২০২৪ চনৰ জুলাই মাহৰ ছাত্ৰ আন্দোলন শান্তিপূৰ্ণ নাছিল : মৌনতা ভংগ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ
দুবছৰ পূৰ্বে ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ সময়ৰ লগে লগে আগবাঢ়ি হিংসাত্মক পৰিস্থিতিৰ ৰূপ লয় ।

Published : August 5, 2026 at 9:59 PM IST
নতুন দিল্লী: অৱশেষত নিজৰ মৌনতা ভংগ কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৷ ২০২৪ চনত ক্ষমতাৰ পৰা গাদীচ্যুত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বুধবাৰে নিজৰ মৌনতা ভংগ কৰে ৷ জুলাই আৰু আগষ্ট মাহত দেখা দিয়া এই অশান্তিকৰ পৰিস্থিতি ছাত্ৰসকলৰ ‘‘শান্তিপূৰ্ণ আন্দোলন’’ ৰ সলনি এক সুপৰিকল্পিত অভিযান বুলিহে তেওঁ অভিযোগ উত্থাপন কৰে ।
এই অভিযানৰ জৰিয়তে আসন সংৰক্ষণ ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ ছাত্ৰসমাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তদুপৰি চৰকাৰৰ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে হিংসাত্মক ঘটনাসমূহক ‘ৰাজনৈতিক অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰা দেখা হৈছিল ।
নতুন দিল্লীত বিদেশী সংবাদদাতা ক্লাব অৱ ছাউথ এছিয়াৰ উদ্যোগত আয়োজিত ভাৰ্চুৱেল মিডিয়া বাৰ্তালাপত ভাষণ প্ৰদান কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ অস্থিৰতাক সন্দৰ্ভত চিন্তা-চৰ্চা কৰাৰ লগতে দেশখনৰ পৰিস্থিতিক লৈ দুখ প্ৰকাশ কৰে ।
হাছিনাই কয়, ‘‘যোৱা দুবছৰ ধৰি মই মোৰ মৰমৰ বাংলাদেশখনে সমস্যাৰ সৈতে যুঁজি থকা দেখি আহিছো... এয়া আমি নিৰ্মাণ কৰা বাংলাদেশ নহয় ৷ এয়া সেইখন বাংলাদেশ নহয়, যাৰ বাবে ১৯৭১ চনত তিনি নিযুত লোকে নিজৰ প্ৰাণ আহুতি দিছিল ।’’ ২০২৪ চনৰ মাজভাগত দেশখনত হোৱা প্ৰতিবাদৰ কথা উল্লেখ কৰি হাছিনাই কয় যে তেওঁৰ চৰকাৰে কথোপকথন, আইনী ব্যৱস্থা, আলোচনাৰ জৰিয়তে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ বিৰুদ্ধে চলা আন্দোলনৰ সমাধান সূত্ৰ বাহিৰ কৰিবলৈ চেষ্টা চলাইছিল ৷ সংগঠিত গোটসমূহে আন্দোলনটোক নেতৃত্বৰ নামত বিপথে পৰিচালিত কৰি নিজৰ ৰাজনৈতিক এজেণ্ডাক আগুৱাই লৈ গৈছিল ।’’
‘‘২০২৪ চনৰ জুলাই আৰু আগষ্টৰ বাস্তৱতাৰ পৰাই আৰম্ভ কৰো । এয়া কোনো শান্তিপূৰ্ণ ছাত্ৰ আন্দোলন নাছিল । আৰম্ভণিৰে পৰাই মোৰ চৰকাৰে আলোচনা, আইনী প্ৰক্ৰিয়া, ধৈৰ্যৰ মাজেৰে সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা চলাইছিল । অৱশ্যে সংস্কাৰ বিচৰাৰ চলেৰে কিছুমান সংগঠিত গোটে ছাত্ৰ-ছাত্ৰীৰ দাবীক হিংসাত্মক ৰাজনৈতিক অস্ত্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল’’ - হাছিনাই কয় ৷
তেওঁ লগতে কয়, ‘‘সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ আন্দোলনক মোৰ পদত্যাগৰ সৈতে জড়িত কৰি ইয়াক এক নিৰ্দিষ্ট দাবীলৈ ৰূপান্তৰিত কৰিছিল । পৰিকল্পনা অনুসৰিয়েই মিথ্যাচাৰৰ প্ৰচাৰ কৰা হৈছিল । প্ৰকৃত ছাত্ৰ-ছাত্ৰীসকলৰ আবেগক শোষণ কৰি সংগঠিত গোটসমূহে নিজৰ আন্দোলনক হিংসা আৰু ক্ষমতা পৰিৱৰ্তনৰ অজুহাত হিচাপে ব্যৱহাৰ কৰিছিল ।’’
২০২৪ চনৰ ১৫ জুলাইৰ পৰাই এই প্ৰতিবাদৰ ফলত গণহত্যা, অগ্নিসংযোগ, ৰাজহুৱা আন্তঃগাঁথনিত আক্ৰমণ, আইন প্ৰয়োগকাৰী কৰ্মীৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে ৷
হাছিনাই লগতে দাবী কৰে যে তেওঁক পদচ্যুত কৰাৰ পিছত আৱামী লীগৰ নেতা আৰু দলীয় কৰ্মীসকলে ৰাজনৈতিক নিৰ্যাতনৰ সন্মুখীন হৈছিল । বাংলাদেশত হাজাৰ হাজাৰ লোকক হত্যা কৰা হৈছিল, অধিকাংশ নিৰুদ্দেশ হৈছিল, আন বহুতকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু লাখ লাখ লোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল । সেই সময়ত মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰে হিংসাত্মক পৰিস্থিতিৰ তদন্তৰ বাবে হাছিনা চৰকাৰে আৰম্ভ কৰা ন্যায়িক তদন্ত বন্ধ কৰি দিয়া বুলিও তেওঁ অভিযোগ তোলে ।
এই ধ্বংসলীলাৰ বৰ্ণনা কৰি শ্বেখ হাছিনাই অভিযোগ কৰে যে বাংলাদেশৰ ১৯৭১ চনৰ মুক্তিযুদ্ধৰ সৈতে জড়িত প্ৰতীকসমূহ এই আন্দোলনৰ চলেৰে ধ্বংস কৰা হৈছিল ৷ তাৰোপৰি সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল । শ্বেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক বাসগৃহ ‘ধনমণ্ডি ৩২’ বিধ্বংস কৰাৰ কথাও হাছিনাই উল্লেখ কৰে ৷ তেওঁৰ মতে এয়া মুক্তিযুদ্ধৰ উত্তৰাধিকাৰ মচি পেলোৱাৰ এক প্ৰয়াস আছিল ।
মৃত্যুদণ্ডৰ শাস্তি লাভ কৰাৰ পিছতো চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বাংলাদেশলৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ বাবে শ্বেখ হাছিনা ক্ৰমাৎ সাজু হৈছে ৷ তেওঁ ২০২৪ চনৰ ৫ আগষ্টত ভাৰতলৈ পলায়ন কৰাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত দিয়া এয়া তেওঁৰ প্ৰথমটো ভাষণ ৷ ২০২৪ চনৰ জুন মাহত আৰম্ভ হোৱা দেশজোৰা চৰকাৰ বিৰোধী আন্দোলনৰ পিছত বাংলাদেশৰ পৰা পলায়ন কৰি শ্বেখ হাছিনাই নিজৰ ১৫ বছৰীয়া কাৰ্যকালৰ সামৰণি মাৰে ৷ একেটা অনুষ্ঠানতে হাছিনাই নতুন দিল্লীয়ে বিষয়টোক লৈ প্ৰকাশ কৰা কোনো মন্তব্যৰ সমৰ্থন নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।
আনহাতে, এই প্ৰসংগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, ‘‘ইয়াত চৰকাৰৰ কোনো ভূমিকা নাই । তদুপৰি এইখন মঞ্চত প্ৰকাশ পোৱা সকলো মতামত চৰকাৰে সমৰ্থন নকৰে ।’’ হাছিনাক আশ্ৰয় প্ৰদান কৰাৰ পিছত ভাৰতে নিজৰ ভূমিৰ পৰা অন্য সাৰ্বভৌম ৰাষ্ট্ৰৰ বিৰুদ্ধে যাতে কোনোধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ সংঘটিত নহয়, তাৰ নীতি কঠোৰভাৱে পালন কৰা বুলি শেহতীয়াকৈ মন্ত্ৰালয়ে এখন সংসদীয় কমিটীক অৱগত কৰিছে ৷
অৱশ্যে সোমবাৰে ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীৰ ওচৰত এই বিষয়টো উত্থাপন কৰাৰ পিছতো ঢাকা অসন্তুষ্ট হৈয়ে আছে । কূটনৈতিক সূত্ৰই ইংগিত দিছে যে হাছিনাক ৰাজনৈতিক ভাষণ দিয়াৰ অনুমতি প্ৰদান কৰিলে ইতিমধ্যে সংকীৰ্ণ হৈ পৰা দ্বি-পাক্ষিক সম্পৰ্ক আৰু অধিক জটিল হোৱাৰ সম্ভাৱনা আছে ৷ হাছিনাক ক্ষমতাৰ পৰা বৰ্খাস্ত কৰাৰ পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনৰ পূৰ্বে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এক অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব গ্ৰহণ কৰে ।
সাধাৰণ নিৰ্বাচনত তাৰিক ৰহমানৰ নেতৃত্বত বাংলাদেশ জাতীয়তাবাদী পাৰ্টীয়ে জয়লাভ কৰাৰ বিপৰীতে আৱামী লীগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰা হয় ৷ ঢাকাৰ বিষয়াসকলে হাছিনাৰ বিৰুদ্ধে ৰাজনৈতিক নিৰ্যাতনৰ অভিযোগ ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে ।
উল্লেখ্য যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক ছেপ্টেম্বৰ মাহত ভাৰতে আয়োজন কৰা ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । এই তথ্য ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছে ৷ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰহমানক দ্বি-পাক্ষিক ভ্ৰমণৰ বাবে ভাৰতলৈ আমন্ত্ৰণ জনাইছিল ৷ কিন্তু শেহতীয়াকৈ ৰহমানক বিমষ্টেকৰ অধ্যক্ষ হিচাপেহে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা বুলি নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে ৷
লগতে পঢ়ক: পাক অধিকৃত জম্মু-কাশ্মীৰত প্ৰতিবাদ অব্য়াহত: ৰাৱালপিণ্ডিত কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক আটকৰ অভিযোগ

