ETV Bharat / international

নেপালৰ আকস্মিক বান: বৰ্তমানো ৩২০ গৰাকী ভাৰতীয়ৰ সন্ধান নাই, নেপাললৈ ১১ জনীয়া উদ্ধাৰকাৰীৰ দল

শনিবাৰে চিকিৎসা কৰ্মী আৰু সুৰংগ উদ্ধাৰ অভিযানৰ বিশেষজ্ঞকে ধৰি ১১ জনীয়া ভাৰতীয় দল এটাই স্থানীয় কৰ্তৃপক্ষক সহায় কৰিবলৈ নেপালত উপস্থিত ।

Nepal Flash Floods: 320 Indians 'Not Contactable'; MEA Sends 11-Member Team
নেপালৰ আকস্মিক বান: বৰ্তমানো ৩২০ গৰাকী ভাৰতীয়ৰ সন্ধান নাই (PTI Photo)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 7:18 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: নেপালত সংঘটিত হোৱা প্ৰলয়ংকাৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬২৬ লৈ বৃদ্ধি পাইছে, উদ্ধাৰকাৰী বাহিনীয়ে কেইবা ডজন নিৰুদ্দেশ লোকৰ মৃতদেহ উদ্ধাৰ কৰে ।

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি বুধবাৰে ৰাছুৱা আৰু হিমালয় ৰাষ্ট্ৰৰ অন্যান্য অঞ্চলত হোৱা ক্ষন্তেকীয়া বানপানীয়ে বসতিস্থল, পথ, দলং আৰু জলবিদ্যুৎ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰাৰ পিছত বৰ্তমানো ২০০০ৰো অধিক লোকৰ সন্ধান লাভ কৰা নাই ।

এনডিআৰআৰএমএ কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি আকস্মিক বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬২৬ লৈ বৃদ্ধি পাইছে আৰু বৰ্তমানো ২৪০০ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে ।

এনডিআৰআৰএমএই জানিবলৈ দিয়া মতে, হিমালয় পাদদেশৰ ৮খন জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহ । কৰ্তৃপক্ষৰ তথ্য অনুসৰি চিটৱানৰ পৰা ২৩৩টা, পূব নৱালপাৰাছীৰ পৰা ১৫৮টা, নুৱাকোটৰ পৰা ৫১টা, গোৰ্খাৰ পৰা ৪৮টা, পশ্চিম নৱালপাৰাছীৰ পৰা ৪৭টা, ধাডিঙৰ ৪৫টা, তানাহুৰ পৰা ৩১টা আৰু ৰাছুৱাৰ পৰা ১৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

বুধবাৰে মধ্য নেপালৰ ৰাছুৱা আৰু অন্যান্য অঞ্চলত হোৱা আকস্মিক বানে ৰাছুৱা আৰু মধ্য নেপালৰ বিভিন্ন প্ৰান্তত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল । এই মহাপ্ৰলয়ত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে বসতিস্থল, পথ, দলং আৰু জলবিদ্যুৎ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হোৱাৰ বিপৰীতে প্ৰায় ২০০০ লোক নিৰুদ্দেশ হৈছে ।

শনিবাৰে অনুসন্ধান আৰু সাহায্য অভিযান অব্যাহত থকাৰ সময়তে নেপালত উদ্ধাৰকাৰী দলে আৱদ্ধ হৈ থকা প্ৰায় ২৫০০ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইফালে, নেপালত মানৱীয়তাৰ খাতিৰত সাহায্য প্ৰদানৰ বাবে ভাৰতে শনিবাৰে ঔষধ আৰু খাদ্য সামগ্ৰীকে ধৰি ১০ টন অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ আন এখন বিমান ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ প্ৰেৰণ কৰে ।

তদুপৰি এই দুৰ্যোগৰ পিছতে স্থানীয় কৰ্তৃপক্ষক সহায় কৰিবলৈ শনিবাৰে ভাৰতৰ পৰা ১১ জনীয়া এটা দল নেপালত উপস্থিত হয় । ভাৰতীয় দূতাবাসৰ সূত্ৰই জনোৱা মতে, নেপাল চৰকাৰৰ অনুৰোধত চিকিৎসা কৰ্মী আৰু সুৰংগ উদ্ধাৰ অভিযানৰ বিশেষজ্ঞকে ধৰি এই দলটো প্ৰেৰণ কৰা হৈছে ।

জানিব পৰা মতে, দলটোক ৰাষ্ট্ৰখনৰ আকস্মিক বানৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে, য’ত ব্যাপকভাৱে উদ্ধাৰ অভিযানৰ লগতে সাহায্য প্ৰদান কৰা হৈছে ।

শুকুৰবাৰে এনডিআৰআৰএমএই কয় যে আকস্মিকভাৱে অহা বানৰ পিছত বানপীড়িত অঞ্চলসমূগত জলস্তৰ বৃদ্ধি পোৱাৰ ফলত অঞ্চলটোত পুনৰ বানৰ সম্ভাৱনা বৃদ্ধি পাইছে । নেপাল চৰকাৰে কয় যে স্থানীয় পৰিৱেশ আৰু ঠেক ভূখণ্ডৰ সৈতে পৰিচিত নিজৰ নিৰাপত্তা বাহিনীক সৰ্বাধিক নিয়োগক অগ্ৰাধিকাৰ দিব বিচাৰে । অৱশ্যে বৈদেশিক মন্ত্ৰী শিছিৰ খনালে কয় যে অত্যন্ত জটিল পৰিকল্পনাৰ বাবে বিশেষ কাৰিকৰী দক্ষতাৰ প্ৰয়োজন হ'ব, যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্য ল’বলৈ চৰকাৰ সাজু ।

বানাক্ৰান্ত অঞ্চলসমূহত পৰিবহণ সেৱা পুনৰ আৰম্ভ কৰিবলৈ ৪২খন বেইলী দলং নিৰ্মাণত সহায় কৰিবলৈও ভাৰত আৰু চীনক অনুৰোধ জনাইছে নেপালে । গধুৰ যন্ত্ৰপাতি বা বিশেষ সঁজুলি অবিহনে দ্ৰুতভাৱে সংযোগ কৰিব পৰাকৈ পৰ্টেবল দলংসমূহ ডিজাইন কৰা হৈছে ।

লগতে পঢ়ক: নেপালৰ মহাপ্লাৱন: এতিয়াও বোকাত পোত খাই আছে বহু মৃতদেহ

নেপালৰ বান : মন্ত্ৰী-ঋতুপৰ্ণৰ সন্ধান এতিয়াও ওলোৱা নাই