ETV Bharat / international

সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল, যুঁজিবলৈ আমি বদ্ধপৰিকৰ : প্ৰধানমন্ত্ৰী মোদী

২৬ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে হুংকাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

PM Modi at 26th SCO summit
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল, যুঁজিবলৈ আমি বদ্ধপৰিকৰ (PM Narendra Modi X)
author img

By ANI

Published : September 1, 2026 at 3:57 PM IST

2 Min Read
Choose ETV Bharat

কিৰ্গিস্তান: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিস্কেকৰ পৰাই বিশ্ববাসীক দিলে বিশেষ বাৰ্তা ৷ ২৬ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনক সম্বোধন কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল, সন্ত্ৰাসবাদক দমন আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমি বদ্ধপৰিকৰ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷ লগতে তেওঁ কয় যে ভাৰতৰ নীতি হৈছে যুদ্ধ সমাপ্ত হোৱা বা সংঘৰ্ষ শেষ কৰা ৷

এক্স যোগে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে,"২৬ সংখ্যক এছচিঅ' আমাৰ বাবে বিশেষ, কিয়নো ২৫ বছৰ অতিক্ৰম কৰিলে এছচিঅ'ই ৷ আমাৰ পৰৱৰ্তী লক্ষ্য হ'ব লাগে যে, আগন্তুক ২৫ বছৰৰ কি কি এজেণ্ডাত কাম কৰিব পাৰি ৷ ভাৰতৰ স্থিতি স্পষ্ট, নিৰাপত্তা, যোগাযোগ আৰু সুবিধা এই তিনিটা বিষয়ৰ প্ৰতি আমি গুৰুত্ব দিও ৷"

তেওঁ লগতে কয়,"আমি অনুধাৱন কৰা উচিত যে এছচিঅ'ৰ লক্ষ্য হ'ব লাগে সন্ত্ৰাসবাদ নিৰ্মূল কৰা ৷ সন্ত্ৰাসবাদীৰ গতিবিধি যেনে আৰ্থিক লেনদেন, নিযুক্তি, সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নিষ্ক্ৰিয় কৰিবলৈ আমি ইতিমধ্যে সক্ষম হৈছো ৷ ৰাষ্ট্ৰসমূহে তেওঁলোকৰ নীতি পৰৱৰ্তন কৰিব লাগে, যিয়ে সন্ত্ৰাসবাদীক আশ্ৰয়, সমৰ্থনৰ বিৰোধিতা কৰে ৷ ইয়াৰ দ্বাৰা ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদীক এইটো বাৰ্তা দিব লাগে কেতিয়াও সন্ত্ৰাসবাদীক আশ্ৰয় নিদিয়ে ৷"

নিৰাপত্তা, যোগাযোগ, প্ৰযুক্তিবিদ্যাৰ গুৰুত্ব প্ৰদানৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰীয়ে কয়,"শক্তিশালী আৰু নিৰ্ভৰযোগ্য যোগাযোগে অধিক উন্নয়নৰ ভাগ-বাটোৱাৰা কৰে ৷ ভাৰতে বজাৰসমূহক সংযোগ কৰা, বাণিজ্যৰ সুবিধা প্ৰদান কৰা আৰু উন্নয়নৰ নতুন পথ মুকলি কৰা সকলো পদক্ষেপক সমৰ্থন কৰে । আমাৰ সফলতাৰ প্ৰকৃত পৰিমাপ হ'ব লাগে ৷"

তেওঁ লগতে কয়, "আমাৰ প্ৰচেষ্টাই যুৱক-যুৱতীসকলৰ বাবে কিমান নতুন সুযোগ সৃষ্টি কৰিছে ৷ আমাৰ উদ্যোগীসকলৰ বাবে কিমান নতুন বজাৰ মুকলি হৈছে ৷ প্ৰযুক্তিৰ দ্বাৰা আমাৰ কৃষকসকলে কিমান লাভৱান হৈছে আৰু আমাৰ নাগৰিকসকলৰ জীৱনৰ মানদণ্ড কিমান উন্নত হৈছে। তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে ৷"

লগতে পঢ়ক: নেপালী দূতাবাসত ৰাজনাথ সিং: আকস্মিক বানৰ ধ্বংসলীলাক লৈ শোকবাৰ্তা