ETV Bharat / international

নেপালৰ বানত  ৩৫৯  জন নিহত, ৩০০ ভাৰতীয়কে ধৰি ১৪০০ৰো অধিক লোক সন্ধানহীন

ভাৰতৰ মানৱীয় সাহায্য, দুৰ্যোগ সাহায্য আৰু চিকিৎসা সাহায্য কাঠমাণ্ডুত উপস্থিত হৈছে । এই বান যোৱা কিছু বছৰত নেপালত সংঘটিত অন্যতম ভয়াবহ দুৰ্যোগ হিচাপে পৰিগণিত হৈছে৷

NEPAL FLASH FLOOD
ভোটেকোশীৰ বানপীড়িত অঞ্চল (Photo/RSS Nepal via ANI)
author img

By ANI

Published : August 27, 2026 at 7:32 AM IST

|

Updated : August 27, 2026 at 5:46 PM IST

5 Min Read
Choose ETV Bharat

কাঠমাণ্ডু (নেপাল) : বুধবাৰে তিব্বতত আৰম্ভ হোৱা প্ৰচণ্ড বানে মধ্য নেপাল বিধ্বস্ত কৰি প্ৰায় ৩৫৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ জন ভাৰতীয় নাগৰিককে ধৰি ১৪০০ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে । বানে কেইবাখনো চহৰ আৰু গাঁও ধ্বংস কৰাৰ লগতে গুৰুত্বপূৰ্ণ দলংসমূহ উটুৱাই লৈ যায় আৰু এক ডজন জলবিদ্যুৎ প্ৰকল্পৰ ক্ষতিসাধন কৰে ।

নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদ হ্ৰাস আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষই এক্সৰ এটা পোষ্টত কয়, "এতিয়ালৈকে বানপীড়িত অঞ্চলৰ পৰা ১৬৫ জন মৃতদেহ উদ্ধাৰ কৰা হৈছে; চিনাক্তকৰণ অব্যাহত আছে ।" নেপাল পৰ্যটন ব'ৰ্ডৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, ৪৬৭ জন বিদেশী পৰ্যটক আৰু ৪১২ জন নেপালী নাগৰিকসহ মুঠ ৮৭৯ জন লোক নিৰুদ্দেশ হৈ আছে ।

বুধবাৰে পুৱা পাহাৰৰ পৰা নামি অহা পানীৰ ধলে তিনিখন জিলাত বিধ্বংসী ৰূপ ধাৰণ কৰি মানুহ, ঘৰ-দুৱাৰ, যান-বাহনকে ধৰি অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আদি বুৰাই পেলায় ৷ এই বান যোৱা কিছু বছৰত নেপালত সংঘটিত অন্যতম ভয়াবহ দুৰ্যোগ হিচাপে পৰিগণিত হৈছে ৷

কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰা অনুসৰি বানত বিদেশী নাগৰিক আৰু নিৰাপত্তাৰক্ষীসহ বৰ্তমান পৰ্যন্ত ১৫৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪০০ লোক নিৰুদ্দেশ হৈ আছে ৷

নেপাল আৰক্ষীৰ এক্সৰ পোষ্টৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰা অনুসৰি এই ভয়াৱহ বানত কমেও ১৫৭ জন লোকৰ মৃত্যু হৈছে ৷ নেপালৰ চীনৰ সীমান্তত অৱস্থিত ৰাছুৱাগাধিৰ সমীপৰ টাইমুৰে অঞ্চলত হিমস্খলনে ভোটেকোশী উপনৈ লেণ্ডেৰ প্ৰবাহ বন্ধ কৰি দিয়ে ৷ তাৰ পিছত পানী দ্ৰুতগতিত তললৈ ছায়াফ্ৰুবেছি আৰু অন্যান্য বসতিস্থলৰ ফালে গতি কৰে ৷ অঞ্চলটোত বৰষুণ নোহোৱাৰ ফলত ৰাইজে বানৰ আগতীয়া কোনো সতৰ্কবাণী লাভ কৰা নাছিল ৷

নেপালৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃতিত ৩৯১জন বিদেশী আৰু ৪৪জন নিৰাপত্তাৰক্ষীকে ধৰি শতাধিক লোক নিৰুদ্দেশ হোৱা বুলি দ্য কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰিছে ৷ পানীয়ে আন্তঃগাঁথনিৰো যথেষ্ট ক্ষতিসাধন কৰে ৷ দ্য কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰা প্ৰাৰম্ভিক মূল্যায়ন অনুসৰি ৯টা জলবিদ্যুৎ প্ৰকল্প আৰু বাণিজ্যিক বেংকৰ ৯টা শাখা ধ্বংস হোৱাৰ বিপৰীতে ১৯খন মটৰচালিত দলং আৰু প্ৰায় ৪০ কিলোমিটাৰ ঘাইপথ জাহ গৈছে ৷

ইফালে সাহায্য অভিযানৰ সমান্তৰালকৈ ভাৰতে নেপাললৈ মানৱীয় সাহায্য সংগঠিত কৰিবলৈ আৰম্ভ কৰিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে উল্লেখ কৰে যে ভাৰতৰ মানৱীয় সাহায্য, দুৰ্যোগ সাহায্য (HADR) আৰু চিকিৎসা সাহায্য কাঠমাণ্ডুত উপস্থিত হৈছে ৷

জয়শংকৰে এক্সৰ এটা পোষ্টত কয়, "ভাৰতৰ এইচ এ ডি আৰ আৰু চিকিৎসা সাহায্য কাঠমাণ্ডুত উপস্থিত হৈছে ৷ সাহায্য প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ অধিক সাহায্য সংগঠিত কৰা হৈছে ৷" বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ পূৰ্বৰ এক্স পোষ্ট অনুসৰি ভাৰতে নেপাললৈ অত্যাৱশ্যকীয় ঔষধৰ লগতে ১০ টন মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (HADR) সামগ্ৰী প্ৰেৰণ কৰিছে ৷

ভাৰতীয় বায়ুসেনাই সাহায্য অভিযানৰ বাবে নিয়োজিত C130J বিমানে ১০ টন সাহায্য সামগ্ৰী কঢ়িয়াই লৈ গৈ আছে নেপাললৈ ৷ ইয়াৰ ভিতৰত জৰুৰীকালীন সামগ্ৰী যেনে অস্থায়ী আশ্ৰয় শিবিৰ, কম্বল, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কিট, সৌৰ লেম্প, ঔষধ আদি অন্তৰ্ভুক্ত ৷

কাঠমাণ্ডু পোষ্টৰ তথ্য অনুসৰি নেপালৰ জলবিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে কয় যে বৰফৰ হিমস্খলন আৰু তাৰ পিছত এটা ধ্বংসাৱশেষ হ্ৰদ গঠন আৰু বিস্ফোৰণৰ ফলত হয়তো ৰাছুৱাৰ ভোটেকোশী নদীত হঠাৎ বানৰ সৃষ্টিৰ কাৰণ হ’ব পাৰে ৷

এক্সৰ পোষ্টত নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদ হ্ৰাস আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষই কয়, “প্লেনেট লেবছৰ উপগ্ৰহৰ চিত্ৰ বিশ্লেষণৰ ভিত্তিত কৰা এক প্ৰাৰম্ভিক অধ্যয়নত দেখা গৈছে যে নেপাল-চীন ৰাছুৱাগাধি সীমান্তৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত নেপাল-চীন সীমান্তৰ লেণ্ডে নদীত বৰফ আৰু শিলৰ ভূমিস্খলনৰ ফলত হিমবাহ সম্পৰ্কীয় বানৰ সৃষ্টি হৈছিল ৷”

অৱশ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদ হ্ৰাস আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখপাত্ৰ শান্তি মহতে কয় যে সংস্থাটোৱে হিমস্খলনে এখন নদী অৱৰোধ কৰাৰ প্ৰাৰম্ভিক তথ্যও লাভ কৰিছে ৷ কাঠমাণ্ডু পোষ্টৰ মতে, এই তথ্য চীনৰ সূত্ৰৰ পৰা লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সংহত পৰ্বত উন্নয়ন কেন্দ্ৰ (আইচিআইএমঅ'ডি)ই শ্বেয়াৰ কৰিছে ৷

মহতে কয় যে আমি এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই ৷ "কিন্তু আইচিআইএমঅ'ডিয়ে আমাৰ সৈতে সিফালৰ পৰা তথ্য ভাগ-বতৰা কৰিছে ৷ এইটো মাত্ৰ প্ৰাৰম্ভিক অনুমান ৷ বৰ্তমান আমি উদ্ধাৰ আৰু সাহায্য অভিযানত মনোনিৱেশ কৰিছো ৷ কাৰণটো ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিব ৷"

নিৰুদ্দেশ হোৱা লোকৰ সংখ্যাই বুধবাৰৰ বানপানী নেপালৰ আধুনিক ইতিহাসৰ অন্যতম মাৰাত্মক দুৰ্যোগ হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে বুলি কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : নেপালত জলপ্ৰলয়: উদ্ধাৰকাৰ্যত নামিল নেপাল সেনা, যিকোনো অভিযানৰ বাবে সাজু এছএছবি

সকলো ধৰণৰ সহায় কৰিব ভাৰতে...! নেপালৰ বিধ্বংসী বান সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ পৰা ৰাহুল গান্ধীলৈ সহানুভূতি প্ৰকাশ

আকস্মিক বানৰ গ্ৰাসত নেপাল, বিহাৰলৈ অহা ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ অমিত শ্বাহৰ

Last Updated : August 27, 2026 at 5:46 PM IST