ETV Bharat / international

ধাৰাসাৰ বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

উদ্ধাৰ আৰু সাহায্যৰ বাবে ভাৰত, চীন আৰু অন্যান্য দেশৰ সৈতে নেপালে সমন্বয় অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী বলেন শ্বাহে ৷

Nepal flash floods
প্ৰকৃতিৰ ৰোষত নেপাল (IANS)
author img

By ANI

Published : August 29, 2026 at 9:51 AM IST

3 Min Read
Choose ETV Bharat

ত্ৰিশুলি: নেপালৰ ত্ৰিশুলি অঞ্চলত হৈ থকা প্ৰচণ্ড বৰষুণৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে উদ্ধাৰ অভিযান ৷ যাৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষই হেলিকপ্টাৰ অভিযান বন্ধ কৰিবলগীয়া হৈছে ।

বতৰৰ অৱনতি ঘটাৰ বাবেও কৰ্তৃপক্ষই সতৰ্কতামূলক ব্যৱস্থা হিচাপে পানী বৃদ্ধি পোৱা নদীখনৰ আশে-পাশে থকা অঞ্চলৰ পৰা মানুহক ইতিমধ্যে উলিয়াই আনিছে ।

ইফালে, নেপাল আৰক্ষীয়ে এক্সত জনোৱা মতে, কাঠমাণ্ডু আৰু মুগলিঙৰ মাজৰ পথছোৱা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে, ধাডিঙৰ বাইৰেনী বজাৰত মাত্ৰ এক কিলোমিটাৰ পথেৰে একমুখী যাতায়ত চলি আছে ৷

ভোটে কোশী-ত্ৰিশুলি কৰিড’ৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নিৰাপত্তা সংস্থা আৰু স্থানীয় কৰ্তৃপক্ষই অনুসন্ধান আৰু উদ্ধাৰ অভিযান স্থগিত ৰখা হৈছে ।

Nepal flash floods
বাঢ়ি আহিছে ত্ৰিশুলি নদীৰ জলপৃষ্ঠ (ANI)

আনহাতে, সুৰক্ষা সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী বলেন শ্বাহে ফেচবুক পোষ্টযোগে কয় যে ৰাছুৱা আৰু ভোটে কোশী-ত্ৰিশুলি কৰিড’ৰকে ধৰি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ১৫,৪৩১জন নিৰাপত্তাৰক্ষীক অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হৈছে । এইসকলৰ ভিতৰত আছে নেপালী সেনাৰ ৬,৭৫৫ জন, নেপাল আৰক্ষীৰ ৪,৪৭৩ জন আৰু সশস্ত্ৰ আৰক্ষী বাহিনী নেপালৰ ৪,২০৩ জন জোৱান ।

শ্বাহৰ মতে জলবিদ্যুৎ সুৰংগৰ পৰা ইতিমধ্যে ১৯১ জন শ্ৰমিকক আৰু হেলিকপ্টাৰ শ্বাটল অভিযানৰ জৰিয়তে ৫১৭ জন শ্ৰমিককে ধৰি এই পৰ্যন্ত মুঠ ৪৪৫১ জন লোকক উদ্ধাৰ কৰা হৈছে।

ইপিনে, বতৰৰ শেহতীয়া অৱনতি ঘটাৰ পূৰ্বে নেপালী সেনা আৰু ব্যক্তিগত খণ্ডৰ ষোল্লখন হেলিকপ্টাৰে ধুনচে, ত্ৰিশুলি, টাইমুৰে আৰু ছ্যাব্ৰুবেছিত ৯৯খন শ্বাটল বিমান চলাইছিল ।

বিশেষ দলসমূহে উচ্চ ত্ৰিশুলি জলবিদ্যুৎ প্ৰকল্প, ৰসুৱাগঢ়ী জলবিদ্যুৎ কেন্দ্ৰ আৰু অন্যান্য দুৰ্বল সুৰংগ স্থানত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাত মনোনিৱেশ কৰি আহিছে ।

কৰ্তৃপক্ষই ১২৯ জন বিদেশী পৰ্যটক আৰু নাগৰিককো উদ্ধাৰ কৰি চিনাক্ত কৰিছে, নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে দূতাবাস আৰু পৰিয়ালৰ সৈতে সমন্বয়ৰ বাবে জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষ পৰিচালনা কৰিছে ।

শ্বাহে কয় যে উচ্চ বিপদজনক অঞ্চলত আগতীয়া সতৰ্কবাণী আৰু স্থানান্তৰৰ প্ৰস্তুতি সক্ৰিয় হৈ আছে, নাগৰিকসকলক ২ লাখতকৈ অধিক এছএমএছ সতৰ্কবাণী জাৰি কৰা হৈছে ।

ৰাছুৱাৰ ভোটে কোছি নদীৰ অঞ্চলত ব্যাপক ধ্বংসলীলাৰ ফলত কেইবাজনো লোকৰ মৃত্যু বা নিৰুদ্দেশ হোৱাৰ লগতে মূল পথ আৰু যোগাযোগত বিঘিনি ঘটিছে।

উদ্ধাৰ আৰু সাহায্যৰ বাবে ভাৰত, চীন আৰু অন্যান্য দেশৰ সৈতে নেপালে সমন্বয় অব্যাহত ৰাখিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় ৷ আনহাতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পথ, দূৰসংযোগ, বিদ্যুৎ আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

মন কৰিবলগীয়া যে বিহাৰত নেপালৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পশ্চিম চম্পাৰণ জিলাৰ ভাৰত-নেপাল সীমান্তৰ গণ্ডক বেৰেজৰ জলপৃষ্ঠৰ উঠা-নমা অব্যাহত আছে । বৰ্তমান নদীৰ জলপৃষ্ঠ ৯৭,৫০০ কিউচেক হৈ আছে, যিটো স্বাভাৱিক পৰিসৰৰ ভিতৰত বুলি ধৰা হয় ।

লগতে পঢ়ক: নেপালত সন্ধানহীন অসমৰ ১২জন: তালিকা দিলে মুখ্যমন্ত্ৰীয়ে