ETV Bharat / international

লেবাননত আক্ৰমণ ইজৰাইলৰ; হিজবুল্লাহৰে জড়িত ৫০টা আন্তঃগাঁথনি ধ্বংস

দক্ষিণ লেবাননৰ হিজবুল্লাহৰ সৈতে জড়িত একাধিক স্থানত আক্রমণ ইজৰাইলী সেনাৰ ।

Israel strikes 50 Hezbollah-linked infrastructure sites in Lebanon Read more At:  https://www.aninews.in/news/world/middle-east/israel-strikes-50-hezbollah-linked-infrastructure-sites-in-lebanon20260503070527/
হিজবুল্লাহৰ সৈতে জড়িত ৫০টা আন্তঃগাঁথনি ধ্বংস কৰা বুলি দাবী ইজৰাইলৰ (IDF)
author img

By ANI

Published : May 3, 2026 at 2:12 PM IST

3 Min Read
Choose ETV Bharat

টেল আভিভ (ইজৰাইল): মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা চলি থকাৰ মাজতে এইবাৰ দক্ষিণ লেবাননত আক্ৰমণ কৰিলে ইজৰাইলে । দক্ষিণ লেবাননৰ হিজবুল্লাহৰ সৈতে জড়িত একাধিক স্থানত ইজৰাইলে আক্রমণ চলায় । ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা আৰু সমর্থনৰ বাবে বাৱহাৰ কৰা উগ্রপন্থী আন্তঃগাঁথনি বুলি অভিহিত কৰা স্থানক লক্ষ্য কৰিয়েই এই আক্ৰমণ চলাইছে ইজৰাইলী সেনা ।

ইজৰাইলৰ সেনা (আইডিএফ)ই শনিবাৰে দক্ষিণ লেবাননত ধাৰাবাহিকভাৱে আক্রমণ চলোৱা বুলি উল্লেখ কৰিছে । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সদৰী কৰা মতে, তেওঁলোকৰ বাহিনীয়ে দক্ষিণ লেবাননৰ হিজবুল্লাহৰ সৈতে জড়িত একাধিক স্থানত আক্রমণ চলায় । শনিবাৰে আইডিএফে কেইবাটাও সন্ত্রাসবাদী আন্তঃগাঁথনি স্থানত আঘাত হানে । দক্ষিণ লেবাননত আইডিএফৰ সৈন্যৰ কাষত চলি থকা সন্ত্রাসবাদীৰ আন্তঃগাঁথনি স্থান নির্মূল কৰা বুলিও দাবী কৰিছে ইজৰাইলে । আইডিএফে উল্লেখ কৰা মতে, কেইবাটাও অঞ্চলত প্রায় ৭০টা সামৰিক ঘাটি আৰু প্রায় ৫০টা হিজবুল্লাহৰ সৈতে জড়িত আন্তঃগাঁথনি ধ্বংস কৰিছে । আইডিএফৰ মতে,এই লক্ষ্যস্থানসমূহৰ ভিতৰত আছে কমাণ্ড চেণ্টাৰ, অস্ত্ৰ সংৰক্ষণৰ সুবিধা, সামৰিক ভৱন আৰু ইজৰাইলৰ বিৰুদ্ধে ব্য়ৱহাৰ কৰা স্থান । বিবৃতিটোত পুনৰ উল্লেখ কৰা হৈছে যে ৰাজনৈতিক স্তৰৰ নিৰ্দেশনা অনুসৰি ইজৰাইলৰ সাধাৰণ নাগৰিক আৰু আইডিএফৰ জোৱানসকলৰ প্রতি থকা ভাবুকিৰ বিৰুদ্ধে আইডিএফে কাম কৰি যাব ।

ইপিনে, আন এক পৃথক ঘটনাত আইডিএফে দক্ষিণ গাজা ষ্ট্ৰিপত সংঘটিত কাণ্ডৰ বাতৰি প্ৰকাশ কৰি কয় যে সৈন্যই 'হালধীয়া ৰেখা' অতিক্ৰম কৰি ইজৰাইলৰ স্থানৰ ওচৰ চাপি অহা চাৰিজন উগ্রপন্থীক চিনাক্ত কৰিছে ।

ইয়াত লগতে কোৱা হৈছে , "চিনাক্তকৰণৰ পিছত সৈন্যই সন্ত্রাসবাদীক গুলীচালনা কৰাত তিনিজন সন্ত্রাসবাদী নিহত হয় ।" আইডিএফে কয় যে যুদ্ধবিৰতি চুক্তি অনুসৰি তেওঁলোকৰ দক্ষিণ কমাণ্ড বাহিনী নিয়োজিত হৈ আছে আৰু তাৎক্ষণিক ভাবুকিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব ।

অল জাজিৰাই উল্লেখ কৰা মতে, হিজবুল্লাহৰ নেতৃত্বই স্থিতি কঠোৰ কৰাৰ মাজতে এইবোৰ ঘটনা সংঘটিত হৈছে । হিজবুল্লাহৰ মুৰব্বী নাইম কাছেমে যোৱা ২৭ এপ্রিলত ইজৰাইলৰ সৈতে প্রত্যক্ষ আলোচনাত লিপ্ত হ'বলৈ অস্বীকাৰ কৰিছিল । সেইবাবে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিৰোধ অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

ইজৰাইলে জোৰ দি কয় যে বিশেষকৈ উত্তৰ অঞ্চলত নাগৰিক আৰু সৈনিকৰ সুৰক্ষাৰ প্রাথমিক বাধ্যবাধকতা অব্যাহত আছে । ইজৰাইল বাহিনীয়ে আমেৰিকাৰ সৈতে চুক্তিবদ্ধ নিয়মৰ অধীনত আৰু লেবাননৰ সৈতে জড়িত সমন্বয়ৰ কাঠামোৰ ভিতৰত কাম কৰি আছে।

ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্য়াহুৱে যোৱা ২৬ এপ্রিলত দৃঢ়তাৰে কৈছিল যে লেবাননৰ যুদ্ধবিৰতি ব্যৱস্থাক হিজবুল্লাই ভেঙুচালি কৰিছে । যোৱা ২৩ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে যুদ্ধবিৰতি তিনি সপ্তাহৰ বাবে বৃদ্ধি কৰাৰ সন্দৰ্ভত ঘোষণা কৰাৰ পিছতে ইজৰাইলে নিজৰ অভিযান অব্য়াহত ৰাখিছে । উল্লেখ্য় যে ইজৰাইলী সেনাৰ শীৰ্ষ বিষয়া লেফটেনেণ্ট জেনেৰেল ঈয়াল জমিৰে ইজৰাইলে হিজবুল্লাহক আক্ৰমণ কৰিবলৈ প্ৰতিটো কাৰ্যকৰী পন্থা হাতত ল'ব বুলি ইতিমধ্য়ে সকীয়াই দিছে ।

লগতে পঢ়ক:১০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত ইজৰাইল আৰু লেবানন : ড’নাল্ড ট্ৰাম্প

অনিশ্চয়তাত যুদ্ধবিৰতি চুক্তি; লেবাননত ইজৰাইলৰ আক্ৰমণ, ইৰাণেও বন্ধ কৰিলে হৰমুজ প্ৰণালী