ম্যানমাৰত শোকৰ বন্যা: সামৰিক অভ্যুত্থানৰ পিছৰ সংঘাতত মৃত্যুৰ সংখ্যা এক লাখলৈ বৃদ্ধি
বিশ্লেষকসকলে এই পাঁচ বছৰীয়া গৃহযুদ্ধক এছিয়াৰ সকলোতকৈ ভয়ংকৰ সংঘাত বুলি গণ্য কৰিছে ।

By AFP
Published : July 1, 2026 at 8:02 PM IST
য়াংগুন: ১৯৪৮ চনৰ পৰাই ম্যানমাৰত সময়ে সময়ে বিদ্ৰোহ চলি আহিছে । তেনে কোনো বিশেষ কাৰণ নথকাকৈয়ে ক’ভিডকালীন পৰিৱেশৰ মাজতে পুনৰবাৰ ২০২১ চনত ম্যানমাৰত সামৰিক অভ্যুত্থান ঘটিছিল ৷
বিগত পাঁচ বছৰ পূৰ্বৰ সামৰিক অভ্যুত্থানৰ পিছত ম্যানমাৰত আৰম্ভ হোৱা গৃহযুদ্ধত এক লাখতকৈ অধিক লোক নিহত হোৱা বুলি বুধবাৰে এক সূত্ৰত প্ৰকাশ পাইছে ৷
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক বাহিনীয়ে আং-ছান-ছ্যুকীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ লগতে নোবেল বঁটা বিজয়ী নেত্ৰীগৰাকীক আটক কৰি ম্যানমাৰৰ গণতন্ত্ৰৰ দশকজোৰা পৰীক্ষা-নিৰীক্ষাৰ অন্ত পেলায় ।
নিৰাপত্তা বাহিনীয়ে এনে অভ্যুত্থান বিৰোধী প্ৰতিবাদ দমন কৰিছিল যদিও কৰ্মীসকলে চহৰৰ বাহিৰলৈ গৈ গণতন্ত্ৰৰ সমৰ্থক গেৰিলা গোট গঠন কৰিবলৈ আৰম্ভ কৰে । দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় শাসনক প্ৰতিহত কৰা সংখ্যালঘু জনগোষ্ঠীয় সেনাৰ সৈতে তেওঁলোকে যুঁজিছিল ।
আৰ্মড কনফ্লিক্ট ল'কেশ্ব'ন এণ্ড ইভেণ্ট ডাটা(ACLED)ৰ শেহতীয়া তথ্য অনুসৰি, এই অভ্যুত্থানৰ পিছত হোৱা সংঘাতত এক লাখ ১১৪ গৰাকী লোকৰ মৃত্যু ঘটিছে । অৱশ্যে মৃত্যুৰ সংখ্যা সন্দৰ্ভত চৰকাৰী তথ্যৰ অভাৱ দেখা গৈছে ৷ বিশ্লেষকসকলে এই পাঁচ বছৰীয়া গৃহযুদ্ধক এছিয়াৰ সকলোতকৈ ভয়ংকৰ সংঘাত বুলি গণ্য কৰিছে ।
এই সংঘাত সম্পৰ্কে ৪৯ বছৰীয়া থেইন আয়ে নুৱে কয়, ‘‘এই বিষ কেতিয়াও শেষ নহয় । যোৱা মাহত পশ্চিম ৰাখিনে ৰাজ্যত হোৱা বিমান আক্ৰমণত মোৰ স্বামী নিহত হৈছিল ৷ মই অত্যন্ত দুখ আৰু খং অনুভৱ কৰিছো । কিন্তু এই খং কাক কৰিব লাগে, সেয়া মই নাজানো ৷ মাত্ৰ ইয়াক ভাগ্য বুলি মানি নিজকে সান্ত্বনা দিব লাগিব ।’’
সমগ্ৰ দেশত হোৱা সংঘৰ্ষ
এই অভ্যুত্থানৰ পিছত ম্যানমাৰত পাঁচ বছৰ ধৰি সেনাপ্ৰধান মিন আং হ্লাইঙৰ স্বেচ্ছাচাৰী শাসন চলে । এপ্ৰিল মাহত তেওঁ অসামৰিক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সামৰিক বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰে । পূৰ্বৰ নিৰ্বাচন যথেষ্ট সীমিত আছিল ৷ বিদ্ৰোহীসকলে তেওঁলোকৰ ভূখণ্ডত ভোটদানত বাধা দিছিল আৰু ছ্যুকীৰ দলটোক এলাগী কৰি ৰাখিছিল ।
গণতন্ত্ৰৰ ওপৰত কঠোৰ দৃষ্টি নিবদ্ধ ৰখাসকলে এই ভোটদানক মিন আং হ্লাইঙৰ শাসন ব্যৱস্থাৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ উদ্দেশ্যেৰে কৰা ছলনা বুলি দাবী কৰে ৷ বিপৰীতে বিদ্ৰোহীসকলে তেওঁৰ নতুন শান্তি আলোচনাৰ প্ৰস্তাৱ নাকচ কৰি এয়া হ্লাইঙৰ আন্তঃৰাষ্ট্ৰীয় মান উন্নত কৰাৰ কৌশল বুলি অভিহিত কৰে ।
মধ্য মেগৱে অঞ্চলৰ মাইচে চহৰৰ এজন লোকে কয়, ‘‘অভ্যুত্থান নহ’লে ল’ৰা-ছোৱালীবোৰে স্কুলত পঢ়িব পাৰিলেহেঁতেন ৷’’ উল্লেখ্য যে, শেহতীয়াকৈ এই লোকজনৰ কিশোৰ পুত্ৰৰ মৃত্যু হৈছিল । তেওঁ লগতে কয় যে তেওঁৰ পুত্ৰই গণতন্ত্ৰ সমৰ্থক বিদ্ৰোহীৰ হৈ যুদ্ধ কৰিবলৈ ঘৰৰ পৰা পলাই গৈ যুদ্ধত প্ৰাণ হেৰুৱাইছিল ।
তেওঁ পুনৰ কয়, ‘‘আমি বৌদ্ধধৰ্ম অনুসৰি তাৰ অন্ত্যেষ্টিক্ৰিয়া সঠিকভাৱে সম্পন্ন কৰাৰ সুযোগেই নাপালোঁ । সেই সময়ত প্ৰচণ্ড গুলী-বাৰুদ নিক্ষেপ কৰা হৈছিল ।’’
‘‘সি ইমানবোৰ স্মৃতি এৰি থৈ গৈছে ৷ মই কিন্তু তাৰ বাবে একো কৰিবলৈ সুযোগ নাপালো ৷ সেইটোৱে মোক কোনো সান্ত্বনা দিব নোৱাৰে’’ বুলি লোকজনে পুনৰ কয় ৷
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ম্যানমাৰত ৩৭ লাখতকৈ অধিক লোকে নিজৰ ঠাই এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে ৷ দেশখনে দৰিদ্ৰতাৰ দিশলৈ গতি কৰাটোৱে এইটোকে সূচাইছে যে প্ৰতি পাঁচজনৰ ভিতৰত এজনতকৈ বেছি লোক লোক ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হৈছে ৷
ইয়াৰ মাজতে দেশখনৰ সবাতোকৈ ডাঙৰ চহৰ য়াংগুনত কেতিয়াবা কেতিয়াবা হিংসা হত্যাত পৰিণত হ’ব পাৰে । আন আন ঠাইসমূহতো দীৰ্ঘদিনীয়া সংঘাতৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে ৷ সেনাবাহিনীৰ অন্তৰ্গত ৰাছিয়া আৰু চীনৰ জেট বিমানে দৈনিক বিমানেৰে আক্ৰমণ চলাই আছে ।
এচিএলইডিৰ মতে, যোৱা বছৰ ম্যানমাৰ আছিল বিশ্বৰ দ্বিতীয় সৰ্বাধিক সংঘাতগ্ৰস্ত দেশ ৷ এইক্ষেত্ৰত পেলেষ্টাইন শীৰ্ষত আছিল ৷ এই গৃহযুদ্ধত এচিএলইডিয়ে ১২০০ ৰো অধিক সুকীয়া সশস্ত্ৰ গোটৰ নাম লিপিবদ্ধ কৰাৰ লগতে ইয়াক ‘বিশ্বৰ আটাইতকৈ খণ্ডিত সংঘাত’ বুলি অভিহিত কৰিছে ।
এচিএলইডিৰ শীৰ্ষ বিশ্লেষক ছান মন থাণ্টে কয়, ‘‘এয়া মাৰাত্মক, সাধাৰণ নাগৰিকৰ বাবে বিপজ্জনক আৰু এই সংঘাত সমগ্ৰ দেশতে বিয়পি পৰিছে । সংঘাতৰ পৰিস্থিতি সলনি হৈয়েই আছে, কেতিয়াবা এটা পক্ষৰ পক্ষত আৰু কেতিয়াবা আনটো পক্ষৰ পক্ষত ।’’
২০২৩ চনৰ শেষৰফালে বিদ্ৰোহী গোটসমূহৰ যৌথ আক্ৰমণে সফলতা লাভ কৰিছিল ৷ তেওঁলোকে দ্ৰুতগতিত দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলেৰ দিশে আগবাঢ়িছিল ৷ সেইসময়ত তেওঁলোকে আনকি এই পূৰ্বৰ ৰাজধানীখনো দখল কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছিল ৷
কিন্তু বিশেষজ্ঞসকলে কয় যে চীনৰ সমৰ্থন আৰু বেইজিঙৰ সহায়ত সুৰক্ষিত হোৱা দুটা আটাইতকৈ শক্তিশালী সংখ্যালঘু জনগোষ্ঠীয় সেনাবাহিনীৰ সৈতে হোৱা যুদ্ধবিৰতি চুক্তিৰ পিছত পৰিস্থিতি পুনৰবাৰ সামৰিক বাহিনীৰ পক্ষত স্থানান্তৰিত হৈছে ।
'মৰিবলৈ পঠিওৱা'
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সেনাই ৫০ হাজাৰ নাগৰিকক বলপূৰ্বকভাৱে নিযুক্তি দি নিজৰ পক্ষ শক্তিশালী কৰাৰ লক্ষ্যৰে বাধ্যতামূলক সামৰিক সৈনিক আইন ৰূপায়ণ কৰে । সেৱা আগবঢ়োৱাৰ পিছত পলায়ন কৰা এজন প্ৰাক্তন সৈনিকে কয়, ‘‘এই সৈনিকসকলে বলপূৰ্বকভাৱে একো কৰিব নোৱাৰে । এনে লাগে যেন তেওঁলোকক মাত্ৰ মৰিবলৈহে পঠিওৱা হৈছে ।’’
নিৰাপত্তাৰ খাতিৰত পৰিচয় গোপনে ৰাখিব খোজা এজন ২০ বছৰীয়া যুৱকে কয়, ‘‘যদি আপুনি এটা ঠাইত মৃত্যুবৰণ নকৰে, তেন্তে তেওঁলোকে আপোনাক আন ঠাইলৈ পঠিয়াই দিয়ে ।’’
এই যুদ্ধৰ সুদূৰপ্ৰসাৰী পৰিণতি বিদেশতো দেখা গৈছে ৷ চুবুৰীয়া দেশ থাইলেণ্ড আৰু বাংলাদেশৰ শৰণাৰ্থী শিবিৰসমূহত অতিমাত্ৰা ভিৰ হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধী দলসমূহৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে ।
পৰ্যবেক্ষকসকলে কয় যে হেৰ’ইন আৰু মেথামফেটামাইনৰ দৰে ড্ৰাগছজাতীয় সামগ্ৰীৰ দ্বাৰা ততালিকে বৃদ্ধি পোৱা লাভৰ দ্বাৰা প্ৰতিটো দিশৰ সশস্ত্ৰ সংগঠনে নিজৰ ক্ষেত্ৰ ভৰাই তুলিছে ।
ইফালে ম্যানমাৰৰ শিথিলভাৱে পৰিচালিত সীমান্ত অঞ্চলসমূহ অনলাইন কেলেংকাৰীৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ৷ যিবোৰ প্ৰায়ে উগ্ৰপন্থীৰ দ্বাৰা সুৰক্ষিত দুৰ্গম চৌহদৰ পৰা পৰিচালিত হয় ৷

