আমেৰিকান নৌসেনাই হৰমুজ প্ৰণালীৰ মাজেৰে টেংকাৰক এস্ক'ৰ্ট প্ৰদান কৰিব পাৰে: ট্ৰাম্প
আৰব উপদ্বীপত ইৰাণ আৰু ওমানৰ মাজত অৱস্থিত হৰমুজ প্ৰণালীয়ে পাৰস্য উপসাগৰক আৰব সাগৰৰ সৈতে সংযোগ কৰে ।

Published : March 4, 2026 at 11:25 AM IST
নতুন দিল্লী : আমেৰিকা-ইৰাণৰ যুদ্ধ আৰু তেলৰ মূল্যবৃদ্ধিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে প্ৰয়োজন হ’লে আমেৰিকাৰ নৌসেনাই তেল টেংকাৰক অতি গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰ মাজেৰে এস্ক'ৰ্ট প্ৰদান কৰিব ।
আল জাজিৰাৰ বাতৰি অনুসৰি, ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড ক'ৰ্পছে সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হৈছে । যিহেতু বিশ্বৰ প্ৰায় পঞ্চমাংশ তেল এই প্ৰণালীৰ মাজেৰে পাৰ হৈ যায়, গতিকে যুদ্ধৰ ফলত উক্ত যাতায়াতত হোৱা ব্যাঘাতৰ ফলত তেলৰ দাম বৃদ্ধি পাইছে ।

ট্ৰাম্পে আমেৰিকাৰ উন্নয়ন বিত্ত শাখাক পাৰ্চী উপসাগৰৰ মাজেৰে তেল আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই নিয়া টেংকাৰৰ বাবে 'অতি যুক্তিসংগত মূল্যত' ৰাজনৈতিক বিপদাশংকাৰ বীমা প্ৰদান কৰিবলৈও নিৰ্দেশ দিছে । ৰাজনৈতিক বিপদাশংকা বীমা হৈছে অস্থিৰ ৰাজনৈতিক পৰিস্থিতি, চৰকাৰী কাৰ্য বা হিংসাৰ ফলত হোৱা আৰ্থিক লোকচানৰ পৰা প্ৰতিষ্ঠানসমূহক সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে প্ৰদান কৰা এক প্ৰকাৰৰ বীমা ।
আমেৰিকান নৌসেনাৰ এই অঞ্চলটোত কমেও আঠখন ধ্বংসকাৰী আৰু তিনিখন সৰু সৰু উপকূলীয় যুদ্ধ জাহাজ আছে । এই জাহাজসমূহ পূৰ্বে এই অঞ্চল আৰু লোহিত সাগৰত ব্যৱসায়িক জাহাজক এস্ক'ৰ্ট প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।

আৰব উপদ্বীপত ইৰাণ আৰু ওমানৰ মাজত অৱস্থিত হৰমুজ প্ৰণালীয়ে পাৰস্য উপসাগৰক আৰব সাগৰৰ সৈতে সংযোগ কৰে । এই প্ৰণালীত থকা জাহাজ পথসমূহ প্ৰতিটো দিশতে মাত্ৰ দুমাইল বহল যদিও ইয়াৰ মাজেৰে বিশ্বৰ প্ৰায় ২০ শতাংশ তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছ (এল এন জি) পৰিবহণ কৰা হয় ।
এই সংকীৰ্ণ কিন্তু গুৰুত্বপূৰ্ণ পথটোৱেই হৈছে চৌদি আৰব, ইৰাক আৰু ইৰাণকে ধৰি মধ্যপ্ৰাচ্যৰ প্ৰধান উৎপাদক দেশসমূহৰ পৰা তেল ৰপ্তানি কৰাৰ মূল পথ আৰু কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) পৰা এল এন জিৰ বাবে বিশ্বৰ বজাৰত প্ৰৱেশৰ একমাত্ৰ পথ ।
উল্লেখ্য যে ইজৰাইল আৰু আমেৰিকাই শনিবাৰে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা বিশ্বৰ সৰ্ববৃহৎ জাহাজ প্ৰতিষ্ঠানসমূহ যেনে ইটালীৰ ছুইছ এম এছ চি, ডেনমাৰ্কৰ মাৰ্স্ক, ফ্ৰান্সৰ চি এম এ চি জি এম, জাৰ্মানীৰ হাপাক লয়ড আৰু চীনৰ কস্কোৱে নিজৰ জাহাজসমূহক আশ্ৰয় বিচাৰিবলৈ আৰু নিৰাপদে থাকিবলৈ নিৰ্দেশ দিছে ।
আন্তঃৰাষ্ট্ৰীয় গৱেষণা গোষ্ঠী জিৰ’ কাৰ্বন এনালাইটিকছৰ তথ্য অনুসৰি, হৰমুজ প্ৰণালীত তেল আৰু গেছৰ যোগানত ব্যাঘাত জন্মা এছিয়াৰ দেশসমূহৰ ভিতৰত আটাইতকৈ বেছি বিপদৰ সন্মুখীন হৈছে জাপান । তাৰ পিছতে আছে দক্ষিণ কোৰিয়া আৰু ভাৰত ।
গৱেষণা গ্ৰুপটোৱে কয়, "এছিয়াৰ চাৰিখন দেশ ক্ৰমে চীন, ভাৰত, জাপান আৰু দক্ষিণ কোৰিয়াই এই প্ৰণালীৰ মাজেৰে ৭৫ শতাংশ তেল আৰু ৫৯ শতাংশ এল এন জিৰ প্ৰবাহ কৰে । এই প্ৰণালীৰ মাজেৰে যাতায়াত কৰা তেল আৰু এল এন জিৰ বাবে চীন আৰু ভাৰত হৈছে সৰ্ববৃহৎ একক গন্তব্যস্থান ।"
লগতে কোৱা হৈছে, "হৰমুজ প্ৰণালীৰ জৰিয়তে তেল আৰু গেছ আমদানি কৰা শীৰ্ষ দেশসমূহৰ ভিতৰত জাপানে ব্যাঘাতৰ আটাইতকৈ প্ৰত্যক্ষ আশংকাৰ সন্মুখীন হৈছে । কাৰণ জাহাজ পথৰ জৰিয়তে তেল আৰু গেছৰ বাণিজ্যত ইয়াৰ উচ্চ অংশ আৰু আমদানিকৃত তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীল । সৰ্বাধিক বিপদত দক্ষিণ কোৰিয়া দ্বিতীয়, ভাৰত তৃতীয় আৰু চীন চতুৰ্থ স্থানত আছে ।"
প্ৰণালীটোৰ মাজেৰে যাতায়াত কৰা তেল আৰু এল এন জিৰ বাবে চীন আৰু ভাৰত সৰ্ববৃহৎ একক গন্তব্যস্থান যদিও জাপান আৰু দক্ষিণ কোৰিয়াও যোগানৰ প্ৰভাৱৰ সন্মুখীনৰ হোৱাৰ সম্ভাৱনা অতি বেছি ।
লগতে পঢ়কঃ

