ডুবাইৰ পামছ জুমেইৰা অঞ্চলত ইৰাণৰ আক্ৰমণ, চাৰিজন আহত
ইৰাণৰ বেলিষ্টিক মিছাইলেৰে সংযুক্ত আৰব আমিৰশ্বাহীত এক বৃহৎ আক্ৰমণ সংঘটিত হোৱা বুলি জানিবলৈ দিছে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷

Published : March 1, 2026 at 12:34 AM IST
|Updated : March 1, 2026 at 8:41 AM IST
আবুধাবি(সংযুক্ত আৰব আমিৰশ্বাহী): ইৰাণৰ বিভিন্ন ঠাইত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা ৷ শনিবাৰে ডুবাইৰ পামছ জুমেইৰা অঞ্চলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ইয়াৰ পিছতে অতি তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয় জৰুৰীকালীন উদ্ধাৰ অভিযানকাৰী দলসমূহ ৷
দলসমূহে অঞ্চলটোত সংঘটিত হোৱা অগ্নিকাণ্ডৰ স্থান প্ৰত্যক্ষ কৰি ক্ষীপ্ৰতাৰে তথা অতি সুৰক্ষিতভাৱে জুই নিয়ন্ত্ৰণলৈ আনে বুলি শনিবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা হৈছে ৷ ডুবাই মিডিয়া অফিচে জনোৱা মতে, এই ঘটনাত কমেও চাৰিজন লোক আহত হৈছে ৷ পৰৱৰ্তী সময়ত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
বিবৃতিটোত এনেদৰে কোৱা হৈছে, ‘‘ডুবাই প্ৰশাসনে নিশ্চিত কৰিছে যে পামছ জুমেইৰা অঞ্চলৰ এটা অট্টালিকাত অগ্নিকাণ্ডটো সংঘটিত হৈছে । ঘটনাস্থলীত তাৎক্ষণিকভাৱে জৰুৰীকালীন উদ্ধাৰ অভিযানকাৰীৰ দল মোতায়েন কৰি অঞ্চলটো সুৰক্ষিত কৰা হৈছে । ডুবাই অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে নিশ্চিত কৰিছে যে সম্প্ৰতি নিয়ন্ত্ৰণত আছে জুই । চাৰিজন লোক আহত হোৱাত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । অঞ্চলটোৰ বাসিন্দা আৰু অতিথিৰ সুৰক্ষা আৰু মংগল প্ৰথম অগ্ৰাধিকাৰ ।’’
সংযুক্ত আৰব আমিৰশ্বাহীৰ(ইউ এ ই) প্ৰতিৰক্ষা মন্ত্ৰালয়েও নিশ্চিত কৰিছে যে দেশখনৰ দিশে নিক্ষেপ কৰা ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণসমূহ অতি সফলতাৰে বাধা প্ৰদান কৰা হৈছিল, যাৰ ফলত ক্ষতিৰ পৰিমাণ তেনেই কম ৷ দেশৰ নিৰাপত্তা আৰু স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰাৰ যিকোনো প্ৰচেষ্টাক দৃঢ়ভাৱে প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি দাবী কৰি মন্ত্ৰালয়ে যিকোনো আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত বুলি প্ৰকাশ কৰে ।
নাগৰিক, বাসিন্দা আৰু পৰ্যটকৰ সুৰক্ষা সৰ্বোচ্চ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ লগত কোনো আপোচ কৰিব নোৱাৰি । মন্ত্ৰালয়ে লগতে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ক্ষেপণাস্ত্ৰসমূহ ধ্বংস কৰে ৷ আবুধাবি আৰু ডুবাইৰ কেইবাটাও অঞ্চলত ধ্বংসাৱশেষ পৰি ৰয় ।
মন্ত্ৰালয়ে কয়, ‘‘এই লক্ষ্য নিৰ্ধাৰণ কৰাটো ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ মুকলিকৈ কৰা উলংঘা, যিয়ে ইউ এ ইক নিজৰ ভূখণ্ড আৰু জনসাধাৰণক সুৰক্ষিত কৰাৰ বাবে আৰু নিজৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু স্থিতিশীলতা সুৰক্ষিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰে ।’’
সংযুক্ত আৰব আমিৰশ্বাহীৰ চৰকাৰী সূত্ৰৰ পৰাও তথ্য বিচাৰিবলৈ আৰু উৰাবাতৰি বা ভুৱা তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈও মন্ত্ৰালয়ে আহ্বান জনায় । ইয়াৰ পূৰ্বে শনিবাৰে পুৱা ইজৰাইলৰ প্ৰেছে প্ৰকাশ কৰা অনুসৰি ডুবাইৰ পামছৰ এখন হোটেলৰ বাহিৰত ধোঁৱা আৰু জুইৰ শিখা দেখিবলৈ পোৱা যায় । সামাজিক মাধ্যমত প্ৰচাৰিত ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে ডুবাইৰ অন্যতম জনপ্ৰিয় হোটেল ফেয়াৰমণ্টৰ বাহিৰত ধোঁৱা আৰু জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে, যিখনলৈ পশ্চিমীয়া লোকসকলে সঘনাই আহ-যাহ কৰে ।
লগতে পঢ়ক: ইৰাণৰ বিৰুদ্ধে বৃহৎ সামৰিক আক্ৰমণৰ হুংকাৰ ট্ৰাম্পৰ

