ইৰাণ যুদ্ধ লাইভ: ট্ৰাম্পৰ প্ৰত্যুত্তৰৰ পিছত পুনৰ আক্ৰমণ ইৰাণৰ

Published : March 3, 2026 at 7:11 AM IST
|Updated : March 3, 2026 at 11:23 PM IST
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনী টেহৰাণত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত নিহত হোৱাৰ দুদিন পিছত মধ্যপ্ৰাচ্যত যুদ্ধ তীব্ৰতৰ হৈ পৰিছে ৷ ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটিত আৰু উপসাগৰীয় অঞ্চলত থকা মিত্ৰ দেশসমূহৰ ওপৰত মিছাইল আৰু ড্ৰোণ আক্ৰমণৰ প্ৰতিশোধ লৈছে ৷
সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, চৌদি আৰব, বাহৰেইন, কুৱেইটকে ধৰি কেইবাখনো দেশত নতুনকৈ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত সমগ্ৰ পশ্চিম এছিয়াত পৰিস্থিতি অধিক পৰিমাণে উত্তেজনাপূৰ্ণ হৈ পৰিছে ৷ যাৰ ফলত যুদ্ধখন এক বৃহৎ সংঘাতলৈ পৰিণত হৈছে ৷
ইফালে সোমবাৰেও ইৰাণৰ ৰাষ্ট্ৰীয় টিভিৰ মতে, আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ চিকিৎসালয়, টিভি ষ্টেচন আৰু অন্যান্য অট্টালিকাক লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখিছে ৷ শনিবাৰৰ আক্ৰমণৰ পিছত দেশখনত মৃতকৰ সংখ্যা ৫৫৫ জনলৈ বৃদ্ধি পাইছে ৷
লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি লেবাননত ইৰাণ সমৰ্থিত হিজবুল্লাই ইজৰাইলক লক্ষ্য কৰি লোৱাৰ ফলত টেল আভিভে প্ৰতিশোধ ল’বলৈ বাধ্য হয় আৰু কমেও ৩১ জন লোকৰ মৃত্যু হয় ৷ লেবাননৰ উপৰিও মধ্যপ্ৰাচ্যৰ অন্যান্য দেশতো হতাহতিৰ বাতৰি পোৱা গৈছে, ইৰাণত শ শ লোকৰ মৃত্যু হৈছে ৷ শনিবাৰে ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে যৌথ আক্ৰমণ চলায়, যাক ইজৰাইলে অপাৰেচন লায়ন্স গৰ্জনৰ অংশ বুলি অভিহিত কৰে আৰু আমেৰিকাৰ বিষয়াসকলে অপাৰেচন এপিক ফিউৰি বুলি অভিহিত কৰে ৷
LIVE FEED
ইউৰোপীয় দেশসমূহক যুদ্ধত লিপ্ত নহ’বলৈ সকীয়নি ইৰাণৰ
জাৰ্মানী, ব্ৰিটেইন আৰু ফ্ৰান্সে ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ ক্ষমতা ধ্বংস কৰিবলৈ প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱাৰ পিছত ইৰাণে ইউৰোপীয় দেশসমূহক ইজৰাইল আৰু আমেৰিকাৰ সৈতে সংঘাতত জড়িত নহ’বলৈ সকীয়নি প্ৰদান কৰে ৷
-
🇮🇷 🇮🇱 🇺🇸 Iran warns European countries against joining war
— AFP News Agency (@AFP) March 3, 2026
Iran warns European countries against joining its conflict with Israel and the United States, after Germany, Britain and France said they could take "defensive action" to destroy Iran's missile-launching capabilities. It… pic.twitter.com/AE4ojZ9p8D
ট্ৰাম্পৰ প্ৰত্যুত্তৰৰ পিছত পুনৰ আক্ৰমণ ইৰাণৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আলোচনা পুনৰ আৰম্ভ কৰাত ইৰাণে ইতিমধ্যে বহু দেৰি কৰা বুলি কোৱাৰ পিছতে দেশখনে পুনৰ প্ৰচণ্ড আক্ৰমণ আৰম্ভ কৰিছে ৷
-
🇮🇷 🇮🇱 🇺🇸 🇱🇧 🇸🇦 Iran stepped up its attacks on economic targets and US missions across the Middle East on Tuesday as President Donald Trump warned it was "too late" for the Islamic republic to seek talks to escape the war ➡️ https://t.co/K0TL0ro5vb pic.twitter.com/ncSIaOoH3x
— AFP News Agency (@AFP) March 3, 2026
ইৰাণে বহু দেৰি কৰিলে ; আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প
মধ্যপ্ৰাচ্য অঞ্চলত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ বাবে আলোচনা পুনৰ আৰম্ভ কৰাত ইতিমধ্যে বহুত দেৰি হৈছে । ইৰাণৰ নেতৃত্ব, ইয়াৰ বায়ু প্ৰতিৰক্ষা, বায়ুসেনা আৰু নৌসেনাৰ সমাপ্তি ঘটা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে ৷
এক কোটি ভাৰতীয়ৰ সুৰক্ষা আমাৰ প্ৰথম অগ্ৰাধিকাৰ : ভাৰত
পশ্চিম এছিয়াত সংঘাত তীব্ৰতৰ হোৱাৰ লগে লগে ভাৰতে মঙলবাৰে তাত বসবাস কৰা এক কোটি ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে । ভাৰতে কয় যে শক্তি যোগানৰ সম্ভাৱ্য ব্যাঘাত চিন্তাৰ কাৰণ হ’ব পাৰে । নতুন দিল্লীয়েও সংঘাতৰ অন্ত পেলাবলৈ “আলোচনা আৰু কূটনীতি” ৰ আহ্বান জনাই কয় যে চুবুৰীয়া দেশ হিচাপে ভাৰতৰ অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব আছে আৰু বৰ্তমানৰ পৰিস্থিতিয়ে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে ।
-
Statement by the Official Spokesperson on the ongoing conflict in the West Asia region ⬇️https://t.co/s1Qm6xIqbS
— Randhir Jaiswal (@MEAIndia) March 3, 2026
আলোচনাৰ বাবে সাজু খামেইনীৰ প্ৰতিনিধি
আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ মাজতে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লা ছৈয়দ আলী খামেইনীৰ প্ৰতিনিধি ড৹ আব্দুল মজিদ হাকিম ইলাহীয়ে এ এন আইক দিয়া এক সাক্ষাৎকাৰত কয়, ‘‘ইৰাণ আলোচনাৰ বাবে সাজু ৷ কিন্তু সম্পূৰ্ণ মৰ্যাদা সহকাৰে এই আলোচনা হ’ব লাগিব ।’’
-
Amid the ongoing conflict between US-Israel and Iran, Dr Abdul Majid Hakeem Ilahi, representative of the late Supreme Leader of the Islamic Republic of Iran, Ayatollah Seyyed Ali Khamenei, in an interview to ANI, says, "Iran is ready for negotiations but with dignity"
— ANI (@ANI) March 3, 2026
(file pic) pic.twitter.com/yc7GhpeVnR
সৰ্বোচ্চ মুৰবীৰ হত্যাক সমৰ্থন কৰে নেকি ? খামেনেইৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন ৰাহুল গান্ধীৰ
আমেৰিকা-ইজৰাইল-ইৰাণৰ সংঘাতৰ মাজতে মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে ৷ তেওঁ প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰে যে বিশ্বক নিৰ্দেশ দিয়াৰ উপায় হিচাপে এখন দেশৰ সৰ্বোচ্চ মুৰবীৰ হত্যাকাণ্ডক সমৰ্থন কৰে নেকি ? কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মাত মাতিব লাগিব । মৌনতাই এতিয়া বিশ্বত ভাৰতৰ স্থিতি কম কৰিছে ।
ইৰাণৰ ওপৰত একপক্ষীয় আক্ৰমণৰ লগতে মধ্যপ্ৰাচ্যৰ অন্যান্য দেশৰ ওপৰত ইৰাণৰ আক্ৰমণক গৰিহণা দিয়া উচিত বুলিও তেওঁ কয় । তেওঁ কয়, "হিংসাই হিংসাৰ জন্ম দিয়ে – আলোচনা আৰু সংযম শান্তিৰ একমাত্ৰ পথ ।"
লোকসভাত বিৰোধী দলপতিৰ নেতাগৰাকীয়ে কয়, “ভাৰত নৈতিকভাৱে স্পষ্ট হ’ব লাগিব । আন্তঃৰাষ্ট্ৰীয় আইন আৰু মানৱ জীৱনৰ প্ৰতিৰক্ষাত স্পষ্টকৈ কথা ক’বলৈ আমাৰ সাহস থাকিব লাগিব । আমাৰ বৈদেশিক নীতি সাৰ্বভৌমত্ব আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে – আৰু এইটোৱেই থাকিব লাগিব ।"
তেওঁ আৰু কয় যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা শত্ৰুতাই এটা স্পৰ্শকাতৰ অঞ্চলক এক বৃহৎ সংঘাতৰ দিশে ঠেলি দিছে ।
-
Escalating hostilities between the United States, Israel and Iran are pushing a fragile region toward wider conflict. Crores of people, including nearly a crore Indians, face uncertainty.
— Rahul Gandhi (@RahulGandhi) March 3, 2026
While security concerns are real, attacks that violate sovereignty will only worsen the…
ইৰাণত ৫০০ৰো অধিক, লেবাননত ৫২, ইজৰাইলত ১১ আৰু আমেৰিকাৰ ৬ সেৱাৰ সদস্য নিহত
আমেৰিকা-ইজৰাইলৰ আক্ৰমণত কমেও ৫৫৫ জন লোকৰ মৃত্যু হৈছে । ইৰাণৰ ৰেড ক্ৰেচেণ্ট ছ’চাইটিয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ ইফালে ইজৰাইলত ইৰাণৰ ক্ষেপণাস্ত্ৰই কেইবাটাও স্থানত আঘাত কৰাত এঘাৰজন লোক নিহত হয় । আনহাতে হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণত লেবাননত ৫২ জন লোক নিহত হয় ।
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ সঞ্চালক প্ৰধান এমি পোপৰ উদ্ধৃতিৰে এছ’চিয়েটেড প্ৰেছে মঙলবাৰে কয়, “সামৰিক উত্থানে অধিক পৰিয়ালক ঘৰৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰিব আৰু সাধাৰণ নাগৰিকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব ।” উত্তেজনা হ্ৰাস কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় সমাজক আহ্বান জনায় ।
ইতিমধ্যে এই অঞ্চলৰ লাখ লাখ লোক স্থানচ্যুত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । একে সময়তে আমেৰিকাৰ সেনাই ৬ জন আমেৰিকান সেৱাৰ সদস্যৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে । নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন এমেৰিকান বিষয়াই কয় যে নিহত ছয়জনেই কুৱেইটৰ এটা লজিষ্টিক ইউনিটৰ সেনা জোৱান আছিল ।
সংযুক্ত আৰব আমিৰশ্বাহীতো তিনিজন লোকৰ মৃত্যু হয় আৰু কুৱেইট আৰু বাহৰেইনত এজনকৈ লোকৰ মৃত্যু হয় । ইৰাণে বিমান, বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নেৰে আক্ৰমণ কৰি থকাৰ সময়তে কুৱেইটে “ভুলতে তিনিখন আমেৰিকান যুঁজাৰু বিমান গুলীয়াই নষ্ট কৰা” বুলি আমেৰিকাৰ সেনাই কয় । আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, ছয়জন পাইলটে নিৰাপদে বাহিৰলৈ ওলাই যায় ।
আমেৰিকাৰ হাতত অস্ত্ৰৰ ‘কাৰ্যত সীমাহীন যোগান’ আছে
ইৰাণৰ সৈতে যুদ্ধত ব্যৱহাৰৰ বাবে আমেৰিকাৰ হাতত ‘কাৰ্যতঃ সীমাহীন যোগান’ আছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰে এই কথা ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েল ৱেবছাইটত কয় যে আমেৰিকাত মধ্যম আৰু উচ্চ মধ্যম দূৰত্বৰ অস্ত্ৰ-শস্ত্ৰৰ যথেষ্ট মজুত আছে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অস্ত্ৰ-শস্ত্ৰৰ মজুতৰ ক্ষেত্ৰত দেশখন কেতিয়াও শক্তিশালী হোৱা নাছিল আৰু দেশখনত প্ৰায় সীমাহীন যোগান আছে । তেওঁ উল্লেখ কৰে যে এই ভাণ্ডাৰৰ সহায়ত যুদ্ধ ‘দীৰ্ঘদিনলৈ’ আৰু ‘সফলভাৱে’ কৰিব পাৰিব ।
তেওঁ দাবী কৰে যে এই অস্ত্ৰসমূহ আন দেশৰ শ্ৰেষ্ঠ অস্ত্ৰতকৈ শ্ৰেষ্ঠ । তেওঁ স্বীকাৰ কৰে যে আমেৰিকাত উন্নত অস্ত্ৰৰ পৰ্যাপ্ত মজুত আছে যদিও ‘য’ত থাকিব লাগে তাত নাই’ ৷ তেওঁ কয় যে অতিৰিক্ত উচ্চমানৰ অস্ত্ৰ-শস্ত্ৰ বিদেশত মজুত কৰা হয় । ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইনক শ শ কোটি ডলাৰৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু সম্পদ প্ৰদান কৰিছিল যদিও সেইবোৰ পৰিশোধ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।
তেওঁ কয় যে তেওঁৰ প্ৰথম কাৰ্যকালত তেওঁ আমেৰিকাৰ সেনাবাহিনী পুনৰ নিৰ্মাণ কৰিছিল আৰু আগলৈও গঢ়ি তুলিব । তেওঁ লগতে কয় যে আমেৰিকা আধুনিক অস্ত্ৰৰে সজ্জিত আৰু বৃহৎ জয়ৰ বাবে সাজু হৈছে ।

ৰিয়াদত পুনৰ বিস্ফোৰণ, ৮টা ড্ৰোনক ধৰা পেলাই নষ্ট কৰে ছৌদিয়ে
ইৰাণৰ সৈতে যুদ্ধত ব্যৱহাৰৰ বাবে আমেৰিকাৰ হাতত ‘কাৰ্যতঃ সীমাহীন যোগান’ আছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰে এই কথা ৷ ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েল ৱেবছাইটত কয়, আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধৰ চতুৰ্থ দিনা অৰ্থাৎ মঙলবাৰে পুৱা ছৌদি আৰৱৰ ৰিয়াদত পুনৰ বিস্ফোৰণ সংঘটিত হয় ৷ নিউজ এজেন্সি এ এফ পিয়ে স্থানীয় সাংবাদিক আৰু বাসিন্দাসকলৰ উদ্ধৃতি দি প্ৰকাশ কৰে এই তথ্য । ইৰাণে দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি শ শ লোকৰ মৃত্যু হোৱা টেহৰাণত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে সমগ্ৰ উপসাগৰীয় অঞ্চলত প্ৰতিশোধমূলক আক্ৰমণ অব্যাহত ৰাখিছে ।
মঙলবাৰে পুৱা ৰিয়াদৰ এজন বাসিন্দাই কয় যে তেওঁ “বিস্ফোৰণৰ শব্দ শুনিলে আৰু ঘৰটো কঁপি উঠিল ।” ইয়াৰ পূৰ্বে পুৱা ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰে যে দুখন ড্ৰ’নে ৰিয়াদত থকা আমেৰিকাৰ দূতাবাসত আঘাত হানে, যাৰ ফলত এটা সৰু অগ্নিকাণ্ড সংঘটিত হয় ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে কয় যে ৰাজধানী ৰিয়াদ আৰু আল-খাৰ্জ চহৰৰ সমীপত আধা ডজনৰো অধিক ড্ৰ’ন ধৰা পেলাই নষ্ট কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ মেজৰ জেনেৰেল তুৰ্কী আল মালকিয়ে এক্সত কয় যে ৰিয়াদ আৰু আল-খাৰ্জ চহৰৰ ওচৰত আঠখন ড্ৰ’ন ধৰা পেলাই নষ্ট কৰা হৈছে ।
লেবানন খালী কৰা নিৰ্দেশ ইজৰাইল সেনাৰ
ইজৰাইলৰ সেনাই মঙলবাৰে লেবাননৰ কেইবা ডজন স্থান নতুনকৈ খালী কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে ৷ লেবানন সেনাই দক্ষিণ বেইৰুটৰ দুটা চুবুৰীৰ বাসিন্দাসকলক সামৰিক ব্যৱস্থা লোৱাৰ পূৰ্বে আগতীয়াকৈ কেইবাটাও অট্টালিকাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে ।
সামৰিক বাহিনীৰ আৰবী ভাষাৰ মুখপাত্ৰ আভিচাই আদ্ৰাইয়ে ৫০টা স্থানৰ নাম তালিকাভুক্ত এক বিবৃতি টেলিগ্ৰামত প্ৰকাশ কৰি কয়, "লেবাননৰ বাসিন্দা বিশেষকৈ যিবোৰ গাঁৱৰ নাম প্ৰকাশ কৰা হৈছে তাৰ বাসিন্দাসকললৈ জৰুৰী সতৰ্কবাণী । আপোনাৰ সুৰক্ষাৰ বাবে আপুনি তৎক্ষণাত নিজৰ ঘৰ খালী কৰিব লাগিব ।"
দক্ষিণ বেইৰুটৰ চুবুৰী ঘোবেইৰী আৰু হাৰেট হ্ৰেইকৰ বাসিন্দাসকলক খালী কৰাৰ আন এক সতৰ্কবাণীত তেওঁ কয়, "আই ডি এফে অদূৰ ভৱিষ্যতে অভিযান চলাবলগীয়া হিজবুল্লাহৰ স্থান আৰু ঘাটিৰ ওচৰত আপুনি আছে ।" (এ এফ পি)
'ইৰাণৰ ভাবুকি' বুলি কোনো কথা নাছিল: ৰুবিঅ'ই স্বীকাৰ কৰিছে যে ইজৰাইলৰ হৈ আমেৰিকাই যুদ্ধত প্ৰৱেশ কৰিছে, কয় আৰাঘচিয়ে
ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে মঙলবাৰে এক্সযোগে কয় যে ইৰাণৰ পৰা পূৰ্বতে কোনো ভাবুকি নাছিল, আমেৰিকাই ইজৰাইলৰ পক্ষত থাকি এই যুদ্ধত প্ৰৱেশ কৰিছে । এক্সত এটা পোষ্টত তেওঁ কয়, "মিষ্টাৰ ৰুবিঅ'ই আমি সকলোৱে জনা কথাটো স্বীকাৰ কৰিছে ৷ ইজৰাইলৰ হৈ আমেৰিকাই স্ব-ইচ্ছাৰে যুদ্ধত প্ৰৱেশ কৰিছে । 'ইৰাণৰ ভাবুকি' বুলি কোনো কথা কেতিয়াও নাছিল । যুদ্ধ কৰি এমেৰিকান আৰু ইৰাণী উভয়ৰে তেজ বোৱাই দিয়াটো কেতিয়াও কাম্য নহয় ৷"
-
Mr. Rubio admitted what we all knew: U.S. has entered a war of choice on behalf of Israel. There was never any so-called Iranian "threat".
— Seyed Abbas Araghchi (@araghchi) March 3, 2026
Shedding of both American and Iranian blood is thus on Israel Firsters.
American people deserve better and should take back their country.
হিজবুল্লাহৰ আল-মানাৰ টিভিৰ বেইৰুটৰ কাৰ্যালয়ত ইজৰাইলৰ আক্ৰমণ
ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠন হিজবুল্লাহৰ সৈতে জড়িত আল-মানাৰ টিভিৰ দক্ষিণ বেইৰুটৰ কাৰ্যালয়ত ইজৰাইলৰ আক্ৰমণৰ আঘাত কৰাৰ কথা মঙলবাৰে সম্প্ৰচাৰক প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰে । দক্ষিণ বেইৰুটৰ এটা অংশৰ কথা উল্লেখ কৰি আল-মানাৰে টেলিগ্ৰামত কয়, "ইজৰাইলে হাৰেট হাৰেক অঞ্চলৰ আল-মানাৰ চেনেল বিল্ডিংটোক লক্ষ্য কৰি লৈছে ।" (এ এফ পি)
ইৰাণত সোমবাৰে ৯৬ জন লোকৰ মৃত্যু
আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত সোমবাৰে ইৰাণত ৮৫ জন নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ১১ জন জোৱান নিহত হৈছে । ৰাইটছ গ্ৰুপে জনোৱা মতে, বিগত ২৪ ঘণ্টাত ১৩খন প্ৰদেশত কমেও ৫৬টা সামৰিক কাণ্ডৰ তথ্য লাভ কৰা হৈছে ।
-
Day 3 of the U.S.–Israel war on Iran: HRANA has recorded at least 56 military incidents across 13 provinces in the past 24 hours, resulting in 101 total casualties, including 85 civilian deaths and 11 military personnel killed. Multiple targets, military bases, residential areas,… pic.twitter.com/4SWLpmKMsR
— HRANA English (@HRANA_English) March 2, 2026
মধ্যপ্ৰাচ্যৰ দেশ এৰি যাবলৈ নিজৰ নাগৰিকক আহ্বান আমেৰিকাৰ
ইৰাণত আমেৰিকা আৰু ইজৰাইলৰ সমন্বিত বিমান আক্ৰমণ আৰু উপসাগৰীয় অঞ্চলত আমেৰিকাৰ মিত্ৰ দেশসমূহৰ বিৰুদ্ধে টেহৰাণে প্ৰতিশোধমূলক আক্ৰমণ চলোৱাৰ পিছত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে আমেৰিকাই জৰুৰী পৰামৰ্শ জাৰি কৰি মধ্যপ্ৰাচ্যৰ এক ডজনৰো অধিক দেশৰ পৰা ‘গুৰুতৰ সুৰক্ষাজনিত বিপদ’ৰ বাবে ‘তৎকালীনভাৱে যাবলৈ’ কয় ।
এক্সত এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই তেওঁলোকৰৰ নাগৰিকসকলক ‘গুৰুতৰ নিৰাপত্তাজনিত ভাবুকি’ৰ উল্লেখ কৰি মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ পৰা তৎক্ষণাত যাবলৈ আহ্বান জনায় । ৰুবিঅ'ই তেওঁৰ পোষ্টত লিখিছে, "মধ্যপ্ৰাচ্যৰ সকলো আমেৰিকান নাগৰিকলৈ: আপোনাৰ সুৰক্ষা আৰু নিৰাপত্তা আমাৰ এক নম্বৰ অগ্ৰাধিকাৰ । http://step.state.gov ত STEP সতৰ্কবাণী লাভ কৰিবলৈ চাইন আপ কৰক । @TravelGov ত তথ্য লাভ কৰক আৰু আপুনি বিভাগটোক ২৪/৭ +১-২০২-৫০১-৪৪৪৪ নম্বৰত ফোন কৰিব পাৰে ।"
এই পৰামৰ্শ বাহৰেইন, কুৱেইট, ইজিপ্ত, লেবানন, ইৰাণ, ওমান, ইৰাক, কাটাৰ, ইজৰাইল, ৱেষ্ট বেংক আৰু গাজা, চৌদি আৰব, ছিৰিয়া, জৰ্ডান, সংযুক্ত আৰব আমিৰশ্বাহী আৰু য়েমেনৰ ক্ষেত্ৰত প্ৰযোজ্য... সবিশেষ জানিবলৈ পঢ়ক
-
To all American citizens in the Middle East: your safety and security is our number one priority.
— Secretary Marco Rubio (@SecRubio) March 2, 2026
Sign up to receive STEP alerts at https://t.co/SpQfuj4gN2.
Get information at @TravelGov and you can call the department 24/7 at +1-202-501-4444. pic.twitter.com/G8grZVgmCF

