NEPAL FLASH FLOOD LIVE UPDATES: নেপালৰ বান পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা; ভাৰতৰ পৰা নেপাললৈ ৩৭.৫ টন মানৱীয় সাহায্য প্ৰেৰণ

Published : August 27, 2026 at 8:04 AM IST
|Updated : August 27, 2026 at 5:57 PM IST
বুধবাৰে তিব্বতৰ পৰা উৎপত্তি হোৱা ক্ষন্তেকীয়া বানত মধ্য নেপালৰ কেইবাখনো চহৰ আৰু গাঁও ধ্বংস হোৱাৰ লগতে প্ৰায় ২৭৩ জন লোকৰ মৃত্যু হয় আৰু ২৫০ জন ভাৰতীয় নাগৰিককে ধৰি আন ১৪০০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে । নেপাল আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ২৭৩ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । ইয়াৰ উপৰিও ৪৯ জন আহত লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ৩৩০০ৰো অধিক আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে ।
LIVE FEED
ভিছা নোপোৱাত নেপালৰ বানৰ পৰা হাত সাৰিলে এগাৰীক মহিলাই
ভিছা বাতিল হোৱাৰ বাবে পশ্চিমবংগৰ ৬১ বছৰীয়া তপাতি সিংহ কৈলাস মানস সৰোৱৰ যাত্ৰাৰ পৰা বঞ্চিত হৈছিল ৷ যাৰ বাবে তেওঁ হতাশ হৈ লাডাখলৈ গৈছিল ৷ কিন্তু বুধবাৰৰ নেপালৰ বাতৰি লাভ কৰাৰ পাছতে তেওঁ স্বস্তিৰ নিশ্বাস এৰিছে ৷
মৃতকৰ সংখ্যা ৩৩২ লৈ বৃদ্ধি
নেপাল আৰক্ষীৰ মুখপাত্ৰ আবি নাৰায়ণ কাফ্লেৰ মতে, নেপালৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩২ জনলৈ বৃদ্ধি পাইছে ।
নেপালে ভয়াৱহ বানপানীৰ সৈতে যুঁজি থকাৰ সময়তে ৪০খনতকৈও অধিক হেলিকপ্টাৰ বিমানে সাহায্য প্ৰদান
বৃহস্পতিবাৰে কাঠমাণ্ডুৰ ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪০খনতকৈও অধিক চাৰ্টাৰ্ড হেলিকপ্টাৰ বিমানে ৰাছুৱাকে ধৰি নেপালৰ বানবিধ্বস্ত জিলাসমূহলৈ সাহায্য সামগ্ৰী যোগান ধৰিবলৈ ৰাওনা হয় । নেপাল সেনাৰ চতুৰ্দশ বেটেলিয়নৰ সমন্বয়ত এই বিমানসমূহে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰিছিল ৷ যিমানে সময় বাগৰিছে, সিমানে এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ হৈ গৈ আছে ৷ বৰ্তমানলৈকে মৃতকৰ সংখ্যা ৩০০লৈ বৃদ্ধি পাইছে । ২০ খনতকৈও অধিক হেলিকপ্টাৰ চলি থকা অভিযানৰ বাবে ষ্টেণ্ডবাইত আছে ৷ আনহাতে সেনা আৰু স্থানীয় কৰ্তৃপক্ষই উদ্ধাৰ প্ৰচেষ্টা আৰু ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম অব্যাহত ৰাখিছে ।
নিজৰ দেশৰ বানপানীক লৈ চিন্তিত হৈ পৰিছে দিল্লীত থকা নেপালী ছাত্ৰ-ছাত্ৰীসকল
দিল্লীত অধ্যয়ন কৰা নেপালী ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দেশৰ ভয়াৱহ বানপানীৰ বাবে পঢ়া-শুনাত মনোনিৱেশ কৰিব পৰা নাই । যদিও কাঠমাণ্ডুত বহু ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল নিৰাপদে আছে, তথাপিও ক্ষতিগ্ৰস্ত অঞ্চল যেনে ৰাছুৱা, ধাডিং, নুৱাকোট, চিতৱান আদি অঞ্চলৰ ওচৰত বাস কৰা আত্মীয়ক লৈ বহু শিক্ষাৰ্থী চিন্তিত হৈ আছে । বহুতে অনবৰতে নিজৰ ফোন পৰীক্ষা কৰি আছে আৰু আপোনজনৰ সৈতে যোগাযোগত থাকিবলৈ চেষ্টা কৰিছে ।
MEA-ৰ দ্বাৰা নেপালৰ বান সংকটৰ বাবে বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন
নেপালৰ বিধ্বংসী বানপানীৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে (MEA) ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে । ভাৰতীয় আৰু নেপালৰ বিষয়াসকলৰ বাবে হেল্পলাইন নম্বৰ আৰু ফোন, হোৱাটছএপ আৰু ইমেইল যোগাযোগ উপলব্ধ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাস আৰু নেপালৰ গুৰুত্বপূৰ্ণ জিলাসমূহৰ বাবেও জৰুৰীকালীন নম্বৰ প্ৰকাশ কৰিছে ।
-
Update on Indian nationals rescued in Nepal.
— Randhir Jaiswal (@MEAIndia) August 27, 2026
21 Indian nationals from Tamil Nadu, who travelled for the Kailash Mansarovar Yatra, have been rescued in Nepal.
Details below ⬇️ pic.twitter.com/zOWUtB30A2
জয়শংকৰে নেপালৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে
কাঠমাণ্ডু আৰু বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু ভাৰতৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত নেপালৰ বিধ্বংসী বানপানীৰ পৰ্যালোচনা কৰে । আলোচনাত মূলতঃ ভোটে কোশী নদীৰ বিধ্বংসী বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলত ভাৰতীয়সকলৰ অৱস্থা আৰু মংগল নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰ, ট্যুৰ অপাৰেটৰ আৰু নেপাল কৰ্তৃপক্ষৰ সৈতে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে যোগাযোগ কৰি আছে । ভাৰতে নেপাললৈ ৩৭.৫ টন মানৱীয় সাহায্য প্ৰেৰণ কৰিছে ।
নেপালত উদ্ধাৰ হোৱা ভাৰতীয়ৰ ওপৰত MEA-ৰ আপডেট
কৈলাস মানস সৰোৱৰ যাত্ৰাৰ বাবে নেপালত থকা তামিলনাডুৰ ২১ জন ভাৰতীয় নাগৰিকক সফলতাৰে উদ্ধাৰ কৰা হৈছে ।
-
Update on Indian nationals rescued in Nepal.
— Randhir Jaiswal (@MEAIndia) August 27, 2026
21 Indian nationals from Tamil Nadu, who travelled for the Kailash Mansarovar Yatra, have been rescued in Nepal.
Details below ⬇️ pic.twitter.com/zOWUtB30A2
১০০ জন নিৰুদ্দেশ ভাৰতীয়, ২৫ জন চীনা শ্ৰমিকৰ সন্ধান লাভ
স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি নেপালত প্ৰায় ১০০ জন নিৰুদ্দেশ ভাৰতীয় দৰ্শনাৰ্থী আৰু ২৫ জন চীনা শ্ৰমিকক উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
ৰাছুৱাত ২৭০ টা মৃতদেহ উদ্ধাৰ, ৮০৯০ জন জোৱান নিয়োগ : নেপাল আৰক্ষী
নেপাল আৰক্ষীয়ে জনোৱা মতে, ২৭০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ আনহাতে ৬৬ জন আহত ব্যক্তি হয় বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ সংকটজনক পৰিস্থিতিৰ মাজতো উদ্ধাৰ আৰু সাহায্যৰ বাবে ৰাছুৱা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৮০৯০ জন জোৱান মোতায়েন কৰা হৈছে । চীনত আৰু তিনিজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰাৰ লগে লগে সামগ্ৰিকভাৱে চৰকাৰী সংখ্যা মতে, মৃতকৰ সংখ্যা ২৭৩জন হৈছেগৈ ।
ইফালে, ১৩৮৪জন ব্যক্তিৰ ভিতৰত নেপালৰ ৮২৬ আৰু তিব্বতৰ ৫৫৮জন এতিয়াও সন্ধানহীন হৈ আছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।
নেপালৰ বানত নিৰুদ্দেশ ১৪০০ৰ ভিতৰত ২৭৩ জনৰ মৃত্যু, সন্ধানহীন ২৫০ জনতকৈ অধিক ভাৰতীয়
তিব্বত-নেপাল বানত নিৰুদ্দেশ হোৱা ১৪০০ৰ ভিতৰত ২৭৩ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে ২৫০ জনতকৈ অধিক ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ MEA-এ ইতিমধ্যে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে ৷
তিব্বত আৰু নেপালৰ বানলৈ চিন্তিত দালাই লামা
তিব্বতৰ আধ্যাত্মিক গুৰু দালাই লামাই বৃহস্পতিবাৰে নেপাল আৰু তিব্বতৰ বানৰ ফলত হোৱা মৃত্যুক লৈ শোক প্ৰকাশ কৰে । তেওঁ কয় যে যিহেতু অঞ্চলটো আগতেও দুৰ্যোগৰ সন্মুখীন হৈছে, গতিকে জলবায়ু পৰিৱৰ্তন হওক বা আন কিবা হওক, এইবোৰ নিশ্চয়কৈ গভীৰ কাৰণৰ লক্ষণ ।
নেপাল আৰু তিব্বতত ১৩০০ৰো অধিক লোক সন্ধানহীন
হিমবাহ বিস্ফোৰণৰ ফলত হোৱা ভয়াৱহ বানৰ ফলত নেপাল আৰু তিব্বতত ১৩০০ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে । বৃহস্পতিবাৰে পানী আৰু বোকাৰ মাজত উদ্ধাৰকাৰী দলে নেপাল-চীন সীমান্তৰ সমীপত শ শ নিৰুদ্দেশ হোৱা লোকৰ সন্ধানত অভিযান চলায় ।
ভাৰতীয় আৰু অন্যান্য বিদেশী নাগৰিকৰ বাবে হেল্পলাইন মুকলি নেপাল দূতাবাসৰ
ভাৰতত থকা নেপাল দূতাবাসে হেল্পলাইন নম্বৰ মুকলি কৰিছে । নেপালৰ বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায় আৰু তথ্যৰ বাবে তলত উল্লেখ কৰা বিষয়াসকলৰ সৈতে যোগাযোগ কৰিবলৈ দূতাবাসে আহ্বান জনাইছে :
ভাৰতীয় নাগৰিকৰ বাবে
প্ৰকাশ মল্ল (পৰামৰ্শদাতা) : +৯১ ৯২০৫৩ ৭২৭৩৪ (ৱাটছএপ)
ভাৰতীয় নাগৰিকৰ লগতে বিদেশী নাগৰিকৰ বাবে
দীপক ঘিমিৰে (প্ৰথম সচিব) : +৯১ ৯৩১১১ ৩০৮৩৮ (ৱাটছএপ)
সাহায্য সামগ্ৰী লৈ নেপাললৈ ৰাওনা ভাৰতৰ দ্বিতীয়খন বিমান
৩৭.৫ টন সাহায্য সামগ্ৰী, ঔষধ, খাদ্য সামগ্ৰী লৈ ভাৰতৰ দ্বিতীয়খন বিমান নেপাললৈ ৰাওনা হৈছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, "ভাৰতে নেপালী কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে । আমি সাহায্য প্ৰচেষ্টাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাম ।"
ভূমিকম্প নহয়, হিমস্খলনৰ ফলত নেপালৰ বানৰ সূচনা হৈছিল: ভূ-বিশেষজ্ঞ
ভূমিকম্প নহয় হিমস্খলনৰ ফলত নেপালৰ বানৰ সূচনা হৈছিল ৷ আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে (ইউ এছ জি এছ) বৃহস্পতিবাৰে সদৰী কৰে এই তথ্য ৷ আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে কয়, "হিমস্খলনৰ ফলত নেপালৰ বানৰ সূচনা হৈছিল, পূৰ্বে প্ৰকাশ পোৱাৰ দৰে ৪.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত নহয় । ইউ এছ জি এছৰ মতে দীৰ্ঘকালীন ভূমিকম্পীয় তৰংগৰ অতিৰিক্ত বিশ্লেষণে ইংগিত দিয়ে যে হিমবাহৰ ভাঙন আৰু ধ্বংসাৱশেষৰ প্ৰবাহৰ ফলত এই কম্পন সৃষ্টি হৈছে ।
ইউ এছ জি এছে কয়, "এই পৰিঘটনাটোক প্ৰথমতে ৪.৪ প্ৰাবল্যৰ ভূমিকম্প বুলি কোৱা হৈছিল । কিন্তু ওচৰৰ ভূমিকম্পমাপক, দীৰ্ঘকালীন ভূমিকম্পীয় তৰংগ আৰু উপগ্ৰহৰ ছবিৰ অধিক বিশ্লেষণত দেখা গ'ল যে ই ভূমিকম্প নহয়, বৰঞ্চ হিমবাহৰ ভাঙন আৰু ধ্বংসাৱশেষৰ প্ৰবাহহে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোকপ্ৰকাশ
নেপালৰ বানক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ৷ সামাজিক মাধ্যম এক্সত পোষ্ট কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নেপালৰ বানক লৈ উদ্বেগ প্ৰকাশ কৰি চুবুৰীয়া দেশৰ জনসাধাৰণৰ সৈতে অসমে সংহতিৰে থিয় দিয়াৰ কথা ব্যক্ত কৰে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "নেপালৰ বিধ্বংসী বান আৰু ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু কষ্টত মই গভীৰ শোক প্ৰকাশ কৰিছো ।"
তেওঁ লগতে কয়, "এই কঠিন সময়ত নেপালত থকা আমাৰ ভাই-ভনীসকলৰ সৈতে অসমৰ জনসাধাৰণ সংহতিৰে থিয় দিছে । শোকগ্ৰস্ত পৰিয়াল আৰু ক্ষতিগ্ৰস্ত সকলৰ প্ৰতি আমাৰ সমৰ্থন আছে । সকলোৰে সুৰক্ষাৰ বাবে আৰু শীঘ্ৰে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা জনালো ।
নেপালৰ বানত ৩০০ৰো অধিক ভাৰতীয় নিৰুদ্দেশ : নেপালৰ বৈদেশিক মন্ত্ৰী
নেপালৰ বানত ৩০০ৰো অধিক ভাৰতীয় নিৰুদ্দেশ হৈ আছে ৷ নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে বৃহস্পতিবাৰে এই তথ্য সদৰী কৰে ৷ ৰাছুৱাত বানৰ পিছত হাজাৰ হাজাৰ লোকৰ সন্ধানহীন হৈ আছে ৷
মহাৰাষ্ট্ৰৰ ৭ জন পৰ্যটক নেপালত আবদ্ধ, হেল্পলাইন স্থাপন
মহাৰাষ্ট্ৰৰ ৭ জন পৰ্যটক নেপালত আবদ্ধ হৈ আছে ৷ আৱদ্ধসকলৰ চাৰিজন নিৰাপদে থকা বুলি জানিব পৰা হৈছে যদিও আন তিনিজনৰ সৈতে বৰ্তমান পৰ্যন্ত যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷
এজন বিষয়াই পিটিআইক জনোৱা মতে, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই মুম্বাই আৰু পুনেৰ দুজনকৈ পৰ্যটককে ধৰি চাৰিজন পৰ্যটকৰ সৈতে যোগাযোগ স্থাপন কৰিছে ।
বানৰ বাবে নেপালত আবদ্ধ হৈ পৰিব পৰা ৰাজ্যৰ লোকৰ তালিকা প্ৰস্তুত কৰি থকা বুলিও তেওঁ জানিবলৈ দিয়ে । ইফালে মুখ্যমন্ত্ৰী কাৰ্যালয়ত ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে, য’ত টোল ফ্ৰী হেল্পলাইন ১০৭০ বা +৯১-৯৩২১৫৮৭১৪৩ত যোগাযোগ কৰিব পাৰিব । তেওঁলোকে controlroom@maharashtra.gov.in লৈও ইমেইল প্ৰেৰণ কৰিব পাৰে ।
উত্তৰাখণ্ডৰ সীমান্ত জিলা চম্পাৱত হাই এলাৰ্টত এছডিআৰএফ
উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী জিলা চম্পাৱতত বুধবাৰে নেপালৰ ভয়াৱহ বানৰ ফলত সতৰ্কতা বৃদ্ধি কৰা হৈছে । এছ ডি আৰ এফৰ তানকপুৰ পোষ্টটো হাই এলাৰ্টত ৰখা হৈছে আৰু শাৰদা নদীৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে বুলি বিষয়াসকলে জনায় ।
বিহাৰত হাই এলাৰ্ট, সষ্টম প্ৰশাসন
তিব্বত আৰু নেপালৰ বানৰ ফলত বিহাৰৰ গণ্ডক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ বাবে প্ৰশাসন হাই এলাৰ্টত আছে । পশ্চিম চম্পাৰাণৰ ডি এম তৰনজোৎ সিঙে পুৱা প্ৰায় ৯ বজাত বাল্মিকীনগৰ শ্লুইছ গেটত পানী অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ তেওঁ কয়, "তিব্বত আৰু নেপালৰ বানৰ বাবে বাল্মিকীনগৰ শ্লুইছ গেট আৰু অন্যান্য স্থানত প্ৰশাসন সষ্টম হৈ আছে । আমি বিভিন্ন মথাউৰি আৰু বাল্মিকীনগৰ শ্লুইছ গেট পৰিদৰ্শন কৰিছো । নেপালৰ দেৱঘাটত পানী অতিক্ৰম কৰিছে । পুৱা প্ৰায় ৯ বজাত শ্লুইছ গেটত পানী আহিব । আশা কৰা হৈছে যে জলপৃষ্ঠ বিপদস্তৰৰ তলত থাকিব আৰু পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব । আমি সকলো উপকূলীয় অঞ্চলৰ লোকক সতৰ্ক কৰি দিছো ।"
কেৰালামৰ ৩৭ জন পৰ্যটক নেপালত আবদ্ধ
নেপালৰ বানত কেৰালামৰ ৩৭ জন পৰ্যটক আৱদ্ধ হৈ আছে ৷ পায়ানুৰৰ বিধায়ক ভি কুঁহিকৃষ্ণনে কয় যে তেওঁৰ সমষ্টিৰ ৩৭ জন লোক বানৰ পিছত নেপালত আবদ্ধ হৈ আছে আৰু তেওঁলোকে যাত্ৰাও অব্যাহত ৰাখিব পৰা নাই অথবা ঘৰলৈ উভতি আহিব পৰা নাই ৷
বুধবাৰে নিশা ফেচবুক পোষ্টত কুঁহিকৃষ্ণনে এই বিষয়টো মুখ্যমন্ত্ৰী ভি ডি সথিছনৰ দৃষ্টিগোচৰ কৰি পৰ্যটকসকলৰ বৰ্তমানৰ স্থান আৰু ফোন নম্বৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গতাই দিয়াৰ কথা উল্লেখ কৰে ।
তেওঁ লগতে পৰ্যটকসকলক ঘৰলৈ ঘূৰাই অনাৰ বাবে অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ে আশ্বাস দিয়াৰ কথা জানিবলৈ দিয়ে ।
বিধায়কগৰাকীয়ে কয় যে পৰ্যটকৰ পৰিয়ালক অৱগত কৰা হৈছে আৰু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ ৩৭ জন লোক আটাইকেইজনেই সুৰক্ষিত ।
তেওঁ আক কয়, "আমি ভ্ৰমণলৈ যোৱা সকলোৰে সৈতে কথা পাতিব পাৰিছো ।"
বানপীড়িত নেপালত ভাৰতীয় বায়ুসেনাৰ সাহায্য সামগ্ৰীসহ চি-১৩০জে বিমান নিয়োগ
ভাৰতীয় বায়ুসেনাই নেপাললৈ ১০ টন অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই নিয়াৰ চি-১৩০জে বিমান নিয়োগ কৰা বুলি জানিবলৈ দিয়ে ৷
বায়ুসেনাই জনোৱা মতে, "নেপালৰ ভয়াৱহ বানপানীৰ প্ৰতি সঁহাৰি জনাই বায়ুসেনাই তৎক্ষণাত ১০ টন অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা চি-১৩০জে বিমান নিয়োগ কৰিছে । চি-১৭ আৰু চি-১৩০ বিমানে অধিক সাহায্য সামগ্ৰী যোগান ধৰিব আৰু উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ নিয়োগ কৰা হৈছে ।"
ভাৰতীয় দূতাবাসে জাৰি কৰিলে জৰুৰীকালীন নম্বৰ
কাঠমাণ্ডুত থকা ভাৰতৰ দূতাবাসে নেপালী কৰ্তৃপক্ষৰ সৈতে সমন্বয় বৃদ্ধি কৰাৰ লগতে ক্ষতিগ্ৰস্ত নাগৰিকৰ তথ্য বিচৰা পৰিয়ালসমূহৰ বাবে নিৰ্দিষ্ট জৰুৰীকালীন হেল্পলাইন সক্ৰিয় কৰিছে । দূতাবাসে লিখিছে, "আজি নেপালত হোৱা ক্ষন্তেকীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ভাৰতীয় নাগৰিকৰ সৈতে জড়িত সাহায্য আৰু তথ্যৰ বাবে তলত দিয়া জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিব পাৰিব: +৯৭৭ ৯৮৫ ১৩১ ৬৮০৭, +৯৭৭ ৯৭০ ৯১০ ৭৫০০ আৰু +৯৭৭ ৯৮১ ০৩২ ৬১১৭ ।

