মোদীকে ধৰি বিশ্ব নেতাসকলৰ সৈতে সুদৃঢ় সম্পৰ্ক আছে: গাজা যুদ্ধত নিজৰ নেতৃত্বৰ সমৰ্থনত নেতান্যাহু
ইজৰাইলৰ সংবাদ মাধ্যমত নেতান্যাহু আৰু ট্ৰাম্পৰ মাজত 'ৰাজনৈতিক সংঘৰ্ষ'ৰ বিষয়ে চৰ্চা চলিছে । ট্ৰাম্পক সাক্ষাতৰ পূৰ্বে পূৰ্বনিৰ্ধাৰিত নিয়ম বুলি উলাই কৰাৰ উদাহৰণ দিছে ।

Published : December 9, 2025 at 1:56 PM IST
জেৰুজালেম : ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সোমবাৰে নেছেটত (ইজৰাইল সংসদ) দিয়া এক আগ্ৰাসী ভাষণত দেশখনৰ কাম-কাজ চম্ভালি লোৱাৰ ক্ষেত্ৰত নিজৰ পদ্ধতিৰ সপক্ষে যুক্তি আগবঢ়াই দৃঢ়তাৰে কয় যে ইহুদী ৰাষ্ট্ৰখনৰ বিৰুদ্ধে যিহুদী বিৰোধিতাৰ ঢৌ সত্ত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু দেশ আৰু নেতাৰ পৰা তেওঁ অভূতপূৰ্ব সমৰ্থন লাভ কৰিছে ।
বিৰোধীয়ে মাহত এবাৰ প্ৰধানমন্ত্ৰীক নেচেট মঞ্চত উপস্থিত হ’বলৈ বাধ্য কৰাব পৰা সংসদীয় ব্যৱস্থা তথাকথিত ‘40-signature debate’ৰ সময়ত ভাষণ দি নেতান্যাহুৱে ইজৰাইলৰ বৈদেশিক সম্পৰ্ককে ধৰি বিভিন্ন ফ্ৰণ্টত নিজৰ চৰকাৰৰ নীতিৰ শক্তিশালী প্ৰতিৰক্ষা আগবঢ়ায় । লগতে ইজৰাইল বৰ্তমান পূৰ্বতকৈ শক্তিশালী হৈছে বুলিও তেওঁ কয় ।
বিৰোধীয়ে 'ইজৰাইলৰ আন্তঃৰাষ্ট্ৰীয় স্থানৰ পতন' ঘটা বুলি অভিহিত কৰা কথাটোক প্ৰত্যুত্তৰ দি ইজৰাইলী প্ৰধানমন্ত্ৰীয়ে কয় যে ইজৰাইলে হামাছৰ সৈতে দুবছৰ যুদ্ধ কৰি থকাৰ পিছতো কূটনৈতিক, সামৰিক আৰু অৰ্থনৈতিকভাৱে প্ৰভাৱশালী হৈয়েই আছে, বিশ্বৰ নেতাসকলৰ সৈতে তেওঁৰ সম্পৰ্কক উজ্জ্বল কৰি তুলিছে ।
বিৰোধী সদস্যসকলৰ পৰা ধাৰাবাহিকভাৱে তীব্ৰ সমালোচনাৰ মাজতে নেতান্যাহুৱে এই বিতৰ্কৰ বিষয়টোক উপহাস কৰি নিজৰ ভাষণৰ আৰম্ভণিতে যুদ্ধক লৈ ইজৰাইলৰ বিশ্বজনীন স্থানৰ অৱনমন ঘটা বুলি কোৱা কথাটোক 'বাস্তৱৰহিত' বুলি অভিহিত কৰে আৰু এই কথা জোৰ দি কয় যে 'বৰ্তমান ইজৰাইল পূৰ্বতকৈ শক্তিশালী' ।
নেতান্যাহুৱে দৃঢ়তাৰে কয়, “এই দেশ মধ্যপ্ৰাচ্যত আটাইতকৈ দৃঢ় শক্তি আৰু কোনো কোনো ক্ষেত্ৰত বিশ্ব শক্তি ।" তেওঁ লগতে জোৰ দি কয়, "এয়া আমাৰ দ্বাৰা পুনৰুত্থানৰ যুদ্ধৰ নেতৃত্ব দিয়াৰ ধৰণৰ প্ৰত্যক্ষ ফল ।”
উল্লেখ্য যে ইজৰাইল চৰকাৰে ২০২৩ চনৰ ৭ অক্টোবৰত নিজৰ ভূখণ্ডত হামাছৰ আক্ৰমণৰ পৰা আৰম্ভ হোৱা যুদ্ধক অক্টোবৰ মাহত ‘পুনৰুত্থানৰ যুদ্ধ’ নাম ৰখাৰ সিদ্ধান্ত লয়, যিটো সিদ্ধান্তৰ বিৰুদ্ধে ইজৰাইলৰ বহুতেই বিৰোধিতা কৰি আহিছে । নেতান্যাহুৱে কয়, “বিশ্বৰ বহু দেশ আৰু বিশ্বৰ বহু নেতাই আমাক বিচাৰিছে ।” তেওঁ লগতে স্বীকাৰ কৰে যে ইয়াত প্ৰত্যাহ্বানো আছে ।
তেওঁ দুটা কথাৰ ফলত পশ্চিমীয়া দেশত বিয়পি পৰা 'ইহুদী বিৰোধীৰ ঢৌ'ক দোষাৰোপ কৰে: কট্টৰপন্থী মুছলমান সংখ্যালঘু যিসকল বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে প্ৰৱেশ কৰিছে, সকলোতকৈ প্ৰথম আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ ইউৰোপত আৰু ছ’চিয়েল মিডিয়াত ইহুদী বিৰোধী প্ৰৰোচনা । দ্বিতীয়তে, 'ইহুদী বিৰোধী চৰকাৰ আৰু সংগঠনে বৃদ্ধি কৰা উচটনি' ।
তেওঁ লগতে কয়, “আমি বিশ্বজুৰি এই ইহুদী বিৰোধী অপপ্ৰচাৰৰ বিৰুদ্ধে যুঁজি আছোঁ । আমাৰ চৰকাৰে এই পক্ষপাতদুষ্টতাৰ বিৰুদ্ধে যুঁজিবলৈ বৈদেশিক মন্ত্ৰণালয়ক প্ৰায় ২.৩৫ বিলিয়ন এন আই এছৰ (৭২৫ মিলিয়ন মাৰ্কিন ডলাৰ) অভূতপূৰ্ব আবণ্টন দিছে ।"
নেতান্যাহুৱে কয়, "মই বিশ্বাস কৰোঁ যে আমি ইয়াৰ বিৰুদ্ধে নতুন পদ্ধতিৰে যুঁজিব লাগিব । লগতে উল্লেখ কৰে যে আমি লাভ কৰা আমাৰ উল্লেখযোগ্য সফলতাৰ দিশে চাব লাগিব ।" ইয়াৰ উপৰি নেতান্যাহুৱে যুক্তি দিয়ে যে ইজৰাইলৰ কূটনৈতিক স্থিতি উল্লেখযোগ্য হৈয়ে আছে । এই ক্ষেত্ৰত তেওঁ এই সপ্তাহত জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জৰ ভ্ৰমণৰ কথা আঙুলিয়াই দিয়ে, যিটো ভ্ৰমণ মেৰ্জৰ অনুৰোধতে হৈছিল বুলিও তেওঁ কয় ।
"আৰু অন্য বিশ্ব শক্তিও আমাৰ দিশে আহি আছে: মই মোৰ পুৰণি বন্ধু, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সঘনাই কথা পাতো । আমি সোনকালে সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু মই আপোনালোকক ক'ব লাগিব- ডেৰ বিলিয়ন জনসংখ্যাৰ বিশাল দেশ ভাৰতেও আমাৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিব বিচাৰে ।" নেতান্যাহুৱে দৃঢ়তাৰে কয় ।
তেওঁ উপহাস কৰি কয়, "জাৰ্মানী, ভাৰত আৰু ইয়াত আপোনাৰ কাল্পনিক ৰাজনৈতিক পতনৰ আন এক সংকেত আছে: মাহটোৰ শেষত মই মোৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে আন এক বৈঠকৰ বাবে আমেৰিকালৈ যাম ।"
ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে, "চলিত বৰ্ষৰ জানুৱাৰী মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এইখন মোৰ ষষ্ঠখন বৈঠক হ’ব, বিশ্বৰ আন যিকোনো নেতাতকৈ বেছি ।"
উল্লেখ্য যে ইজৰাইলৰ সংবাদ মাধ্যমে নেতান্যাহু আৰু ট্ৰাম্পৰ মাজত 'ৰাজনৈতিক সংঘৰ্ষ'ৰ এক জল্পনা-কল্পনাৰ সৃষ্টি কৰি আহিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে অনুষ্ঠিত বৈঠকৰ পূৰ্বে নেতান্যাহুৱে ‘নিৰ্দিষ্ট আচাৰ-ব্যৱহাৰ’ পালন নকৰাৰ বাবে তেওঁলোকৰ মাজত 'বৃহৎ পাৰ্থক্য'ৰ সৃষ্টি হোৱা বুলি উদাহৰণ দাঙি ধৰি এই জল্পনা-কল্পনাত সাৰ-পানী যোগাইছে ।
নেতান্যাহুৱে কয়, "প্ৰতিখন বৈঠকৰ পিছতে আপোনালোক হতাশ হয়, কাৰণ ইতিবাচক ফলাফলে আপোনালোকক বাৰে বাৰে আচৰিত কৰে । আনহাতে, আমেৰিকাৰ ক্ষেত্ৰত, অৱশ্যেই আমি সকলো কথাতে একমত হ'ব নোৱাৰোঁ ।"
"আৰু যিবোৰ ক্ষেত্ৰত প্ৰয়োজন হয়, সেইবোৰ ক্ষেত্ৰত মই আমাৰ গুৰুত্বপূৰ্ণ স্বাৰ্থৰ পক্ষত থিয় দিওঁ । এইটো সদায় প্ৰয়োজনীয় নহয়, কিন্তু যেতিয়া প্ৰয়োজন হয়, আমি সেইবোৰৰ পক্ষত থিয় দিওঁ । আমেৰিকা আৰু ইজৰাইল দুখন স্বাধীন দেশ । আমাৰ মাজত মূল্যবোধ আৰু স্বাৰ্থৰ বিনিময়ৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক আছে, যিটো অধিক তীব্ৰ হৈ পৰিছে ।" তেওঁ দৃঢ়তাৰে কয় ।
ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, "ইজৰাইলৰ আমেৰিকাতকৈ ভাল মিত্ৰ নাই আৰু আমেৰিকাৰো ইজৰাইলতকৈ ভাল মিত্ৰ নাই ।" নেতান্যাহুৱে দীৰ্ঘদিন ধৰি নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিশ্বৰ নেতাসকলৰ সৈতে নিজৰ 'ব্যক্তিগত ৰসায়ন'ৰ প্ৰচাৰ কৰি আহিছে । তেনে এক প্ৰচাৰৰ সময়ত ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু মোদীৰ সৈতে হোৱা বৈঠকৰ ছবি শাসকীয় দল লিকুডৰ মুখ্য কাৰ্যালয়ত ভৰি পৰিছিল ।
তেওঁৰ সমৰ্থকসকলে তেওঁক প্ৰায়ে বিশ্বক্ষেত্ৰত স্থান লাভ কৰা একমাত্ৰ ইজৰাইলী ৰাজনৈতিক নেতা হিচাপে চিত্ৰিত কৰে আৰু লগতে ইজৰাইলৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলক প্ৰত্যাহ্বান জনোৱাৰ ক্ষমতা আছে বুলিও ধাৰণা কৰে । তেওঁলোকে প্ৰায়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু জো বাইডেনৰ সৈতে তেওঁৰ শীতল যুদ্ধৰ কথা উল্লেখ কৰে, যাৰ সৈতে তেওঁৰ কেইবাটাও বিষয়ত সঘনাই মতানৈক্য হৈছিল ।
নেতান্যাহুৱেও তেওঁৰ ভাষণৰ সময়ত পুটিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, "মই লগতে কওঁ যে আমাৰ আন এখন বিশ্ব শক্তি- ৰাছিয়াৰ সৈতে নিৰন্তৰ যোগাযোগ আছে । মই ৰাষ্ট্ৰপতি পুটিনৰ সৈতে নিয়মীয়াকৈ কথা পাতো আৰু দশক দশক ধৰি চলি অহা এই ব্যক্তিগত সম্পৰ্কই আমাৰ গুৰুত্বপূৰ্ণ স্বাৰ্থ সুৰক্ষিত কৰে ।"
"হয়, আমেৰিকা, ভাৰত, জাৰ্মানী, ৰাছিয়া– চাৰিখন শক্তি যাৰ সম্পৰ্ক যুদ্ধৰ পিছতহে শক্তিশালী হৈছে । আৰু কেৱল মহাশক্তিবোৰেই আমাৰ ওচৰলৈ অহা নাই: আন বহু দেশেই আমাৰ ওচৰ চাপিব বিচাৰে– মধ্যপ্ৰাচ্যতো, সুদূৰ পূবতো, লেটিন আমেৰিকাতো, য’ত এক অতি ডাঙৰ পৰিৱৰ্তন ঘটিছে আৰু আফ্ৰিকাতো ।" গাজাত যুদ্ধৰ দুবছৰৰ সময়ছোৱাত ইজৰাইলৰ বৈদেশিক নীতি আৰু বিশ্বজনীন অৱস্থানক সুৰক্ষা দিবলৈ নেতান্যাহুৱে গুৰুত্ব আৰোপ কৰে ।
বিৰোধীয়ে নেতান্যাহুৰ পদত্যাগ দাবী কৰি আহিছে, যুদ্ধ চম্ভালি লোৱাৰ , হামাছৰ আক্ৰমণ ৰোধ কৰাত ইজৰাইলে ব্যৰ্থ হোৱাৰ দায়িত্ব গ্ৰহণ নকৰাৰ প্ৰতি অৱজ্ঞা কৰা, সমাজত বিভাজনৰ সৃষ্টি কৰা, ন্যায়পালিকা দুৰ্বল কৰা আৰু লগতে স্বতন্ত্ৰ ৰাষ্ট্ৰীয় তদন্ত আয়োগ গঠনৰ অনুমতি নিদিয়াক লৈ সমালোচনা কৰিছে ।
যোৱা মাহত চৰকাৰে সিদ্ধান্ত লৈছিল যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণ আৰু হত্যাকাণ্ডক কেন্দ্ৰ কৰি হোৱা ব্যৰ্থতাৰ ওপৰত পৰম্পৰাগতভাৱে উল্লেখযোগ্য দুৰ্যোগৰ তদন্তৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় তদন্ত আয়োগ গঠন কৰাতকৈ নিজাকৈ তদন্ত আয়োগ গঠন কৰা হ’ব ।
ভাষণৰ সময়ত নেতান্যায়াহুৱে কয়, "আয়োগ গঠন আৰু ইয়াৰ গাঁথনি মিত্ৰজোঁট আৰু বিৰোধীৰ মাজত সমানে কৰা হ’ব ।" তেওঁ লগতে কয়, “কোনে ইয়াৰ বিৰোধিতা কৰিব পাৰে ? কেৱল এনেকুৱা এজন ব্যক্তি, যিয়ে সত্য প্ৰকাশ কৰিব নিবিচাৰে ।”

