ETV Bharat / international

ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত আস্থা আছে; শীঘ্ৰেই ভাৰতলৈ আহিব ইজৰাইলী প্ৰধানমন্ত্ৰী নেতান্যাহু

ইজৰাইলী সংবাদ মাধ্যমৰ মতে, দিল্লী সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তাজনিত চিন্তাৰ বাবে ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নেতান্যাহুৰ ভাৰত ভ্ৰমণ স্থগিত ৰখা হৈছিল ।

NETANYAHU India visit
২০১৮ চনৰ ১৭ জানুৱাৰীত গুজৰাটৰ আহমেদাবাদৰ দেও ধোলেৰা গাঁৱত আইক্ৰিয়েট চেণ্টাৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু (IANS)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 1:56 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নিৰাপত্তাজনিত চিন্তাৰ বাবে প্ৰস্তাৱিত ভাৰত ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়া বুলি দাবী কৰা সংবাদ মাধ্যমৰ বাতৰি খাৰিজ কৰিছে ইজৰাইলে । মঙলবাৰে ইজৰাইলে কয় যে ইজৰাইলী নেতাগৰাকীয়ে ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত 'সম্পূৰ্ণ আস্থা' ৰাখিছে আৰু দুয়োপক্ষই এই ভ্ৰমণৰ নতুন তাৰিখৰ বাবে আলোচনা কৰি আছে ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া পোষ্টত কয়, “ভাৰতৰ সৈতে আৰু প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত ইজৰাইলৰ বন্ধন অতি শক্তিশালী ।”

লগতে কোৱা হৈছে, "প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ নিৰাপত্তাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ আস্থা আছে আৰু ইতিমধ্যে তেওঁলোকে নতুন ভ্ৰমণৰ তাৰিখৰ বাবে আলোচনা কৰি আছে ।" উল্লেখ্য যে একাংশ ইজৰাইলী সংবাদ মাধ্যমে ইয়াৰ পূৰ্বে প্ৰকাশ কৰিছিল যে ২০১৮ চনৰ পিছত প্ৰথমটো আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণৰ বাবে ডিচেম্বৰ মাহত নতুন দিল্লী ভ্ৰমণ কৰিবলৈ ওলোৱা নেতান্যাহুৱে চলিত মাহৰ আৰম্ভণিতে দিল্লীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তাজনিত চিন্তাৰ বাবে এই ভ্ৰমণ পিছুৱাই দিছিল ।

সূত্ৰসমূহে পি টি আইক জনোৱা মতে, এই প্ৰতিবেদনসমূহ 'জল্পনা-কল্পনামূলক' আৰু 'বিভ্ৰান্তিকৰ' । লগতে কয় যে নেতান্যাহুৰ ভ্ৰমণৰ বাবে পাৰস্পৰিকভাৱে সুবিধাজনক তাৰিখ চূড়ান্ত কৰাৰ প্ৰচেষ্টা চলি আছে ।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলেও অলপতে ইজৰাইল ভ্ৰমণ কৰি নেতান্যাহুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উষ্ম শুভেচ্ছা জনোৱাৰ লগতে মন্ত্ৰী নীৰ বৰকতৰ সৈতে হোৱা আলোচনা আৰু বিজনেছ ফ’ৰাম আৰু চি ই অ’ ফ’ৰামৰ ফলাফলৰ বিষয়ে অৱগত কৰিছিল ।

লগতে পঢ়ক :মুম্বাইৰ 26/11 ৰ বিভীষিকা: ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি, ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশ্বই নজৰ ৰখাৰ দাবী গৃহমন্ত্ৰীৰ
লগতে পঢ়ক :২৬/১১ৰ ৰক্তাক্ত নিশা ২০ গৰাকী গৰ্ভৱতী মহিলাৰ জীৱন ৰক্ষা কৰা এগৰাকী সাহসী নাৰ্ছ