৩২ বাৰ মাউণ্ট এভাৰেষ্ট জয় কৰি কামি ৰীতা শ্বেৰ্পাই ৰচিলে ইতিহাস
এবাৰ দুবাৰ নহয় ৩২ বাৰকৈ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰিলে নেপালৰ পৰ্বতাৰোহী কামি ৰীতা শ্বেৰ্পাই ।

By PTI
Published : May 17, 2026 at 2:54 PM IST
কাঠমাণ্ডু (নেপাল) : 'এভাৰেষ্ট মানৱ'খ্যাত নেপালৰ পৰিচিত পৰ্বতাৰোহী কামি ৰীতা শ্বেৰ্পাৰ আন এক অভিলেখ । ৩২ বাৰৰ বাবে বিশ্বৰ সৰ্বোচ্চ শৃংখ এভাৰেষ্ট জয় কৰিলে কামি ৰীতা শ্বেৰ্পাই । তেওঁ নিজৰে অভিলেখ ভংগ কৰি বিশ্বৰ সৰ্বোচ্চ শৃংগ সৰ্বাধিকবাৰ আৰোহণৰ ইতিহাস ৰচনা কৰিলে । পৰ্যটন বিভাগৰ তথ্য অনুসৰি দেওবাৰে পুৱা ১০:১২ বজাত ৫৬ বছৰীয়া প্ৰবীণ পৰ্বতাৰোহীগৰাকীয়ে ৮,৮৪৯ মিটাৰ উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হয় ।
১৪ পিকছ এক্সপেডিচনে পৰিচালনা কৰা অভিযানৰ তেওঁ নেতৃত্ব দিছিল বুলি জানিব পৰা গৈছে । এভাৰেষ্ট বেছ কেম্পত নিয়োজিত বিভাগটোৰ ক্ষেত্ৰ কাৰ্যালয়ে এই সফল আৰোহণ নিশ্চিত কৰিছে বুলি দ্য কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰিছে । পৰ্যটন বিভাগে শ্বেৰ্পাক অভিনন্দন জনাই কয় যে তেওঁৰ এই কৃতিত্বই নেপালৰ পৰ্বতাৰোহণ খণ্ড আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান হিচাপে পৰিগণিত হৈছে ।
১৯৭০ চনৰ জানুৱাৰী মাহত কোশি প্ৰদেশৰ ছ'লুখুম্বু জিলাৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা কামি ৰীতাই ১৯৯২ চনত পেছাদাৰী পৰ্বতাৰোহী হিচাপে এই যাত্ৰা আৰম্ভ কৰিছিল । ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে তেওঁ এভাৰেষ্ট পৰ্বত বগাইছিল । ২০২৫ চনৰ ২৭ মে'ত তেওঁ অন্তিমবাৰৰ বাবে এভাৰেষ্ট জয় কৰিছিল ।
মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ । এই শৃংগ জয় কৰা ইমান সহজ নহয় । পৃথিৱীৰ বহু তাৰকা পৰ্বতাৰোহীও এই ক্ষেত্ৰত বিফল হৈছে । কিন্তু দুৰ্গম, প্ৰতিকূল পৰিস্থিতিক নেওচি এবাৰ দুবাৰ নহয় ৩২ বাৰকৈ সৰ্বোচ্চ শৃংগত উপনীত হোৱাটো কেৱল অভিলেখ নহয় ই অকল্পনীয় । যাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কামি ৰীতা শ্বেৰ্পা ।
ইফালে দেওবাৰে 'মাউনটেইন কুইন' নামেৰে পৰিচিত তথা এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী নেপালী মহিলা লাকপা শ্বেৰ্পাই এভাৰেষ্ট শৃংগত একাদশবাৰৰ বাবে সফল আৰোহণ সম্পূৰ্ণ কৰি নিজৰে বিশ্ব অভিলেখ ভংগ কৰে । পৰ্যটন বিভাগে জনোৱা মতে দেওবাৰে পুৱা ৯:৩০ বজাত তেওঁ সুউচ্চ এভাৰেষ্টৰ শিখৰত উপনীত হয় ।
লগতে পঢ়ক :
'আইৰণমেন' উপাধি লাভেৰে বিশ্ব দৰবাৰত উজ্বলিল অসম সন্তান দীপন মেধী

