সেনাৰ অভিযানত মেক্সিকোৰ ড্ৰাগছ সম্ৰাট এল মেঞ্চো নিহত; উত্তেজিত সমৰ্থকে অশান্ত কৰিছে জালিস্কো
মেক্সিকান সেনাৰ অভিযানত নিহত দীৰ্ঘদিনৰ পৰা মূৰৰ কামোৰণি হৈ থকা মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া নেমেছিঅ' ৰুবেন অচেগুৱেৰা চাৰ্ভাণ্টেছ ।

Published : February 23, 2026 at 11:43 AM IST
মেক্সিকো : স্বস্তিৰ নিশ্বাস পেলালে মেক্সিকোবাসীয়ে । মেক্সিকোৰ সৰ্ববৃহৎ ড্ৰাগছ মাফিয়া তথা মষ্ট ৱাণ্টেড নেমেছিঅ' ৰুবেন অচেগুৱেৰা চাৰ্ভাণ্টেছ ওৰফে এল মেঞ্চোৰ মৃত্যু । মেক্সিকান সেনাৰ এক সামৰিক অভিযানত দেওবাৰে জালিস্কো নিউ জেনেৰেচন কাৰ্টেলৰ নেতাজন নিহত হয় । দীৰ্ঘদিন ধৰি এল মেঞ্চো মেক্সিকো আৰু আমেৰিকাৰ মূৰৰ কামোৰণি আছিল । ইফালে এল মেঞ্চোৰ মৃত্যুৰ লগে লগে তেওঁৰ সমৰ্থকসকলে মেক্সিকোৰ বিভিন্ন অংশত অশান্ত পৰিৱেশৰ সৃষ্টি কৰিছে ।
জালিস্কো নিউ জেনেৰেচন কাৰ্টেলৰ (চি জে এন জি) সদস্যসকলে বিভিন্ন স্থানত ৰাজপথ অৱৰোধ কৰাৰ লগতে বাহন জ্বলাই দিছে । এল মেঞ্চোৰ মৃত্যুত দেশখনৰ সাধাৰণ নাগৰিকসকলে স্বস্তিৰ নিশ্বাস পেলাইছে যদিও জালিস্কোৰ ৰাজধানী গুৱাডালাজাৰা অশান্ত হৈ পৰিছে । আনকি সোমবাৰে কেইবাখনো ৰাজ্যত বিদ্যালয়ৰ পাঠদান বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
প্ৰতিৰক্ষা বিভাগে এক বিবৃতিত কয় যে দেওবাৰে গুৱাডালাজাৰাৰ দক্ষিণ-পশ্চিমে প্ৰায় দুঘণ্টাৰ দূৰত্বত থকা জালিস্কোৰ টাপালপাত এল মেঞ্চোক আটক কৰাৰ বাবে এক অভিযান চলোৱা হৈছিল য'ত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু মেক্সিকো চহৰলৈ বিমানেৰে লৈ গৈ থকাৰ সময়তে তেওঁৰ মৃত্যু হয় । এই ৰাজ্যখন আমেৰিকালৈ বিপুল পৰিমাণৰ ফেণ্টানিল আৰু অন্যান্য ড্ৰাগছ সৰবৰাহৰ বাবে পৰিচিত আছিল ।
অভিযানৰ সময়ত সেনাই গুলীচালনা কৰে আৰু উক্ত স্থানত ৪ জন লোকৰ মৃত্যু হয় । বিবৃতিটোত কোৱা হৈছে যে এল মেঞ্চোকে ধৰি আৰু ৩ জন লোক আহত হয় আৰু পিছত তেওঁলোকৰ মৃত্যু হয় । আন দুজনক আটক কৰাৰ লগতে অস্ত্ৰসহ বাহন, ৰকেট লঞ্চাৰ আৰু অন্যান্য অস্ত্ৰ জব্দ কৰা হৈছে । এই অভিযানত সেনাৰ ৩ জোৱানো আহত হৈছে ।
ইফালে জালিস্কো ৰাজ্যৰ এজন বিষয়াই কয় যে অভিযানৰ সময়ত টাপালপাত নেশ্যনেল গাৰ্ডৰ এজন সদস্যৰ মৃত্যু হয়, গুৱাডালাজাৰাৰ কাষৰ জাপোপানত আন ৬ গৰাকী নেশ্যনেল গাৰ্ডৰ সদস্যৰ মৃত্যু হয়, পুয়েৰ্টো ভালাৰ্টাত জে'লত কয়েদীৰ আক্ৰমণত জেল গাৰ্ডৰ মৃত্যু হয় আৰু গুৱাডালাজাৰাত জালিস্কো ৰাজ্যৰ অধিবক্তাৰ কাৰ্যালয়ৰ এজন এজেণ্টৰ মৃত্যু হয় ।
মেক্সিকোত থকা আমেৰিকাৰ দূতাবাসে এক্সত কয় যে এল মেঞ্চোৰ বিৰুদ্ধে অভিযান মেক্সিকান বিশেষ বাহিনীয়ে দ্বিপাক্ষিক সহযোগিতাৰ কাঠামোৰ ভিতৰত চলাইছিল য'ত আমেৰিকান কৰ্তৃপক্ষই পৰিপূৰক চোৰাংচোৱা তথ্য প্ৰদান কৰে । ইফালে মেক্সিকোৰ এগৰাকী বিষয়া ডেভিদ মোৰাই কয় যে ৰাষ্ট্ৰপতি (ক্লাউডিয়া) শ্বেইনবাম ক্ষমতালৈ অহাৰ পিছৰে পৰা সেনাবাহিনী মেক্সিকোৰ অপৰাধী গোটৰ বিৰুদ্ধে বহুত বেছি আক্ৰমণাত্মক হৈ পৰিছে । তেওঁ কয়, "এইটোৱে আমেৰিকাক ইংগিত দিছে যে যদি আমি সহযোগিতা কৰি যাওঁ, চোৰাংচোৱা তথ্য আদান প্ৰদান কৰি যাওঁ, তেন্তে মেক্সিকোৱে কৰিব পাৰে, মেক্সিকোৰ ভূমিত আমাক আমেৰিকাৰ সেনাৰ প্ৰয়োজন নাই ।"
পথ অৱৰোধ, বাহনত অগ্নিসংযোগ
ড্ৰাগছ মাফিয়াক হত্যা কৰাৰ ফলত সমৰ্থকসকল উত্তেজিত হৈ পৰিছে । কেইবা ঘণ্টা ধৰি পথ অৱৰোধৰ কৰাৰ লগতে বাহন জ্বলাই দিছে । ড্ৰাগছ কাৰ্টেলসমূহে সাধাৰণতে সামৰিক অভিযান বন্ধ কৰিবলৈ এই কৌশল অৱলম্বন কৰে । সামাজিক মাধ্যমত জালিস্কোৰ কিছুমান অশান্ত পৰিৱেশৰ দৃশ্য দেখা গৈছে । ৰাজ্যখনৰ ৰাজধানীৰ বিমানবন্দৰৰ মাজেৰে আতংকিত হৈ মানুহে দৌৰিছে ।
এয়াৰ কানাডাই ঘোষণা কৰে যে তেওঁলোকে নিৰাপত্তা পৰিস্থিতিৰ বাবে পুয়েৰ্টো ভালাৰ্টালৈ বিমান সেৱা বন্ধ কৰি দিছে আৰু যাত্ৰীসকলক বিমানবন্দৰলৈ নাযাবলৈ পৰামৰ্শ দিছে । মেক্সিকান আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাসমূহেও বিমান সেৱা বাতিল কৰিছে ।
কেইমাহ মান পিছতে মেক্সিকোত বিশ্বকাপ ফুটবল অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে বিভিন্ন অংশত পথ অৱৰোধৰ লগতে ব্যৱসায়- বাণিজ্য বন্ধ হৈ পৰাত চিন্তিত হৈ পৰিছে সাধাৰণ নাগৰিকসকল । ইফালে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এই নিৰাপত্তা পৰিস্থিতিৰ বাবে জালিস্কো, টামাউলিপাছ, মিচ'আকান, গুয়েৰেৰো আৰু নুৱেভ' লিঅ'ন আদি ৰাজ্যৰ আমেৰিকাৰ নাগৰিকসকলক নিৰাপদ স্থানত থাকিবলৈ পৰামৰ্শ দিছে । মেক্সিকোত থকা কানাডাৰ দূতাবাসেও পুয়েৰ্টো ভালাৰ্টাত থকা নাগৰিকসকলক সুৰক্ষিত স্থানত আশ্ৰয় লোৱাৰ আহ্বান জনাইছে ।
জালিস্কোৰ গভৰ্ণৰ পাবলো লেমুছে নাগৰিকসকলক ঘৰতে থাকিবলৈ আহ্বান জনাই কয় যে ৰাজহুৱা পৰিবহণ সেৱা বন্ধ কৰি দিয়া হৈছে আৰু ৰাজ্যখনে জটিল পৰিস্থিতিৰ মাজেৰে গৈ আছে ।"
এল মেঞ্চোৰ বিৰুদ্ধে ১৫ মিলিয়ন ডলাৰ ঘোষণা কৰিছিল আমেৰিকাই
আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ে এল মেঞ্চোৰ মূৰৰ ওপৰত ১৫ মিলিয়ন ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰিছিল । চি জে এন জি নামেৰে পৰিচিত জালিস্কো নিউ জেনেৰেচন কাৰ্টেল মেক্সিকোৰ অন্যতম শক্তিশালী আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা অপৰাধী সংগঠন আৰু ইয়াৰ জন্ম হৈছিল ২০০৯ চনত । ফেব্ৰুৱাৰী মাহত ট্ৰাম্প প্ৰশাসনে কাৰ্টেলক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল ।
ভয়ংকৰ আক্ৰমণৰ বাবে জনাজাত কাৰ্টেল
হেলিকপ্টাৰকে ধৰি সামৰিক বাহিনীৰ ওপৰত আক্ৰমণৰ ক্ষেত্ৰত জালিস্কো কাৰ্টেল অন্যতম আক্ৰমণাত্মক কাৰ্টেল আৰু ড্ৰোণৰ পৰা বিস্ফোৰক নিক্ষেপ কৰা আৰু মাইন স্থাপনৰ ক্ষেত্ৰত বিশেষভাৱে জনাজাত । ২০২০ চনত এই সংগঠনে মেক্সিকো চহৰৰ মাজমজিয়াত গ্ৰেণেড আৰু ৰাইফলৰ সহায়ত চহৰখনৰ তেতিয়াৰ আৰক্ষী বাহিনীৰ মুৰব্বী তথা বৰ্তমান ফেডাৰেল নিৰাপত্তা সচিবৰ বিৰুদ্ধে এক হত্যাৰ চেষ্টা চলাইছিল ।
আমেৰিকাৰ ড্ৰাগছ বিৰোধী সংস্থা ডি ই এয়ে এই কাৰ্টেলক মেক্সিকোৰ অন্যতম কুখ্যাত অপৰাধী গোট চিনালোয়া কাৰ্টেলৰ দৰেই শক্তিশালী বুলি গণ্য কৰে, যাৰ উপস্থিতি আমেৰিকাৰ ৫০ খন ৰাজ্যতে আছে । এই সংগঠনে আমেৰিকাৰ বজাৰলৈ কোকেইনৰ অন্যতম মূল যোগানকাৰী আৰু চিনালোয়া কাৰ্টেলৰ দৰেই বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ সৰবৰাহৰ দ্বাৰা কোটি কোটি টকা সংগ্ৰহ কৰে ।
এল মেঞ্চো কোন ?
উল্লেখ্য যে ৫৯ বছৰীয়া এল মেঞ্চোৰ ঘৰ আছিল চুবুৰীয়া ৰাজ্য মিচ'আকানৰ এগুইলিলাত । নব্বৈৰ দশকৰ পৰাই এল মেঞ্চো ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল । সৰুতে তেওঁ আমেৰিকালৈ প্ৰব্ৰজন কৰে আৰু ১৯৯৪ চনত কেলিফৰ্ণিয়াৰ নৰ্ডাৰ্ণ ডিষ্ট্ৰিক্টৰ বাবে আমেৰিকাৰ জিলা আদালতত হেৰ'ইন সৰবৰাহৰ ষড়যন্ত্ৰৰ অভিযোগত দোষী সাব্যস্ত হয় আৰু প্ৰায় ৩ বছৰ কাৰাগাৰত থাকিবলগীয়া হয় ।
কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত অচেগুৱেৰা চাৰ্ভাণ্টেছ ওৰফে এল মেঞ্চোৱে মেক্সিকোলৈ উভতি যায় আৰু ড্ৰাগছ মাফিয়া ইগনাচিঅ' ক'ৰনেল ভিলাৰেল ওৰফে 'নাচো ক'ৰনেল"ৰ সৈতে পুনৰ ড্ৰাগছ সৰবৰাহত লিপ্ত হয় । ভিলাৰেলৰ মৃত্যুৰ পিছত ২০০৭ চনৰ আশে-পাশে অচেগুৱেৰা চাৰ্ভাণ্টেছ আৰু এৰিক ভেলেন্সিয়া চালাজাৰ ওৰফে 'এল ৮৫'-এ জালিস্কো নিউ জেনেৰেচন কাৰ্টেল গঠন কৰে । প্ৰথম অৱস্থাত তেওঁলোকে চিনালোয়া কাৰ্টেলৰ বাবে কাম কৰিছিল যদিও শেষত বিভাজন হৈছিল আৰু বছৰ বছৰ ধৰি দুয়োটা কাৰ্টেলে সমগ্ৰ মেক্সিকোতে আভ্যন্তৰীণ সংঘাতত লিপ্ত হৈছে ।
লগতে পঢ়ক :সন্ত্ৰাসবাদীৰ ঘাটিত পাকিস্তানৰ আক্ৰমণ; সাধাৰণ নাগৰিকক আক্ৰমণৰ অভিযোগ আফগানিস্তানৰ

