ETV Bharat / international

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা: আমেৰিকাৰ আক্ৰমণত ইৰাণত নিহত ১১, আমেৰিকাৰ ঘাটিত প্ৰত্যাক্ৰমণ

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে আমেৰিকাৰ আক্ৰমণত ১১ জন নিহত আৰু ৬৮ জন আহত হোৱাৰ বাতৰি পৰিৱেশনৰ বিপৰীতে আমেৰিকাই আইআৰজিচিক লক্ষ্য কৰি লোৱা বুলি কয় ।

Donald Trump
৩১ আগষ্টত টেহৰাণৰ ডাউনটাউনৰ এটা ৰাস্তাৰ কাষৰ এটা অট্টালিকাত স্থাপন কৰা কেটাৰিং কণ্টেইনাৰৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ফটো (AFP)
author img

By ETV Bharat Assamese Team

Published : September 2, 2026 at 12:24 PM IST

6 Min Read
Choose ETV Bharat

নতুন দিল্লী : ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ । মঙলবাৰে নিশা সংঘটি আক্ৰমণত এটা শিশুকে ধৰি কমেও ১১ জন লোকৰ মৃত্যু হয় । ইয়াৰ পিছতে টেহৰানে সমগ্ৰ অঞ্চলটোৰ আমেৰিকান ঘাটিসমূহত মিছাইল আৰু ড্ৰ’নেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ লগে লগে মধ্যপ্ৰাচ্যত ছমাহতকৈ অধিক সময় ধৰি চলি থকা দুই-এটা যুদ্ধৰ মাজতে পুনৰ শত্ৰুতাই মূৰ দাঙি উঠিছে ।

বুধবাৰে পুৱা ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে দক্ষিণ-পশ্চিম প্ৰদেশ খুজেস্তানত তিনিটা স্থানত আমেৰিকাৰ আক্ৰমণত কমেও ৭ জন লোকৰ মৃত্যু হৈছে ।

চৰকাৰী সংবাদ মাধ্যম ইৰনাই কয়, "খুজেস্তান প্ৰদেশৰ নিৰাপত্তা আৰু আইন প্ৰয়োগকাৰী পৰিক্ৰমা বিভাগৰ উপ-গৱৰ্ণৰে কয় যে যোৱানিশা প্ৰদেশখনৰ তিনিটা স্থানত আমেৰিকাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত ৭ জন লোকৰ মৃত্যু হৈছে আৰু ৮ জন লোক আহত হৈছে ।"

ইৰাণৰ ৰেড ক্ৰীচেণ্টে মঙলবাৰে সন্ধিয়া দক্ষিণ ছিৰিক কাউণ্টিত অনুষ্ঠিত এখন বিয়াত আমেৰিকাৰ আক্ৰমণত এজন শিশুকে ধৰি চাৰিজন লোক নিহত হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱাৰ কথা প্ৰকাশ কৰাৰ পিছতে এই ঘটনা সংঘটি হৈছে ।

পৰৱৰ্তী সময়ত হৰমোজগান প্ৰদেশৰ উপ-ৰাজ্যপাল আহমদ নাফিচিয়ে ইৰাণৰ চৰকাৰী টেলিভিছনক জনোৱা মতে, এই আক্ৰমণত ৬৮ জন লোক আহত হৈছে । এছ’চিয়েটেড প্ৰেছৰ মতে, নাফিচিয়ে কয় যে দক্ষিণ ইৰাণৰ কুহেষ্টাকত বিয়া অনুষ্ঠিত হোৱা ভৱনটোত আমেৰিকাৰ আক্ৰমণৰ ফলত এটা শিশুকে ধৰি পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ৬৮ জন লোক আহত হয় ।

ইৰাণৰ সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতি সমিতিৰ অধ্যক্ষ ইব্ৰাহিম আজিজীয়ে X পোষ্টত সকীয়াই দিয়ে যে তেহৰানে ইয়াৰ প্ৰতিশোধ ল’ব । তেওঁ বিয়াখনৰ ওপৰত আক্ৰমণৰ ভিডিঅ’ শ্বেয়াৰ কৰি এই সকীয়নি প্ৰদান কৰে ।

তেওঁ লিখিছে, "ইৰাণৰ কুহেষ্টাকত এখন বিয়াক লক্ষ্য কৰি নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰাটো মানৱ অধিকাৰৰ ভুৱা ৰক্ষকসকলৰ চূড়ান্ত হতাশাৰ চূড়ান্ত প্ৰমাণ, মিনাব আৰু লেমেৰ্ডত তেওঁলোকৰ অত্যাচাৰৰ পুনৰাবৃত্তি । ভুল নকৰিব: এই অপৰাধসমূহৰ শাস্তি নোপোৱাকৈ নাথাকে । ইৰাণৰ সশস্ত্ৰ বাহিনীৰ প্ৰত্যুত্তৰৰ ইচ্ছাৰ পৰা একোৱেই তেওঁলোকক ৰক্ষা নকৰে ।"

ইৰাণী সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ আক্ৰামিনিয়াই তেওঁৰ X একাউণ্টত এটা পোষ্টত কয়, “নিঃসন্দেহে এই ধৃষ্টতা আৰু আগ্ৰাসনৰ প্ৰতিশোধ শত্ৰুৰ ওপৰত অতি সোনকালে লোৱা হ’ব ।”

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুখপাত্ৰ কেপ্টেইন টিম হকিন্সে কয় যে তেওঁলোকে অসামৰিক লোকৰ মৃত্যুৰ খবৰৰ বিষয়ে অৱগত । তেওঁ দাবী কৰে যে ইয়াৰ উৎপত্তি “ইৰাণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা হৈছে ।”

হকিন্সে কয় যে আইআৰজিচিৰ দৰে আমেৰিকাৰ সেনাই কেতিয়াও সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা নাই ।

ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়া আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এক বিবৃতিত কয় যে ইৰাণৰ “বায়ু প্ৰতিৰক্ষা স্থান, ৰাডাৰ ব্যৱস্থা আৰু সামুদ্ৰিক সম্পত্তিকে ধৰি সামৰিক লক্ষ্য”ৰ বিৰুদ্ধে শেহতীয়া আক্ৰমণ সম্পূৰ্ণ কৰিছে ।

দেওবাৰে সংঘটি এই আক্ৰমণ কোনো ধৰণৰ সামৰিক ব্যৱস্থা গ্ৰহণ নকৰাকৈ পাৰ হোৱা এমাহ সময়ৰ হঠাতে অন্ত পৰে । লগতে নৱেম্বৰৰ মধ্যকালীন কংগ্ৰেছ নিৰ্বাচনত বিশ্বজুৰি তেলৰ মূল্য বৃদ্ধি কৰা আৰু ৰিপাব্লিকানসকলৰ বাবে ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰা সংঘাতক সম্পূৰ্ণৰূপে পুনৰ জগাই তোলাৰ ভাবুকি প্ৰদান কৰিছে ।

Donald Trump's 'Truth Social' post
ট্ৰাম্পৰ সামাজিক মাধ্যমৰ পোষ্ট (Donald Trump's 'Truth Social' post (Screengrab))

ভাৰতীয় সময় মতে, মঙলবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে আমেৰিকাই “হৰমুজ প্ৰণালীৰ ওচৰত” ইৰাণৰ লক্ষ্যত আক্ৰমণ চলাইছে । তেওঁ কয়, "এই আক্ৰমণ বৃহৎ আৰু শক্তিশালী । এই আক্ৰমণ ইৰাণীসকলৰ উক্ত ব্যৰ্থ প্ৰচেষ্টাৰ প্ৰতিশোধ হিচাপে কৰা হৈছে, য'ত তেওঁলোকে প্ৰণালীটোত সাগৰীয় বাৰুদ সুৰংগ (ছী-মাইন) সংস্থাপনৰ চেষ্টা চলাইছিল । অৱশ্যে বৰ্তমান তাত কোনো সুৰংগ নাই (সেইবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হৈছে বা বিনষ্ট কৰা হৈছে!) । লগতে ইৰাণীসকলে জৰ্ডানস্থিত আমাৰ সামৰিক ঘাটিত আঠটা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে কৰা হৈছে, যিবোৰ সফলতাৰে ধ্বংস কৰি পেলোৱা হৈছে ।”

Donald Trump's 'Truth Social' post
ট্ৰাম্পৰ সামাজিক মাধ্যমৰ পোষ্ট (Donald Trump's 'Truth Social' post (Screengrab))

"যদি ইৰাণে, যিখন এখন ব্যৰ্থ দেশ, এই অতি ন্যায্য আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ চেষ্টা চলায়, তেন্তে তাৰ ওপৰতো অতি ভয়ংকৰ আক্ৰমণ হ'ব । কিন্তু ই তেওঁলোকৰ বাবে সকলোতকৈ ডাঙৰ আক্ৰমণ নহ'ব, সকলোতকৈ ডাঙৰ আক্ৰমণতো এতিয়াও অপেক্ষা কৰি আছে আৰু যেতিয়া এই আক্ৰমণ হ'ব, তেতিয়া ইৰাণ ইছলামিক ৰিপাব্লিকৰ নাম-গোন্ধেই নাথাকিব !" ট্ৰাম্পে লগতে কয় ।

আনহাতে, বুধবাৰে পুৱা (ভাৰতীয় সময় অনুসৰি) আন এটা পোষ্টত ট্ৰাম্পে কয় যে তেওঁ ইৰাণক জোৰকৈ দৰদামৰ মেজলৈ আনিবলৈ চেষ্টা কৰা নাই ।

তেওঁ লিখিছে, "যদি তেওঁলোকে এনে কোনো চুক্তি কৰে, যাৰ তেওঁলোকৰ বাবে কোনো অৰ্থ নাথাকে, তেন্তে মোৰ একো নাযায় । মোৰ এতিয়া আমাৰ বৰ্তমানৰ স্থিতিয়ে বেছি ভাল লাগে । কিয়নো হৰমুজ প্ৰণালীৰ ওপৰত আমাৰ প্ৰায় সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে আৰু তেওঁলোকৰ অৰ্থনীতি সম্পূৰ্ণৰূপে পতন ঘটিছে । তেওঁলোকে মাত্ৰ সেই অনিবাৰ্য কথাটো এৰাই চলি আছে, যিটো হ'বই । ইৰাণৰ জনসাধাৰণে কেতিয়া মূৰ দাঙি উঠিব আৰু যুঁজিব ?"

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে কয় যে মধ্যপ্ৰাচ্যত তেহৰানে বাণিজ্যিক জাহাজ আৰু আমেৰিকান বাহিনীক আঘাত কৰিবলৈ চেষ্টা কৰাৰ প্ৰত্যুত্তৰত শেহতীয়া আক্ৰমণ সংঘটিত হৈছে । ট্ৰাম্পে ইয়াৰ অতিৰিক্ত ব্যাখ্যা আগবঢ়াই ফক্স নিউজক ফোন কলত কয় যে আমেৰিকান বাহিনীয়ে ইৰাণৰ ৰাডাৰত আঘাত হানে ।

"তেওঁলোকে নিজৰ ৰাডাৰ পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল, কাৰণ তেওঁলোকে একো দেখা নাপায় ।" বুলি উল্লেখ কৰি ট্ৰাম্পে কয়, "আমি সেইটো নিৰ্মাণ প্ৰায় সম্পূৰ্ণ নোহোৱালৈকে অপেক্ষা কৰিছোঁ আৰু তাৰ পিছত তাৰ ওপৰত আঘাত হানিম ।"

ইফালে আমেৰিকাৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইৰাণে জৰ্ডানত বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে জৰ্ডানৰ আকাবা উপসাগৰৰ উপসাগৰীয় আমেৰিকান ঘাটি এটাক লক্ষ্য কৰি লোৱা বুলি দাবী কৰে ।

জৰ্ডানৰ সেনাই জনোৱা মতে, ইয়াৰে ১০টা ক্ষেপণাস্ত্ৰ ভূপতিত কৰা হৈছে আৰু বাকী তিনিটা ক্ষেপণাস্ত্ৰ জনবসতিহীন অঞ্চলত অৱতৰণ কৰা হৈছে । আকাবাৰ ওপৰেৰে অহা বিমান আক্ৰমণক বাধা প্ৰদান কৰা যেন লাগিছিল, কাৰণ বিস্ফোৰণ দেখা গৈছিল ।

কুৱেইট সেনাই X পোষ্টত কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষাই “ইৰাণৰ অপৰাধমূলক আগ্ৰাসনৰ পিছত” ড্ৰ’ন আক্ৰমণক বাধা প্ৰদান কৰিছিল । ইৰাণেও বাহৰেইনত থকা আমেৰিকান বাহিনীৰ ওপৰত ড্ৰ’ন আক্ৰমণ চলোৱা বুলি কয় যদিও দেশখনে সকলো আক্ৰমণক প্ৰতিহত কৰা বুলি কয় ।

লগতে পঢ়ক :নেপালৰ বানঃ এজন প্ৰধান শিক্ষকৰ প্ৰত্যুৎপন্নমতিতাই প্ৰাণ বচালে ৯০০ ছাত্ৰ-ছাত্ৰীৰ
লগতে পঢ়ক :ইমৰাণ খান আৰু তেওঁৰ পত্নীক অকলশৰীয়া কাৰাগাৰত নাৰাখিবলৈ নিৰ্দেশ পাক উচ্চ ন্যায়ালয়ৰ