নেপালৰ বোকা ছুনামি : প্ৰায় ৩০০ ভাৰতীয় সন্ধানহীন: নেপালৰ আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৫৪৭ লৈ বৃদ্ধি
নেপালৰ বান বিভীষিকাৰ শুকুৰবাৰে তৃতীয়টো দিন ৷ প্ৰায় ৭,৪৫১ গৰাকী নিৰাপত্তাৰক্ষী অনুসন্ধান আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ৷

Published : August 28, 2026 at 2:13 PM IST
|Updated : August 28, 2026 at 7:24 PM IST
নতুন দিল্লী: নেপালৰ বান বিভীষিকাৰ শুকুৰবাৰে তৃতীয়টো দিন ৷ দেশখনত প্ৰকৃতিয়ে চলোৱা আকস্মিক বান ধ্বংসলীলাত বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৫৪৭ জনলৈ বৃদ্ধি পাইছে । এই তথ্য আৰক্ষীয়ে সদৰী কৰিছে ৷
পানী, বোকা আৰু ধ্বংসাৱশেষৰ ফলত পোত যোৱা বহু মৃতদেহ সুৰক্ষাকৰ্মীৰ দলসমূহে উদ্ধাৰ কৰি আছে ৷ অৱশ্যে তাৰ মাজতে একাধিক লোকৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে সুৰক্ষাকৰ্মীৰ দল ৷ যাৰ বাবে নিহত লোকৰ সংখ্যা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, বৰ্তমানলৈকে হিমালয়ৰ পাদদেশৰ ৮খন জিলাৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰা বুলি নেপাল আৰক্ষীয়ে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এইপৰ্যন্ত চিটৱানৰ পৰা ১৭৮ টা, পূব নৱালপাৰাছীৰ পৰা ১১০ টা, গোৰ্খাৰ পৰা ৪৪ টা, নুৱাকোটৰ পৰা ৩৭ টা আৰু ধাডিঙৰ পৰা ৩৩ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে, তানাহুৰ পৰা ২৮ টা, পশ্চিম নৱালপাৰাছীৰ পৰা ২৭ টা আৰু ৰাছুৱাৰ পৰা ১২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
Update on Indian nationals impacted by the floods in Nepal ⬇️ pic.twitter.com/w6ZLmSydlg
— Randhir Jaiswal (@MEAIndia) August 27, 2026
৪৬৯ জন লোকৰ মৃত্যু নিশ্চিত
| ঠাইৰ নাম | মৃতদেহৰ সংখ্যা |
| চিটৱান | ১৭৮ টা |
| পূব নৱালপাৰাছী | ১১০ টা |
| গোৰ্খা | ৪৪ টা |
| নুৱাকোট | ৩৭ টা |
| ধাডিং | ৩৩ টা |
| তানাহু | ২৮ টা |
| পশ্চিম নৱালপাৰাছী | ২৭ টা |
| ৰাছুৱা | ১২ টা |
এই পৰ্যন্ত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা ১,৫৪৫ গৰাকী আহত তথা আবদ্ধ হৈ থকা লোকক সুকলমে উদ্ধাৰ কৰা হৈছে । ইয়াৰে ৮৪ জনক কাঠমাণ্ডুৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
আৰক্ষীৰ বিবৃতি অনুসৰি, এই ধ্বংসলীলাৰ তৃতীয়টো দিনতো অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ৷ ৭,৪৫১ গৰাকী নিৰাপত্তাৰক্ষী জোৱানৰ লগতে দেশখনৰ সেনাবাহিনীৰ ২,৩৯১ গৰাকী জোৱান এই কামত নিয়োজিত হৈ আছে ।
বুধবাৰে নেপাল-তিব্বত সীমান্ত অঞ্চলত এই আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি হয় । হঠাতে খহি অহা হিমবাহ গলি বান পৰিস্থিতিৰ সৃষ্টি হৈ নেপালত ধ্বংসলীলা আৰম্ভ কৰিছিল । এই প্ৰাকৃতিক দুৰ্যোগে সাধাৰণ লোকৰ ঘৰ-দুৱাৰসমূহ ধ্বংস কৰাৰ লগতে বাহন, পথ, দলংসমূহ উটুৱাই লৈ যায় আৰু জলবিদ্যুৎ প্ৰকল্পসমূহৰ ক্ষতিসাধন কৰে ।
ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে ৷ ক্ষতিগ্ৰস্ত বাট-পথ, বোকাত পোত যোৱা দলং, ধ্বংসাৱশেষৰ কঠিন তৰপ, পাহাৰীয়া অঞ্চলৰ ঠেক ভূখণ্ডই এই উদ্ধাৰ অভিযানক অধিক প্ৰত্যাহ্বানপূৰ্ণ কৰি তুলিছে । হেলিকপ্টাৰ, ড্ৰোণ, অন্যান্য যন্ত্ৰপাতি আৰু কেইবাটাও উদ্ধাৰকাৰী দল নিয়োগ কৰি বসতিস্থল, নদীৰ পাৰ আৰু নদীৰ কাষৰীয়া অঞ্চলসমূহত অনুসন্ধান অভিযান চলোৱা হৈছে ৷
অৱশ্যে ইয়াৰ মাজতে পুনৰ এবাৰ প্ৰলয়ৰ আশংকা কৰা হৈছে ৷ খবৰ অনুসৰি, ভোটে কোশী নদীৰ উৎসৰ সমীপত এটা নতুন দ হ্ৰদ গঠন হোৱা দেখা গৈছে ৷ যদিহে ই আকস্মিকভাৱে খহি পৰে, তেন্তে পুনৰবাৰ দেশখনত প্ৰলয়ৰ সূচনা হ’ব পাৰে ৷
বৃহস্পতিবাৰে পুৱালৈকে নতুন হ্ৰদটোত প্ৰায় ২০ লাখ ঘনমিটাৰ পানী জমা হোৱাৰ আশংকা চীনা চৰকাৰে ব্যক্ত কৰিছে ৷ পৰৱৰ্তী তিনিদিনত ইয়াৰ ভিতৰলৈ আৰু ৩০ লাখ ঘনমিটাৰ পানী জমা হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ যাৰ ফলত প্ৰাকৃতিকভাৱে বাধাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ৷
এই হ্ৰদটো চোচেন খোলা আৰু পুৰেপু ছাংপো নদীৰ সংগমস্থলীৰ নিচেই সমীপতে গঠন হৈছে । এই নদীসমূহ তিব্বতত উৎপত্তি হৈ নেপাললৈ বৈ গৈ ভোটে কোশী নদীৰ সৈতে মিলিত হৈছে ৷
চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি পিটিআয়ে প্ৰকাশ কৰা খবৰ অনুসৰি, নেপালৰ জলবিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগে চীনা চৰকাৰৰ পৰা এই হ্ৰদটোৰ বিষয়ত তথ্য লাভ কৰি ভোটে কোশী আৰু ত্ৰিশুলি নদীৰ কাষৰীয়া অঞ্চলসমূহত বানৰ ধাৰাবাহিক আশংকা সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে । বিভাগটোৱে নৈপৰীয়া অঞ্চলসমূহৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ সাধাৰণ লোকসকলক পৰামৰ্শ জাৰি কৰিছে ৷ ভ্ৰমণকাৰী, নিৰাপত্তাৰক্ষী, অনুসন্ধানকাৰী আৰু উদ্ধাৰকাৰী দলসমূহকো সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে ৷
চীন চৰকাৰৰ বিষয়াসকলে হ্ৰদটো নিৰীক্ষণ কৰি বান সম্পৰ্কীয় বিপদৰ মূল্যায়ন কৰি আছে ৷ সংযোগ আৰু অৱস্থিতি নিৰক্ষণ কৰিব পৰা আহিলাৰ সৈতে চীনৰ এটা উদ্ধাৰকাৰী দল গ্যিৰঙত উপস্থিত হৈছে । যদিহে এই হ্ৰদটো পানীৰে উপচি পৰে আৰু অতিৰিক্ত পানীখিনি হ্ৰদটোৰ পৰা বাহিৰলৈ ওলাই বৈ যায়, তেন্তে পুনৰবাৰ নেপালত ধ্বংসলীলা নিশ্চিত বুলি বিষয়াসকলে আশংকা কৰিছে ৷
এই দুৰ্যোগৰ পিছত নিজৰ দেশৰ লোকসকলক বিচাৰি ভাৰতে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, উদ্ধাৰকাৰী দলসমূহে এতিয়াও ২৯০ গৰাকী ভাৰতীয়ৰ কাষ চাপিব পৰা নাই ৷ বিপৰীতে মাত্ৰ ৮৪ গৰাকী ভাৰতীয়কহে উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ ভিতৰত নিৰ্মাণৰত ত্ৰিশুলি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ৬৩ জন কৰ্মচাৰীৰ লগতে তামিলনাডুৰ ২১ জন ব্যক্তি আছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, তিব্বতৰ দিশে আবদ্ধ হৈ থকা প্ৰায় ২০০ ভাৰতীয় নাগৰিকেও উদ্ধাৰৰ বাবে সহায়ৰ হাত বিচাৰিছে । বানাক্ৰান্ত অঞ্চলসমূহত ভাৰতীয়সকলৰ স্থিতি আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে দ্ৰুত প্ৰচেষ্টা অব্যাহত ৰখা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জানিবলৈ দিছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মন্ত্ৰালয়ে নেপাল, অন্যান্য মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, ট্যুৰ অপাৰেটৰ আৰু সংশ্লিষ্ট বিষয়াৰ সৈতে যোগাযোগত থাকি এই উদ্ধাৰ অভিযানত সহায় কৰি আছে ৷
উল্লেখ্য যে, নেপালৰ এই সংকটপূৰ্ণ পৰিস্থিতিত ভাৰত চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে ৷ বুধবাৰে ১০ টন মানৱীয় আৰু দুৰ্যোগ সাহায্য(এইচএডিআৰ) সামগ্ৰী প্ৰেৰণ কৰাৰ পিছত ভাৰতে বৃহস্পতিবাৰে পুনৰ সামৰিক পৰিবহণ বিমানৰ জৰিয়তে অতিৰিক্ত ৩৭.৫ টন মানৱীয় সামগ্ৰী, ঔষধ আৰু খাদ্য-সামগ্ৰীৰ পেকেট কাঠমাণ্ডুলৈ প্ৰেৰণ কৰিছে । বৰ্তমানলৈকে ভাৰত চৰকাৰে নেপাললৈ প্ৰায় ৪৭.৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ৷
তাৎপৰ্যপূৰ্ণভাৱে নেপাল চৰকাৰে প্ৰথমে দেশখনত ৯১০ জন লোক নিৰুদ্দেশ হোৱাৰ কথা প্ৰকাশ কৰিছিল ৷ বিপৰীতে চীন চৰকাৰে তিব্বতত ৫৫৮ জন লোক নিৰুদ্দেশ হোৱা বুলি উল্লেখ কৰিছিল । ফলস্বৰূপে সীমান্তৰ দুয়োপাৰে মুঠ নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ১,৪৬৮ জনত উপনীত হৈছে । অৱশ্যে প্ৰকৃত পৰিসংখ্যা এতিয়াও প্ৰকাশ পাবলৈ বাকী আছে ৷
নেপাল আৰক্ষীয়ে জনোৱা মতে, ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৫০ জন বিদেশীকে ধৰি ৭৯৬ জন লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰাৰ বিপৰীতে আন ৭৯৬ জন লোকক স্থলপথেৰে নিৰাপদে উদ্ধাৰ কৰা হৈছে ৷ দেশখনৰ বাহিৰৰ লোকসকলৰ সন্দৰ্ভত কোনো বিতং তথ্য নেপাল চৰকাৰে প্ৰকাশ কৰা নাই ৷
নেপাল-তিব্বত সীমান্তৰ নিচেই সমীপতে হিমবাহৰ স্খলন ঘটি এই ধ্বংসলীলা আৰম্ভ হৈছিল ৷ তাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী বানে নেপালৰ ৰাজহাড় বেঁকা কৰি দিছিল ৷ প্ৰথমে কাঠমাণ্ডুৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰাছুৱা জিলাত বিধ্বংসী বানে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে । টাইমুৰে আৰু ৰসুৱাগাধিৰ দৰে বসতিস্থলসমূহৰ মাজেৰে পানী, বোকা, শিলে সকলো ধ্বংসস্তুপত পৰিণত কৰিছিল ৷ তাৰপূৰ্বে ভোটে কোশী আৰু ত্ৰিশুলি নদীতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷
নেপালৰ শীৰ্ষ বিষয়াসকলৰ প্ৰাৰম্ভিক মূল্যায়ন আৰু আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ এক নতুন বিশ্লেষণত প্ৰকাশ পাইছে যে এই পৰিঘটনা ভূমিকম্পৰ ফলত হোৱা নাছিল ৷ বৰং হিমবাহৰ স্খলন ঘটি এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷
ল্হেণ্ডে নদীত বৰফ আৰু শিলে হেঁচা মাৰি ধৰি পানীৰ প্ৰবাহ সাময়িকভাৱে বন্ধ কৰি দিয়ে । এই প্ৰাকৃতিক বাধাৰ ফলতে পানীৰ বিধ্বংসী স্ৰোত ভোটে কোশী আৰু ত্ৰিশুলি নদীত মিলিত হৈছিল বুলি নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনাইছে ৷
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ ব্যৱস্থাই দীৰ্ঘকালীন ভূমিকম্পীয় তৰংগৰ বিশ্লেষণ অনুসৰি এই কথা জানিবলৈ দিছে যে, প্ৰথমতে ৪.৪ মাত্ৰাৰ ভূমিকম্প হোৱা বুলি দাবী কৰা পৰিঘটনাটো প্ৰকৃততে হিমবাহৰ স্খলন আৰু ধ্বংসাৱশেষৰ প্ৰবাহৰ ফলতহে হৈছিল ৷ প্ৰকৃতাৰ্থত এই ধ্বংসলীলাই কাৰ কিমান ক্ষতি কৰিছে, সেয়া এই মুহূৰ্তত শুদ্ধ তথ্য প্ৰকাশ কৰাটো বহু পৰিমাণে কঠিন হৈ পৰিছে ৷
নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে বৃহস্পতিবাৰে নুৱাকোটৰ বিদুৰ পৌৰসভাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে । চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙেও বানাক্ৰান্ত গিয়ৰং টাউনশ্বিপ পৰিদৰ্শন কৰাৰ পিছত উদ্ধাৰ আৰু সাহায্য অভিযান পৰিদৰ্শন কৰে । চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, পিপলছ লিবাৰেচন আৰ্মীৰ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে সামৰিক উদ্ধাৰ অভিযানৰ বাবে অঞ্চলটোলৈ এটা কমাণ্ডোৰ দল প্ৰেৰণ কৰিছে ।
ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ প্ৰকাশিত ছবি আৰু ভিডিঅ’ৰ পৰা এই ধ্বংসলীলাৰ পৰিসৰ নিৰ্ধাৰণ কৰিব পাৰি ৷ একাংশ স্থানত অট্টালিকাবোৰ চকুৰ পলকতে খহি পৰাৰ লগতে আন একাংশ স্থানত বোকা আৰু ধ্বংসাৱশেষৰ ডাঠ তৰপ পৰা দেখা গৈছিল ৷ বিধ্বংসী বানে বাহনবোৰ ধ্বংসাৱশেষৰ তলত পুতি পেলোৱাৰ লগে লগে বাট-পথ, দলংবোৰ উটুৱাই নিছিল ৷
ৰাছুৱা আৰু নুৱাকোট জিলাৰ নদীৰ পাৰৰ বসতিস্থলৰ বৃহৎ অংশ আজিৰ দিনটোতো বোকা, শিল, ধ্বংসাৱশেষৰে পৰিপূৰ্ণ হৈ আছিল । নেপালৰ লোক নিৰ্মাণ বিভাগে প্ৰকাশ কৰা অনুসৰি, নুৱাকোটৰ বেতৰাৱতী আৰু ৰাছুৱাগাড়ীৰ মাজৰ সমগ্ৰ ৪২ কিলোমিটাৰ দৈৰ্ঘৰ পথটো কেইবাটাও স্থানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে অসংখ্য পকী দলং বানে উটুৱাই নিছে ।
ৰাষ্ট্ৰীয় দুৰ্যোগৰ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, বানে ৩৫ খন যান-বাহন চলাচল কৰিব পৰা দলং, ৪৫ খন ওলোমা দলং আৰু প্ৰায় ৪০ কিলোমিটাৰ পকী পথৰ ক্ষতিসাধনৰে জিলাসমূহৰ যাতায়াতত ব্যাঘাত জন্মায় । ত্ৰিশুলী আৰু দেৱীঘাট জলবিদ্যুৎ প্ৰকল্পৰ লগতে অন্যান্য প্ৰকল্পসমূহৰ আন্তঃগাঁথনিৰো ক্ষতিসাধন হয় ।
ৰাছুৱাত বানৰ ফলত বন্ধ হৈ থকা ধাডিঙৰ গালছি-বাইৰেনী পথটো পুনৰ মুকলি কৰাৰ বাবে অহৰহ কাম কৰি থকা হৈছে ৷ এই পথটোৱে কাঠমাণ্ডু আৰু নেপালৰ অন্যান্য অংশৰ মাজৰ সংযোগ পথ ৷ বিশেষকৈ দুৰ্যোগ সাহায্য অভিযানৰ সময়ত গধুৰ আৰু লঘু বাহনসমূহে এইটো পথকে মূল পথ হিচাপে লৈ কাম কৰে ।
এই ধ্বংসলীলাৰ ফলত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হৈছে । নিৰাপত্তাৰক্ষী আৰু স্থানীয় বিষয়াসকলে নদীৰ পাৰ আৰু ধ্বংসাৱশেষৰ তলত কোনো জীৱিত ব্যক্তি পোত গৈ আছে নেকি তাৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ তদুপৰি ভোটে কোশী আৰু ত্ৰিশুলি নদীৰ বুকুৱেদি বৈ অহা মৃতদেহসমূহ উদ্ধাৰৰ বাবে কাম কৰি আছে ৷
নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে বৃহস্পতিবাৰে আমেৰিকা, ব্ৰিটেইন আৰু আন কেইবাখনো দেশৰ শীৰ্ষ বিষয়াসকলৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৷ তেওঁৰ কাৰ্যালয়ে এই কথাকে উল্লেখ কৰে যে এই বিষয়াসকলে নেপাল চৰকাৰৰ সৈতে থিয় হৈ সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে ।
নিহত লোকসকলৰ উপৰিও নিৰুদ্দিষ্ট লোকসকলৰ মাজত কমেও ৪৪ জন দেশখনৰ সেনা জোৱান, ২৮ জন আৰক্ষী জোৱান, ১৩ জন সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানো আছে । আনহাতে, জলবিদ্যুৎ প্ৰকল্প আৰু শুল্ক কাৰ্যালয়ত কাম কৰা প্ৰায় ১৬০ জন লোকো নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । নিৰুদ্দিষ্টসকলক বিচাৰি বুধবাৰৰে পৰা পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলে চিকিৎসালয়সমূহত গোট খাইছে ৷
কাঠমাণ্ডুৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পাঠদান চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসালয়খনলৈ অনা লোকৰ তালিকা প্ৰকাশ কৰে ৷ যাতে নিৰুদ্দিষ্ট লোকসকলৰ পৰিয়ালসমূহে তেওঁলোকৰ আত্মীয়ক জীৱিত নে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে নে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে, সেই সকলো কথা জানিব পাৰে ৷ তদুপৰি এই সকলো তথ্য লাভৰ বাবে বিশেষ হেল্পডেস্ক স্থাপন কৰা হৈছে ।
চিটৱানৰ ভাৰতপুৰ চিকিৎসালয়তো একেধৰণৰ দৃশ্য পৰিলক্ষিত হয় ৷ চিকিৎসালয়ৰ মৰ্গত মৃতদেহবোৰ ৰাখিবলৈ ঠাইৰ অভাৱ হোৱাও পৰিলক্ষিত হৈছে ৷
বৃহস্পতিবাৰে নেপাল চৰকাৰৰ বিষয়াসকলে ৰাছুৱাত আবদ্ধ হৈ থকা ২৭ জন বিদেশী পৰ্যটকক উদ্ধাৰ কৰে ৷ ইয়াৰে ১১ জন ভাৰতীয়, চাৰিজন দক্ষিণ কোৰিয়াৰ, দুজন ইটালীৰ আৰু দুজন আমেৰিকাৰ লোক ৷ বাকী আঠজন ব্যক্তিৰ পৰিচয় পোহৰলৈ অহা নাই বুলি নেপাল পৰ্যটন ব’ৰ্ডে সদৰী কৰিছে । নেপাল সেনাই এইসকল লোকক বিমানযোগে কাঠমাণ্ডুলৈ নিয়ে ৷ বিষয়াসকলে জনোৱা মতে, ক্ষতিগ্ৰস্ত ভাৰতীয় পৰ্যটকৰ অধিকাংশই তিব্বতৰ কৈলাস মানস সৰোবৰ আৰু নেপালৰ বাগমতী প্ৰদেশৰ গোঁসাইকুণ্ডালৈ গৈছিল ।
(এজেন্সীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন)
লগতে পঢ়ক: খহি পৰিব পাৰে আৰু এটা বৰফৰ হ্ৰদ ! অহৰহ চকু ৰাখিছে নেপাল চৰকাৰে

