ইৰাণত আক্ৰমণ অব্যাহত ; ইৰাণ-ইজৰাইলৰ সংঘাতৰ মাজতে ভাৰতীয়সকলক সুৰক্ষাৰ আশ্বাস ভাৰতীয় ৰাষ্ট্ৰদূতৰ

Published : March 2, 2026 at 4:51 PM IST
|Updated : March 3, 2026 at 12:33 AM IST
টেহৰাণ: ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে চলোৱা আক্ৰমণৰ সোমবাৰে তৃতীয়টো দিন । আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ বিপৰীতে ইৰাণে খামেইনীৰ মৃত্যুৰ পিছতো ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখিছে । ইফালে ইৰাণৰ ৰেড ক্ৰীচেণ্ট ছ’চাইটিয়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি ইৰাণক লক্ষ্য কৰি আমেৰিকা-ইজৰাইলে চলোৱা বিমান আক্ৰমণত ইৰাণৰ কমেও ৫৫৫ জন লোক নিহত হৈছে ।
ছ’চাইটিয়ে জনোৱা মতে, এই যুদ্ধত এতিয়ালৈকে ১৩১ খন চহৰৰ বিস্তৰ ক্ষতিসাধন হৈছে । হিজবুল্লায়ো ৰকেট আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মতে সামৰিক আঘাতৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বৰ্তমানলৈকে তিনিজন আমেৰিকাৰ জোৱান নিহত হোৱাৰ বিপৰীতে ৫ জন গুৰুতৰভাৱে আহত হৈছে ।
বৰ্তমান ইৰাণত ৪০ দিনীয়া ৰাষ্ট্রীয় শোক আৰু সাত দিনীয়া ছুটী পালন কৰি থকা হৈছে ৷ এই আক্ৰমণত ইৰাণৰ ৪৮ জন নেতা নিহত হোৱা বুলি দাবী কৰিছে ট্ৰাম্পে ৷ লগতে কেইবাখনো জাহাজ ধ্বংস হোৱা বুলিও দাবী কৰিছে । আমেৰিকা আৰু ইজৰাইল বাহিনীয়ে দুদিনত ইৰাণৰ ওপৰত হাজাৰৰো অধিক বোমা নিক্ষেপ কৰা বুলি দাবী কৰে ।
LIVE FEED
ইৰাণ-ইজৰাইলৰ সংঘাতৰ মাজতে ভাৰতীয়সকলক সুৰক্ষাৰ আশ্বাস ভাৰতীয় ৰাষ্ট্ৰদূতৰ
সংযুক্ত আৰব আমিৰশ্বাহীত থকা ভাৰতৰ ৰাষ্ট্ৰদূত ড৹ দীপক মিট্টালে দেশখনত বাস কৰা প্ৰায় ৩৫ লাখ ভাৰতীয় নাগৰিকক সম্বোধন কৰি সুৰক্ষাৰ আশ্বাস দিয়ে ৷ ভাৰত চৰকাৰে তেওঁলোকৰ সুৰক্ষা, নিৰাপত্তা আৰু মংগলৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে বুলিও তেওঁ কয় । ৰাষ্ট্ৰদূতগৰাকীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ইৰ মুৰব্বী শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৷ আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও বৈদেশিক মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদৰ সৈতে আলোচনা কৰি ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দেশখনৰ চৰকাৰে গ্ৰহণ কৰা ক্ষীপ্ৰ পদক্ষেপৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ।
ডুবাইত থকা ভাৰতীয় দূতাবাস আৰু কনছুলেট ২৪x৭ কাৰ্যক্ষম হৈ আছে আৰু হেল্পলাইন (+৯৭১-৮০০-৯০৪৬৫৩৪২ টোল ফ্ৰী আৰু +৯৭১-৫৮০৯০৪৬৫৩৪২ হোৱাটছএপ) সক্ৰিয় হৈ আছে । স্থানীয় আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে বহু ভাৰতীয় আবদ্ধ হৈ পৰাত ভাৰত চৰকাৰে তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ৷
জৰ্ডানৰ ৰজাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বাৰ্তালাপত মিলিত হয় । তাৰপিছতে প্ৰধানমন্ত্ৰীগৰাকীৰয়ে নিজৰ সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত এনেদৰে লিখিছে, ‘‘মই অঞ্চলটোৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো । আমি শান্তি, নিৰাপত্তা আৰু জৰ্ডানৰ জনসাধাৰণৰ মংগলৰ বাবে আমাৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰিছো । এই কঠিন সময়ত জৰ্ডান নিবাসী ভাৰতীয়সকলৰ প্ৰতি তেওঁৰ চিন্তাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো ।’’
ফ্ৰান্সে নিজৰ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা বৃদ্ধি কৰিব : ৰাষ্ট্ৰপতি মেক্ৰন
ইজৰাইল আৰু আমেৰিকাৰ ইৰাণৰ আক্ৰমণৰ পিছত চলি থকা উপসাগৰীয় যুদ্ধৰ মাজতে ফ্ৰান্সে পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰিছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কয় যে ফ্ৰান্সে কেইবা দশকৰ পিছত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা বৃদ্ধি কৰিব । মেক্ৰনে কয়, ‘‘ফ্ৰান্সে বৰ্তমানৰ ৩০০ তকৈ কম পৰিমাণে থকা পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা বৃদ্ধি কৰিব । অন্ততঃ ১৯৯২ চনৰ পিছত ফ্ৰান্সে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ মজুত বৃদ্ধি কৰিব ।’’
হনীমুনলৈ যোৱা দম্পতীকে ধৰি পঞ্জাবৰ শতাধিক লোক ডুবাইত আবদ্ধ
ইৰাক আৰু ইজৰাইলৰ যুদ্ধই উপসাগৰীয় দেশসমূহত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে । ইফালে ভাৰত আৰু পঞ্জাৱৰ শ শ লোক আবদ্ধ হৈ আছে ডুবাইৰ দৰে দেশত । এই লোকসকলৰ ভিতৰত আছে মানছা জিলাৰ চৰ্দুলগড় চহৰৰ এটা নৱবিবাহিত দম্পতী । এই দম্পতীটো হনীমুনৰ বাবে ডুবাইলৈ গৈছিল যদিও যুদ্ধৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে তাত আবদ্ধ হৈ পৰাত পৰিয়ালটো চিন্তিত হৈ পৰিছে । পৰিয়ালটোৱে জনোৱা মতে, বিমান বাতিলৰ বাবে তেওঁলোকৰ সন্তানসকল ঘূৰি আহিব পৰা নাই ।
ভাৰতীয়সকলক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিবলৈ আমি সাজু : ওমানস্থিত ভাৰতীয় দূতাবাস
ওমানত থকা ভাৰতীয় দূতাবাসে কয়, ‘‘এম ভি স্কাইলাইটৰ কাণ্ডৰ পিছত নিৰুদ্দেশ হোৱা ক্ৰু সদস্যসকলৰ সন্ধানত নিয়োজিত ওমান কৰ্তৃপক্ষৰ সৈতে মিছন অহৰহ যোগাযোগত আছে । এম ভি স্কাইলাইটৰ পৰা উদ্ধাৰ কৰা ক্ৰু সদস্যসকলক ঘূৰাই পঠোৱাৰ বাবে আমি ওমান কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰি আছো আৰু এই বিষয়ত সকলো ধৰণৰ সহায় আগবঢ়াই যাম ।’’
বাহৰেইনৰ ৰজা আৰু চৌদি আৰৱৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
বাহৰেইনৰ ৰজা হামাদ বিন ইছা বিন ছালমান আল খলিফাৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ ক্ৰাউন প্ৰিন্স তথা চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমান আল ছৌদৰ সৈতেও বাৰ্তালাপত মিলিত হৈছিল । প্ৰধানমন্ত্ৰীসকলে দুয়োখন দেশৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দি দুয়োখন দেশৰ ভাৰতীয় সম্প্ৰদায়ৰ মংগলৰ বিষয়ে আলোচনা কৰে ।
ছাইৰেণ বজোৱাৰ পিছতে খালী চাইপ্ৰাছত থকা ব্ৰিটিছ ঘাটি
এ এফ পিৰ এজন সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি সোমবাৰে চাইপ্ৰাছত থকা ব্ৰিটিছ সাৰ্বভৌম ঘাটি এটা ছাইৰেণ বজোৱাৰ পিছতে ততালিকে খালী কৰা হৈছিল ৷ ভূমধ্য সাগৰীয় দ্বীপটোৰ দক্ষিণ উপকূলৰ আক্ৰ’টিৰি ঘাটি এলেকাৰ পৰা প্ৰায় ৭০ খন গাড়ী ওলাই যোৱা দেখা গৈছে বুলি সংবাদদাতাগৰাকীয়ে কয় ৷ যাৰ অধিকাংশৰে অসামৰিক নম্বৰ প্লেট আছে ।
ভূমধ্যসাগৰীয় দ্বীপটোত ড্ৰোণৰ ভাবুকিৰ পিছত চাইপ্ৰাছৰ স্বৰাজ মন্ত্ৰালয়ে জনোৱা মতে, সোমবাৰে পশ্চিম চাইপ্ৰাছৰ এটা বিমানবন্দৰ আৰু ব্ৰিটিছ ঘাটিৰ আশে-পাশে থকা অঞ্চলসমূহ খালী কৰা হয় । এক্সত প্ৰকাশিত এটা পোষ্টত মন্ত্ৰালয়ে কয়, ‘‘নেশ্যনেল গাৰ্ডৰ পৰা লাভ কৰা তথ্যৰ পিছত আক্ৰ’টিৰি পৌৰনিগম জিলা আৰু পাফ’ছ বিমানবন্দৰ খালী কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে ৷’’
ইয়াৰ পূৰ্বে সোমবাৰে আক্ৰোটিৰি ঘাটিৰ ফালে নিক্ষেপ কৰা দুখন ড্ৰোণক বাধা দিয়াৰ পিছত এই কথা পোহৰলৈ আহিছে ৷ ব্ৰিটিছ আৰু অন্যান্য সামৰিক জোৱানৰ উপৰিও এই ঘাটিত তাত কাম কৰা সাধাৰণ নাগৰিকো থাকে ।
ওমান উপসাগৰত তেলৰ টেংকাৰত ড্ৰোণ আক্ৰমণ ; এজন নাৱিকৰ মৃত্যু
সোমবাৰে ওমান উপসাগৰত মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকা পৰিবাহী এখন তেলৰ টেংকাৰত হোৱা ড্ৰোণ আক্ৰমণত এজন ভাৰতীয়ৰ মৃত্যু ঘটে । দেশখনৰ চৰকাৰী নিউজ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি ওমানৰ ৰাজধানী মাস্কাটৰ সমীপৰ ওমান উপসাগৰত এই আক্ৰমণ সংঘটিত হয় । সংস্থাটোৱে জাহাজখনক MKD VYOM বুলি চিনাক্ত কৰিছে । সংস্থাটোৱে জনোৱা মতে, নিহত ক্ৰু মেম্বাৰজন এজন ভাৰতীয় নাগৰিক । পাৰস্য উপসাগৰৰ সংকীৰ্ণ এলেকা হৰমুজ জলদ্বীপৰ কাষ চাপি অহা জাহাজসমূহক ইৰাণে ধাৰাবাহিকভাৱে আক্ৰমণৰ ভাবুকি দি আহিছে ।
সমগ্ৰ মধ্যপ্ৰাচ্যত উত্তেজনাৰ সৃষ্টি কৰা যুদ্ধত এয়া প্ৰথম ভাৰতৰ প্ৰথমটো নিহতৰ ঘটনা ৷ মধ্যপ্ৰাচ্যত লাখ লাখ ভাৰতীয়ই কাম কৰি থকাৰ সময়তে ভাৰত চৰকাৰে দেশসমূহৰ সৈতে তেওঁলোকৰ সুৰক্ষাৰ বাবে সমন্বয় সাধন কৰি থকা বুলি জানিবলৈ দিছে ৷
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয় আক্ৰমণৰ লক্ষ্য
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ৰ লগতে আৰু বায়ুসেনাৰ অধিনায়কৰ মুখ্য কাৰ্যালয়ক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি সোমবাৰে জানিবলৈ দিয়ে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে ৷
সংবাদ সংস্থা এ এফ পিৰ খবৰ অনুসৰি ফাৰ্চ সংবাদ সংস্থাই প্ৰকাশ কৰা এক বিবৃতিত গাৰ্ডে কয়, ‘‘জায়নিষ্ট শাসনৰ অপৰাধমূলক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু শাসন ব্যৱস্থাৰ বায়ুসেনাৰ অধিনায়কৰ মুখ্য কাৰ্যালয়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল ।’’ বিবৃতিটোত লগতে কোৱা হৈছে যে এই আক্ৰমণত খেইবাৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছে ।

