ইৰাণ-ইজৰাইল-আমেৰিকাৰ সংঘাত : লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে স্থল আক্ৰমণৰ ঘোষণা ইজৰাইলৰ

Published : March 16, 2026 at 9:31 AM IST
|Updated : March 16, 2026 at 2:56 PM IST
ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণে ১৭ সংখ্যক দিনত প্ৰৱেশ কৰিছে । ইফালে যুদ্ধ সমাপ্ত হোৱাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই । নিৰাপত্তাজনিত কাৰণত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে বুলি সোমবাৰে মহানগৰীৰ বিমান পৰিবহণ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে । বিমান বন্দৰৰ ওচৰতে ড্ৰ’ন গুলীচালনাৰ কিছু সময়ৰ পাছতে এই কাণ্ড সংঘটিত হয়।
ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে (স্থানীয় সময় অনুসৰি) কয় যে তেওঁ প্ৰায় সাতখন দেশক হৰমুজ জলদ্বীপ মুকলি কৰি ৰাখিবলৈ যুদ্ধজাহাজ প্ৰেৰণ কৰিবলৈ কৈছিল যদিও ইৰাণ যুদ্ধৰ সময়ত তেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে তেওঁৰ আহ্বানৰ প্ৰতি কোনো সহাঁৰি প্ৰদান কৰা নাই । ৰাষ্ট্ৰপতিগৰাকীয়ে মধ্যপ্ৰাচ্যৰ খাৰুৱা তেলৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল দেশসমূহৰ নাম উল্লেখ কৰিবলৈ অস্বীকাৰ কৰে, যাৰ সৈতে প্ৰশাসনে সাধাৰণতে বিশ্বৰ ব্যৱসায়িক তেলৰ প্ৰায় পঞ্চমাংশ তেল প্ৰবাহিত হোৱা জলপথটো নিৰীক্ষণৰ বাবে মিত্ৰজোঁটত যোগদানৰ বাবে আলোচনাত মিলিত হৈছে ।
ইৰাণে সংযুক্ত আৰব আমিৰশ্বাহীৰ তিনিটা ডাঙৰ বন্দৰ খালী কৰাৰ দাবী জনোৱাৰ এদিন পিছতে ছৌদি আৰব, কুৱেইট, বাহৰেইনকে ধৰি উপসাগৰীয় আৰব দেশসমূহে নতুন ক্ষেপণাস্ত্ৰ বা ড্ৰ’ন আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে—প্ৰথমবাৰৰ বাবে ইৰাণে চুবুৰীয়া দেশৰ অ-আমেৰিকান সম্পত্তিৰ প্ৰতি ভাবুকি দিছে । টেহৰাণে অভিযোগ কৰে যে ইৰাণৰ মূল তেল টাৰ্মিনেল খাৰ্গ দ্বীপত শুকুৰবাৰে আক্ৰমণৰ পৰিকল্পনা ইউ এ ইৰ পৰাই কৰিছিল । টেহৰাণে আমেৰিকাৰ তেলৰ আন্তঃগাঁথনি আক্ৰমণ কৰিলে আমেৰিকা সম্পৰ্কীয় ‘তেল, অৰ্থনৈতিক আৰু শক্তিৰ আন্তঃগাঁথনি’ আক্ৰমণ কৰাৰ ভাবুকি দিয়ে ।
ইউ এছ চেণ্ট্ৰেল কমাণ্ডে ইৰাণৰ এই দাবীৰ কোনো সঁহাৰি পোৱা নাই বুলি কোৱাৰ লগতে ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টা আনোৱাৰ গাৰ্গাছে ইয়াক খাৰিজ কৰে । আমেৰিকাৰ ঘাটি থকা উপসাগৰীয় দেশসমূহে ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযানৰ বাবে নিজৰ স্থল বা আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে ।
LIVE FEED
তৎক্ষণাত সামৰিক অভিযান বন্ধ কৰক - ট্ৰাম্পৰ আহ্বানৰ প্ৰতি সহাঁৰি চীনৰ
সোমবাৰে চীনে সকলো পক্ষকে পশ্চিম এছিয়াত সামৰিক অভিযান অনতিপলমে বন্ধ কৰিবলৈ আহ্বান জনায় । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বেইজিংকে ধৰি আন দেশসমূহক আন্তঃৰাষ্ট্ৰীয় পৰিবহণৰ বাবে হৰমুজ জলদ্বীপ মুকলি কৰি ৰখাত সহায় কৰিবলৈ কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এই আহ্বান জনাইছে ।
আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণৰ প্ৰতিশোধ হিচাপে ইৰাণে এই গুৰুত্বপূৰ্ণ জলপথটো ফলপ্ৰসূভাৱে বন্ধ কৰি দিয়াৰ ফলত বিশ্বৰ শক্তি আৰু বাণিজ্যিক প্ৰবাহত গুৰুতৰ প্ৰভাৱ পৰিছে । ইয়াৰ ফলত তেল যোগানত এতিয়ালৈকে সৰ্বাধিক ব্যাঘাত জন্মিছে আৰু বিশ্বজুৰি তেলৰ মূল্য আকাশলংঘী হৈছে ।
চলিত মাহৰ শেষৰ ফালে ট্ৰাম্পৰ বেইজিং ভ্ৰমণৰ পৰিকল্পনা সন্দৰ্ভত আমেৰিকাৰ সৈতেও আলোচনা চলি আছে বুলিও চীনে কয় ।
ট্ৰাম্পে চীন আৰু অন্যান্য দেশসমূহক জলদ্বীপটোক “মুকলি আৰু নিৰাপদ” কৰি ৰাখিবলৈ যুদ্ধজাহাজ নিয়োগ কৰাৰ আহ্বান সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে স্থানীয় সংবাদ মাধ্যমৰ ব্রিফিঙত কয় যে শেহতীয়াকৈ হৰমুজ জলদ্বীপ আৰু ইয়াৰ আশে-পাশে থকা জলসীমাত হোৱা উত্তেজনাই সামগ্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শক্তিৰ প্ৰবাহত প্ৰভাৱ পেলাইছে আৰু আঞ্চলিক শান্তি আৰু বিশ্বৰ স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰিছে ।
লিনে কয় যে চীনে পুনৰবাৰ সকলো পক্ষকে আহ্বান জনাই কয় যে উত্তেজনা আৰু অধিক বৃদ্ধি ৰোধ কৰিবলৈ আৰু আঞ্চলিক অশান্তিয়ে বিশ্বৰ অৰ্থনৈতিক উন্নয়নত ডাঙৰ প্ৰভাৱ পেলাব নোৱাৰাকৈ সামৰিক অভিযান তৎকালীনভাৱে বন্ধ কৰক ।
লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে স্থল আক্ৰমণৰ ঘোষণা ইজৰাইলৰ
ইজৰাইলে লেবাননৰ হিজবুল্লাহৰ বিৰুদ্ধে দক্ষিণ লেবাননত সীমিত, লক্ষ্যভিত্তিক স্থল আক্ৰমণ আৰম্ভ কৰিছে । সেনাই কয় যে এই কাৰ্য্যকলাপ আগন্তুক প্ৰতিৰক্ষামূলক স্থিতি স্থাপন আৰু শক্তিশালী কৰাৰ বাবে বহল প্ৰতিৰক্ষামূলক প্ৰচেষ্টাৰ অংশ । এই সামৰিক অভিযান ২০২৩-২০২৪ চনত চলি থকা সংঘাতৰ অংশ ।
হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাৰ বাবে নৌসেনাৰ অভিযানৰ কথা বিবেচনা ইউৰোপীয় ইউনিয়নৰ
হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাত সহায় কৰিবলৈ ইউৰোপীয় ইউনিয়নে দুই প্ৰকাৰৰ নৌসেনাৰ অভিযানৰ কথা বিবেচনা কৰিছে । ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী কাজা কালাছে কয় যে হৰমুজ জলদ্বীপ মুকলি কৰি ৰখাটো আমাৰ স্বাৰ্থত আৰু সেইবাবেই আমি ইউৰোপীয় পক্ষৰ পৰাও কি কৰিব পাৰো সেই বিষয়েও আলোচনা কৰি আছো ।
সোমবাৰে ব্ৰাছেলছত ব্লকটোৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে তেওঁ এই কথা ঘোষণা কৰে । কালাছে কয় যে ইউৰোপীয় ইউনিয়নে লোহিত সাগৰত জাহাজ চলোৱাক সুৰক্ষিত কৰাৰ বাবে পাৰস্য উপসাগৰলৈ নিজৰ এছপাইডছ নৌসেনা অভিযান সম্প্ৰসাৰণ কৰিব পাৰে বা সদস্য ৰাষ্ট্ৰৰ সৈতে ‘ইচ্ছুক মিত্ৰজোঁট’ গঠন কৰিব পাৰে যিয়ে তদৰ্থ ভিত্তিত সামৰিক ক্ষমতাত অৰিহণা যোগাব ।
ট্ৰাম্পৰ ভ্ৰমণক লৈ আমেৰিকাৰে ‘যোগাযোগ’ত আছে চীন
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সম্ভাৱ্য চীন ভ্ৰমণ সন্দৰ্ভত ৱাশ্বিংটনৰ সৈতে আলোচনা চলি আছে বুলি সোমবাৰে বেইজিঙে কয় । চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে সংবাদমেলত কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ চীন ভ্ৰমণ সন্দৰ্ভত চীন আৰু আমেৰিকা যোগাযোগ আছে । অৱশ্যে তেওঁ শেহতীয়াকৈ ট্ৰাম্পে নাটোৰ মিত্ৰ দেশ আৰু চীনৰ ওপৰত হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাত সহায় কৰাৰ বাবে হেঁচা দিয়াৰ সন্দৰ্ভত কোনো কথা উল্লেখ কৰা নাছিল । ৱাশ্বিংটনে কয় যে ট্ৰাম্পে ৩১ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ চীন ভ্ৰমণ কৰিব যদিও বেইজিঙে নিজৰ প্ৰক্ৰিয়া অনুসৰি এই তাৰিখসমূহ এতিয়াও নিশ্চিত কৰা নাই । (এ এফ পি)
আবুধাবিত ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত পেলেষ্টাইনী নাগৰিক
ইউ এ ইৰ ৰাজধানী আবুধাবিৰ উপকণ্ঠ অঞ্চলত সোমবাৰে ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন পেলেষ্টাইনী নাগৰিক নিহত হয় । আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পিছত উপসাগৰীয় অঞ্চলত ইৰাণে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে এই ঘটনা সংঘটিত হয় ।
আবুধাবিৰ মিডিয়া অফিচে এক বিবৃতিত কয়, "আল বাহিয়া অঞ্চলত সংঘটিত হোৱা এই আক্ৰমণক লৈ আবুধাবি আমীৰাটৰ কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এখন সৰ্বসাধাৰণ লোকৰ বাহনত ক্ষেপণাস্ত্ৰই আঘাত হানে, যাৰ ফলত এজন পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হয় ।"
পশ্চিম এছিয়াৰ সংঘাতৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ প্ৰচাৰৰ বাবে ১৯ জন ভাৰতীয়ক গ্ৰেপ্তাৰৰ নিৰ্দেশ
ইউ এ ই কৰ্তৃপক্ষই ১৯ জন ভাৰতীয় নাগৰিককে ধৰি ৩৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে বুলি WAM News Agency য়ে প্ৰকাশ কৰিছে । ছ’চিয়েল মিডিয়াত ভিডিঅ’ ক্লিপ পোষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে য’ত “বিভ্ৰান্তিকৰ আৰু ৰচনামূলক বিষয়বস্তু” আছিল । ইজৰাইলৰ সমৰ্থনত আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ বাবে পশ্চিম এছিয়াত উত্তেজনা তুংগত থকা সেই সময়ত এই ক্লিপসমূহ পোষ্ট কৰা হৈছে ।
ইউ এ ইৰ এটৰ্নী জেনেৰেল ড০ হামাদ ছাইফ আল ছামছিয়ে কয় যে এনে কাৰ্য আইন অনুসৰি অপৰাধ, কমেও এবছৰৰ কাৰাদণ্ড আৰু প্ৰায় এক লাখ ডিৰহাত জৰিমনা বিহা হ’ব ।
ইৰাণৰ সৈতে ‘আমি কথা পাতিছো’ কিন্তু যুদ্ধৰ অন্ত পেলাবলৈ চুক্তিৰ বাবে তেওঁলোক ‘প্ৰস্তুত’ নহয়: ট্ৰাম্প
ইৰাণৰ সৈতে আমেৰিকাই আলোচনাত মিলিত হৈছে যদিও টেহৰাণে যুদ্ধ অন্ত পেলাবলৈ চুক্তিৰ বাবে সাজু নহয় বুলি দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উল্লেখ কৰে ৷ বৰ্তমান সমগ্ৰ মধ্যপ্ৰাচ্যতে বিয়পি পৰা আৰু বিশ্বৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰা এই সংঘাতৰ অন্ত পেলাবলৈ কোনো কূটনৈতিক প্ৰচেষ্টা চলি আছে নেকি বুলি এয়াৰ ফৰ্চ ৱানত থকা সাংবাদিকসকলে সোধা প্ৰশ্নোত্তৰত ট্ৰাম্পে কয়, “হয়, আমি তেওঁলোকৰ সৈতে কথা পাতিছো ৷” অৱশ্যে এই আলোচনাৰ প্ৰকৃতিৰ বিষয়ে তেওঁ কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই ৷ অৱশ্যে ট্ৰাম্পে জোৰ দি কয় যে ‘তেওঁলোকে চুক্তিৰ বাবে অতি আগ্ৰহী’ ৷

