয়া ব্যক্তিজন মাডুৰ' ।”
লগতে পঢ়ক: ৰাছিয়াৰ তেল ক্ৰয় কৰিলে ভাৰতৰ ওপৰত আৰু অধিক শুল্ক আৰোপ কৰিব আমেৰিকাই

