হৰমুজত দুখনকৈ জাহাজ জব্দ ইৰাণৰ : এক প্ৰতিবেদন
ইৰাণে জব্দ কৰা জাহাজ দুখনৰ এখন গুজৰাট অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে ৷

Published : April 23, 2026 at 12:21 AM IST
ডুবাই: ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে বুধবাৰে হৰমুজ জলদ্বীপত দুখনকৈ জাহাজ জব্দ কৰে । ইৰাণে এই সমুদ্ৰপথৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলি ইতিমধ্যে উল্লেখ কৰিছে ।
আইআৰজিচিৰ তথ্য অনুসৰি এমএছচি ফ্ৰান্সেস্কা আৰু এপামিনোডছ নামৰ জাহাজ দুখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অনুমতি অবিহনে কাম কৰাৰ লগতে নেভিগেচন ব্যৱস্থাৰ লগত বেমেজালি কৰি সামুদ্ৰিক সুৰক্ষা বিপন্ন কৰাৰ অভিযোগ উত্থাপন হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, জাহাজসমূহৰ স্বত্বাধিকাৰীৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল । ইৰাণে সামৰিক গুলীচালনাৰ লক্ষ্য কৰি লোৱা তিনিখন বাণিজ্যিক জাহাজৰ ভিতৰত এখন জাহাজ গুজৰাটৰ মুন্দ্ৰা বন্দৰ অভিমুখে গৈ আছিল বুলি প্ৰাথমিক তথ্য লাভ কৰা হৈছে ৷
🇮🇷 Iran's Revolutionary Guards said on Wednesday that their naval forces stopped two ships attempting to cross the Strait of Hormuz and directed them to the territorial waters of the Islamic Republic.
— AFP News Agency (@AFP) April 22, 2026
➡️ https://t.co/5TZRZNwCz2 pic.twitter.com/b21Qbw3rGD
সামুদ্ৰিক নিৰীক্ষণ কোম্পানী মেৰিনট্ৰেফিকৰ মতে, ‘এপামিনোণ্ডাছ’ নামৰ কণ্টেইনাৰ জাহাজখনে মুন্দ্ৰা বন্দৰক গন্তব্যস্থান হিচাপে লৈ হৰমুজ জলদ্বীপেৰে যাত্ৰা কৰিছিল ৷ লাইবেৰিয়াৰ ধ্বজাবাহী জাহাজখন বৰ্তমান ওমান উপসাগৰত আছে ।
এই কৌশলগত জলপথৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ইৰাণৰ বিশেষ বাহিনী ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে(আইআৰজিচি) জাহাজসমূহক উদ্দেশ্যি গুলীচালনা কৰে । অৱশ্যে এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ লাভ কৰা নাই ।
আইআৰজিচিৰ গুলীচালনাত ক্ষতি হোৱা আন জাহাজসমূহৰ ভিতৰত ‘এমএছচি ফ্ৰান্সেস্কা’ জাহাজখনে শ্ৰীলংকাৰ হাম্বাণ্টোটা বন্দৰ অভিমুখে যাত্ৰা কৰিছিল আৰু ‘ইউফ’ৰিয়া’ নামৰ জাহাজখন জেদ্দালৈ গৈ আছিল ৷
ইৰাণে দাবী কৰিছে যে এই জাহাজসমূহে সামুদ্ৰিক নিয়ম উলংঘা কৰাৰ লগতে দেশখনে জাৰি কৰা সতৰ্কবাণীক উলংঘন কৰিছে ৷ আনহাতে একাংশ সামুদ্ৰিক সূত্ৰই কয় যে হৰমুজ জলদ্বীপৰ মাজেৰে অন্ততঃ এখন জাহাজ চলাচলৰ বাবে পূৰ্বৰ অনুমতি আছে ।
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মুকেশ মংগলে শেহতীয়াকৈ কয় যে বিগত সপ্তাহত জলসীমা পাৰ হ’বলৈ চেষ্টা কৰা দুখন ভাৰতীয় জাহাজক উদ্দেশ্যিও গুলীচালনা কৰা হৈছিল ৷ যাৰ ফলত জাহাজ দুখন পুনৰায় উভতি আহিবলগীয়া পৰিস্থিতি হৈছিল ।
বিগত ১৮ এপ্ৰিলত ভাৰতৰ ধ্বজাবাহী টেংকাৰ ‘দেশ গৰিমা’ই নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে ৷ অতি শীঘ্ৰে টেংকাৰখন মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ বিপৰীতে মংগলে আন্তঃমন্ত্ৰালয়ৰ সংবাদমেলত কয় যে বৰ্তমান পাৰস্য উপসাগৰীয় অঞ্চলত ১৩ খন ভাৰতীয় ধ্বজাবাহী আৰু এখন ভাৰতীয় মালিকানাধীন জাহাজ আবদ্ধ হৈ আছে ।
ওমান সাগৰত ইৰাণৰ এখন বাণিজ্যিক জাহাজ আমেৰিকাই জব্দ কৰাৰ পিছত অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ যি কাৰ্যক ইৰাণে যুদ্ধবিৰতি উলংঘা বুলি অভিহিত কৰিছে ।
লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ সংকটে বিভাজিত কৰিছে ইউৰোপক: ইন্ধনৰ মূল্য আৰু নীতিক লৈ মতানৈক্য

