সম্পৰ্কৰ অৱনতি স্বত্বেও জিয়াৰ অন্ত্যেষ্টিক্ৰিয়ালৈ জয়শংকৰৰ ঢাকা ভ্ৰমণৰ গুৰুত্ব
শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ ব্যাপক অৱনতি হোৱাৰ পিছতো খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়ালৈ ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক প্ৰেৰণৰ উদ্দেশ্য ।

Published : December 31, 2025 at 11:19 AM IST
নতুন দিল্লী : শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা ভাৰত আৰু বাংলাদেশৰ কূটনৈতিক সম্পৰ্ক ব্যাপক অৱনমিত হোৱা দেখা গৈছে । আনকি শেহতীয়াকৈ বাংলাদেশত ভাৰত বিৰোধী উত্থানে এই সম্পৰ্কৰ অধিক অৱনতি ঘটাইছে । তাৰ মাজতো ভাৰতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ অধ্যক্ষ খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক ঢাকালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে ।
দুয়োখন ৰাষ্ট্ৰৰ মাজৰ শীতল যুদ্ধৰ মাজতে এই ভ্ৰমণে মাহৰ পিছত মাহ ধৰি নতুন দিল্লীৰ ঢাকালৈ প্ৰথম উচ্চ পৰ্যায়ৰ ৰাজনৈতিক প্ৰসাৰৰ সূচনা কৰিছে আৰু ঐতিহাসিক পৰিৱৰ্তনৰ সন্মুখীন হোৱা প্ৰতিবেশী দেশৰ সৈতে যোগাযোগ পুনৰ স্থাপন কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টাৰ সংকেত দিছে ।
মঙলবাৰে সন্ধিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, "বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰত চৰকাৰ আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰে । সেই অনুসৰি ২০২৫ চনৰ ৩১ ডিচেম্বৰত তেওঁ ঢাকা ভ্ৰমণ কৰিব ।"
বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা ৮০ বছৰীয়া জিয়াৰ মঙলবাৰে পুৱা ঢাকাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । ২০২১ চনৰ পৰাই তেওঁ বৃক্ক, লিভাৰ ডিজিজ, অস্থি, ডায়েবেটিছ, বাতবিষ আৰু বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছিল । তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিয়াৰ পৰিয়াল আৰু বাংলাদেশৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ।
মোদীয়ে এক্সৰ পোষ্টত লিখিছে, "ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ কথা জানিব পাৰি শোকস্তব্ধ হৈছোঁ । তেখেতৰ পৰিয়াল আৰু বাংলাদেশৰ সকলো জনসাধাৰণলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলো । এই কৰুণ সময়ত তেওঁৰ পৰিয়ালক সাহস দিয়ক । বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ উন্নয়নৰ দিশত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ লগতে ভাৰত-বাংলাদেশৰ সম্পৰ্ক সদায় স্মৰণীয় হৈ থাকিব । ২০১৫ চনত ঢাকাত তেওঁৰ সৈতে মোৰ উষ্ম সাক্ষাৎকাৰৰ কথা মনত পৰিল । আমি আশা কৰিছোঁ যে আমাৰ অংশীদাৰিত্বক পথ প্ৰদৰ্শন কৰিবলৈ তেওঁৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰ অব্যাহত থাকিব । তেওঁৰ আত্মাই শান্তি লাভ কৰক ।"
বুধবাৰে বিয়লি ২ বজাত মাণিক মিঞা এভিনিউৰ গাতে লাগি থকা জাতীয় সংসদ ভবনৰ চাউথ প্লাজাত জিয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব । ঢাকাৰ শ্বেৰ-ই-বাংলা নগৰ অঞ্চলৰ জিয়া উডিয়ানত তেওঁৰ স্বামী বাংলাদেশৰ প্ৰয়াত ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ কবৰৰ কাষতে শেষকৃত্য সম্পন্ন কৰা হ'ব । ইয়াৰ পূৰ্বে মোদীয়ে জিয়াৰ চিকিৎসাৰ বাবে ভাৰতৰ পৰা সম্ভৱপৰ সকলো সহায় আগবঢ়াইছিল যাৰ প্ৰতি বিএনপিয়ে ইতিবাচক সঁহাৰি জনাইছিল ।
জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জয়শংকৰক ঢাকালৈ পঠিয়াই ভাৰতে সেই মুহূৰ্তত এক বিৰল সদিচ্ছাৰ ইংগিত প্ৰেৰণ কৰিছে যি মুহূৰ্তত যোৱা বছৰৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগৰ চৰকাৰক উৎখাত কৰাৰ পিছত নতুন দিল্লী আৰু ঢাকাৰ মাজত সম্পৰ্ক কঠোৰ বা অনিশ্চিত হোৱা বুলি ধৰা হৈছে ।
মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ অধীনত ঢাকাত ৰাজনৈতিক পৰিৱৰ্তন, ভাৰতে হাছিনাকে ধৰি নেতাসকলৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা কৰা, ভিন্ন ঘৰুৱা অগ্ৰাধিকাৰ আৰু পূবৰ চুবুৰীয়া দেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ বাবে ভাৰত–বাংলাদেশৰ সম্পৰ্ক দুৰ্বল হৈছে । বাংলাদেশৰ বৰ্তমানৰ অন্তৰ্ৱৰ্তীকালীন নেতৃত্বই কূটনৈতিকভাৱে জড়িত হৈ থকাৰ বিপৰীতে বহল ৰাজনৈতিক পৰিৱেশটো স্পৰ্শকাতৰ হৈয়ে আছে । জয়শংকৰৰ উপস্থিতিয়ে সেয়েহে প্ৰতীকীভাৱে নহয় বা ব্যক্তিগতভাৱে জিয়াৰ প্ৰতি নহয়, বাংলাদেশৰ সৈতে ঐতিহাসিক সম্পৰ্কৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰাক বুজাব ।
জিয়াৰ নেতৃত্বত ভাৰতৰ সৈতে মূল অৰ্থনৈতিক সংযোগৰ ওপৰত সহযোগিতাৰ পৰা আৰম্ভ কৰি পূৰ্বৰ দশকসমূহত ট্ৰেনজিট আৰু সংযোগৰ বিষয়সমূহৰ ওপৰত মতানৈক্য লৈকে সহযোগিতা আৰু বিতৰ্ক দুয়োটা আছিল । জয়শংকৰক তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সিদ্ধান্তই এই জটিল উত্তৰাধিকাৰক স্বীকৃতি দিয়ে, যিয়ে তেওঁৰ অৱদান ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰে বুলি ভাৰতীয় দৃষ্টিভংগীৰ ইংগিত দিয়ে ।
অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ উপস্থিতিয়ে দলীয় সীমাৰ বাহিৰত বাংলাদেশৰ ৰাজনৈতিক ইতিহাস আৰু বহুত্ববাদৰ প্ৰতি সন্মানৰ সংকেত দিয়ে । পৰম্পৰাগতভাৱে অন্যান্য ৰাজনৈতিক শক্তিৰ তুলনাত ভাৰতৰ প্ৰতি অধিক সতৰ্ক বুলি গণ্য কৰা বিএনপিক জিয়াই নেতৃত্ব দিছিল । এটা শক্তিশালী ভাৰতীয় প্ৰতিনিধি দলে বাংলাদেশৰ বহুত্ব গণতান্ত্ৰিক পৰম্পৰাক সন্মান কৰে ।
ভাৰত আৰু বাংলাদেশৰ মাজত গভীৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু নিৰাপত্তাৰ সম্পৰ্ক আছে । বাংলাদেশৰ নিৰ্বাচনী ৰাজনীতি বা আভ্যন্তৰীণ পৰিৱৰ্তনে তাত ৰাজনৈতিক পৰিৱেশ সলনি কৰিলেও অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণে ভাৰতৰ চলি থকা সংযোগৰ প্ৰতি থকা দায়বদ্ধতাক জোৰ দিয়ে । ই ঢাকাক আশ্বস্ত কৰিব বিচাৰে যে ভাৰতে নিজৰ প্ৰতিবেশী দেশৰ স্থিতিশীলতা আৰু ধাৰাবাহিকতাক মূল্য দিয়ে ।
পাকিস্তান, চীনকে ধৰি অন্যান্য দেশসমূহেও জিয়াৰ মৃত্যুৰ পিছত বাংলাদেশৰ সৈতে সম্পৰ্কৰ খাতিৰত শোক প্ৰকাশ কৰাৰ লগতে গুৰুত্ব আৰোপ কৰিছে । কিন্তু ভাৰতৰ নিৰ্ণায়ক কূটনৈতিক ইংগিতে ঢাকাৰ বৈদেশিক নীতিৰ বিবেচনাৰ কেন্দ্ৰীয় অংশীদাৰ হৈ থকাটো নিশ্চিত কৰে ।
এই সন্দৰ্ভত বাংলাদেশৰ প্ৰাক্তন ভাৰতীয় উচ্চায়ুক্ত পিনাক ৰঞ্জন চক্ৰৱৰ্তীয়ে ইটিভি ভাৰতক কয়, "ই (জয়শংকৰৰ ঢাকা ভ্ৰমণ) নিশ্চিতভাৱে এটা ভাল সংকেত । সাধাৰণতে এনে ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াত আন দেশৰ ৰাষ্ট্ৰদূত বা উচ্চায়ুক্তই অংশগ্ৰহণ কৰে । কিন্তু ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক পঠিওৱাটো অতি গুৰুত্বপূৰ্ণ । বাংলাদেশ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেশী ।"
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত হ'বলগীয়া দেশখনৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে জয়শংকৰৰ বাংলাদেশ ভ্ৰমণ কূটনৈতিক সৌজন্যতকৈ বহু বেছি । ই এক কৌশলগত ইংগিত যিয়ে অতীতৰ সম্পৰ্কক ৰক্ষা কৰে, বাংলাদেশৰ সাৰ্বভৌম ৰাজনৈতিক বিৱৰ্তনক সন্মান কৰে আৰু বৰ্তমানৰ কঠোৰ সত্ত্বেও দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰখা আৰু শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ সংকেত দিয়ে ।
লগতে পঢ়ক :বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু
লগতে পঢ়ক :বাংলাদেশৰ উচ্চায়ুক্তক জৰুৰীভাৱে তলব, নিশাই উপস্থিত হ'ল ঢাকাত

