ETV Bharat / international

১০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত ইজৰাইল আৰু লেবানন : ড’নাল্ড ট্ৰাম্প

ট্ৰাম্পে ইজৰাইল আৰু লেবাননৰ নেতাক দুয়োখন দেশৰ মাজৰ যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়াৰ পিছত হোৱাইট হাউছলৈ আমন্ত্ৰণ জনোৱাৰ কথাও সদৰি কৰে ।

Trump
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প (AP)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 12:16 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে ইজৰাইল আৰু লেবাননে ১০ দিনৰ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ৷ যুদ্ধবিৰতিৰ ম্যাদ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ৷ অৱশ্যে ইৰাণ সমৰ্থিত হিজবুল্লাই এই চুক্তিত সন্মতি দিছে নে নাই, তাৰ কোনো ইংগিত লাভ কৰা নাই ।

ট্ৰাম্পে কয় যে ইজৰাইল আৰু লেবাননে ৱাশ্বিংটনত শান্তি আলোচনা অনুষ্ঠিত কৰাৰ দুদিন পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনৰ সৈতে হোৱা ফলপ্ৰসূ আলোচনাৰ পিছত এই যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হৈছে ।

ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমৰ একাউণ্ট ট্ৰুথত কয় যে এই দুয়োজন নেতাই স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাত আনুষ্ঠানিকভাৱে ১০ দিনীয়া যুদ্ধবিৰতি আৰম্ভ কৰি নিজৰ দেশলৈ শান্তি ঘূৰাই আনিবলৈ কৰা প্ৰচেষ্টাত সন্মত হৈছে ।

ট্ৰাম্পে কয় যে তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স, বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু আমেৰিকাৰ শীৰ্ষ সামৰিক বিষয়া ডেন কেইনক দুয়োখন দেশৰ সৈতে কাম কৰি স্থায়ী শান্তি লাভ কৰিবলৈ নিৰ্দেশ দিছে ।

‘‘মই বিশ্বজুৰি নখন যুদ্ধ নিষ্পত্তি কৰাৰ সুযোগ পাইছো ৷ এয়া মোৰ দশম প্ৰচেষ্টা, গতিকে আহকচোন কামটো সম্পূৰ্ণ কৰি লওঁ !’’ ইজৰাইলৰ সহযোগত ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এনেদৰে কয় ।

ইয়াৰ পিছত হিজবুল্লাই লেবাননক মধ্যপ্ৰাচ্যৰ যুদ্ধত নিয়োজিত কৰে আৰু ইয়াৰ সমৰ্থক তেহৰাণৰ সমৰ্থনত ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰে । তাৰপিছৰে পৰা লেবাননত ইজৰাইলে চলোৱা আক্ৰমণত ২০০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে এক নিযুতৰো অধিক লোক স্থানচ্যুত হৈছে ৷ ইজৰাইলৰ সেনাবাহিনীয়ে দেশখনৰ দক্ষিণ অংশ আক্ৰমণ কৰে ।

ট্ৰাম্পে লগতে কয় যে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ হ’লেই ইজৰাইল আৰু লেবাননৰ নেতাদ্বয়ক হোৱাইট হাউছলৈ আমন্ত্ৰণ জনাব । ট্ৰাম্পে নিজৰ ট্ৰুথ একাউণ্টত এনেদৰে কয়, ‘‘মই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বিবি নেতানিয়াহু আৰু লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনক হোৱাইট হাউছলৈ নিমন্ত্ৰণ কৰিম ।’’

লগতে পঢ়ক: ৰাছিয়া-ইৰাণৰ তেলৰ ওপৰত থকা নিষেধাজ্ঞাত আৰু ৰেহাই নিদিয়ে আমেৰিকাই; ভাৰত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা