বিপদৰ ওপৰত বিপদ: তিব্বতত ভাগিল বৃহৎ বান্ধ, নেপালত আকৌ হুৱাদুৱা
সাময়িকভাৱে স্থগিত সকলো ধৰণৰ উদ্ধাৰ অভিযান ৷ উদ্ধাৰকাৰী দলসমূহক নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ নেপাল আৰক্ষীৰ নিৰ্দেশনা ৷

By ANI
Published : August 28, 2026 at 1:34 PM IST
ত্ৰিশুলি(নেপাল): নেপালৰ দুখৰ দিনৰ ইমানতে যেন অন্ত পৰা নাই ৷ নেপালৰ বান বিভীষিকাৰ শুকুৰবাৰে তৃতীয়টো দিন ৷ শুকুৰবাৰে পুৱাৰে পৰা উদ্ধাৰকাৰী দলসমূহে অভিযান অব্যাহত ৰাখিছিল ৷ অৱশ্যে ভোটে কোশী নৈৰ জলস্তৰ বৃদ্ধি পোৱাত সাময়িকভাৱে অভিযান স্থগিত ৰাখিবলগীয়া হৈছে ৷
‘দ্য কাঠমাণ্ডু পোষ্ট’ৰ এক প্ৰতিবেদন অনুসৰি, শুকুৰবাৰে নেপাল আৰক্ষীয়ে হিমালয়ৰ পাদদেশত বাস কৰা বিশেষকৈ ত্ৰিশুলি অঞ্চলৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাত গুৰুত্ব আৰোপ কৰিছে ৷ বুধবাৰে ভোটে কোশী নদীৰ ভয়ংকৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৫ লৈ বৃদ্ধি পাইছে বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে ।
ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাট-পথ পুনৰ নিৰ্মাণকে ধৰি প্ৰতিটো উদ্ধাৰ অভিযান সাময়িকভাৱে স্থগিত ৰখা বুলি এগৰাকী আৰক্ষী বিষয়াই এএনআইক জানিবলৈ দিছে ৷ শুকুৰবাৰৰ দিনটোত ভোটে কোশী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতেই তাৎক্ষণিকভাৱে আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷
Alert !! pic.twitter.com/grYxhc5N7Q
— Nepal Police (@NepalPoliceHQ) August 28, 2026
নেপালৰ আৰক্ষী বিষয়া পি চৌধাৰীয়ে কয়, ‘‘জলস্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ গতিকে সকলো উদ্ধাৰ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে । অভিযানত জড়িত সকলো বাহন ঘূৰাই অনা হৈছে ৷ প্ৰতিগৰাকী উদ্ধাৰকৰ্মী নিৰাপদ স্থানলৈ উভতি আহিছে ৷ অঞ্চলটোত বাস কৰা লোকসকলক তৎকালীনভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷ সকলো অভিযান বন্ধ কৰি দিয়া হৈছে । পুনৰবাৰ বান পৰিস্থিতিৰ সম্ভাৱনা আছে, যাৰ বাবে সকলোকে সজাগ কৰি ৰখা হৈছে ।’’
শুকুৰবাৰে চীনৰ ছিচুৱানত হোৱা ৫.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলতে নেপালত এই বান সতৰ্কতা জাৰি কৰা হৈছে । নেপাল আৰক্ষীয়ে জনোৱা মতে, সমতলভূমিলৈ বৈ অহা পানীৰ প্ৰবল ঢৌৰ ফলত নদীৰ জলস্তৰ বৃদ্ধিৰ আশংকা কৰা হৈছে ৷যাৰ বাবে ত্ৰিশুলি অঞ্চলৰ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।
চিজিটিএনৰ এক প্ৰতিবেদন অনুসৰি, চীনৰ ভূমিকম্প অভিযোজন কেন্দ্ৰই দক্ষিণ-পশ্চিম চীনৰ ছিচুৱান প্ৰদেশৰ লংচাং চহৰত ভূমিকম্পৰ কম্পন অনুভূত হোৱা বুলি জানিবলৈ দিছে । আন এক সতৰ্কবাণী জাৰি কৰি নেপাল আৰক্ষীয়ে তিব্বতৰ দিশত আন এক বান্ধ খহি পৰা বুলি দাবী কৰিছে ৷
নেপাল আৰক্ষীয়ে এক্সত পোষ্ট কৰি কয়, ‘‘তিব্বতৰ দিশত নিৰ্মাণ কৰা এটা জলবান্ধ ভাঙি পৰাৰ তথ্য লাভ কৰিছো । সেয়েহে প্ৰতিগৰাকী নিৰাপত্তাৰক্ষী, উদ্ধাৰ আৰু সাহায্য কৰ্মী আৰু সাধাৰণ জনতাক তাৎক্ষণিকভাৱে সজাগ হৈ থাকিবলৈ আৰু নিৰাপদ স্থানলৈ যাবলৈ লগতে আনক অৱগত কৰিবলৈ অনুৰোধ জনাইছো ।’’
নেপালৰ প্ৰতিনিধি সদনত বিৰোধী দলৰ নেতা ভীষ্মৰাজ আংডেম্বে কয় যে ভৌগোলিক প্ৰত্যাহ্বানৰ মাজতো নেপাল সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ত্ৰিশুলিত তেওঁ সাংবাদিকৰ আগত কয়, ‘‘ইয়াৰ বতৰৰ পৰিস্থিতিয়ে অভিযানৰ ক্ষেত্ৰত প্ৰতিকূল কৰি তুলিছে ৷ তথাপিও আমাৰ সেনা আৰু আমাৰ প্ৰতিটো হেলিকপ্টাৰৰে যোৱা অভিযানকাৰী দল সম্পূৰ্ণৰূপে নিয়োজিত হৈ আছে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছো ৷ ব্যক্তিগত খণ্ডৰ আন আন হেলিকপ্টাৰসমূহৰ লগতে সেনাৰ দুখন হেলিকপ্টাৰ আছে ৷ সকলোবোৰেই উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । আমি সকলোকে পৰিস্থিতিৰ বিষয়ে ধাৰাবাহিকভাৱে অৱগত কৰি আহিছো আৰু আমাৰ নিৰাপত্তা সংস্থাসমূহে সাধাৰণ লোকসকলক সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে ।’’
উল্লেখ্য যে, এই আহ্বানৰ পিছৰে পৰা ত্ৰিশুলিৰ পৰা ৰাছুকালৈ যোৱা পথটোৰ মেৰামতি আৰু নিৰ্মাণকাৰ্য বন্ধ হৈ পৰিছে ।
লগতে পঢ়ক: খহি পৰিব পাৰে আৰু এটা বৰফৰ হ্ৰদ ! অহৰহ চকু ৰাখিছে নেপাল চৰকাৰে

