ETV Bharat / international

চৰকাৰবিৰোধী প্ৰতিবাদত ইৰাণত উত্তেজনা তুংগত: দেশজুৰি স্তব্ধ টেলিফোন-ইণ্টাৰনেট সেৱা

ইণ্টাৰনেট প্ৰতিষ্ঠান ক্লাউডফ্লেয়াৰ আৰু এডভোকেচি গ্ৰুপ নেটব্লকছে ইণ্টাৰনেট বিচ্ছিন্ন হোৱাৰ বাতৰি প্ৰকাশ কৰিছে । লগতে ইৰাণ চৰকাৰৰ হস্তক্ষেপেই ইয়াৰ কাৰণ বুলি উল্লেখ কৰিছে ।

IRAN PROTESTS 2026
১৯৭৮ চনৰ ৯ অক্টোবৰৰ এই ফাইল ফটোখনত ইৰাণৰ তেহৰাণত শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ বিৰুদ্ধে ইৰাণৰ প্ৰতিবাদকাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰা দৃশ্য (AP)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 11:06 AM IST

8 Min Read
Choose ETV Bharat

ডুবাই : প্ৰতিবাদত উত্তাল ইৰাণ । গণবিক্ষোভে থৰক-বৰক কৰিছে দেশখনৰ প্ৰশাসনিক ব্যৱস্থা । চৰকাৰবিৰোধী প্ৰতিবাদ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে দেশখনৰ ৰাজধানী তেহৰাণত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে । ইতিমধ্যে প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰে চলোৱা দমনমূলক কাৰ্যৰ বাবে অৰ্ধশতাধিক সাধাৰণ লোকৰ মৃত্যু হৈছে । ইয়াৰ পিছতে পৰিস্থিতি আৰু অধিক অগ্নিগৰ্ভা হৈ পৰিছে ।

ইয়াৰ মাজতে দেশখনৰ নিৰ্বাসিত ক্ৰাউন প্ৰিন্সে গণ বিক্ষোভৰ বাবে আহ্বান জনোৱাৰ পিছতে ইৰাণৰ ৰাজধানী তেহৰাণত বৃহস্পতিবাৰে নিশা ঘৰৰ পৰাই চিঞৰি চিঞৰি জনসাধাৰণ ৰাজপথত একত্ৰিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে । ইয়াৰ ফলত সমগ্ৰ ইছলামিক ৰিপাব্লিকত দেশজুৰি বিয়পি পৰা প্ৰতিবাদৰ তীব্ৰতা নতুনকৈ বৃদ্ধি পাইছে ।

প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগে ইৰাণত ইণ্টাৰনেটৰ সেৱা আৰু টেলিফোন লাইন কৰ্তন কৰা হয় । এই প্ৰদৰ্শন একপ্ৰকাৰ এই কথাৰ প্ৰথম পৰীক্ষা আছিল যে ১৯৭৯ চনৰ ইৰাণৰ ইছলামিক বিপ্লৱৰ ঠিক পূৰ্বে গুৰুতৰভাৱে অসুস্থ পিতৃয়ে ইৰাণৰ পৰা পলায়ন কৰাৰ পিছত ক্ৰাউন প্ৰিন্স ৰেজা পাহলৱীয়ে ইৰাণৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব পাৰিব নেকি ।

বিক্ষোভ প্ৰদৰ্শনত শ্বাহৰ সমৰ্থনত শ্লোগান দিয়া হয়, যিটো পূৰ্বতে মৃত্যুদণ্ডৰ এক শাস্তি হ'ব পাৰিছিল । কিন্তু এতিয়া ই ইৰাণৰ দুৰ্বল অৰ্থনীতিক লৈ আৰম্ভ হোৱা প্ৰতিবাদক ইন্ধন যোগোৱা ক্ষোভৰ ওপৰত আলোকপাত কৰিছে ।

বুধবাৰে সমগ্ৰ ইৰাণৰ চহৰ আৰু গ্ৰামাঞ্চলসমূহত সৃষ্টি হোৱা বিক্ষোভৰ ধাৰাবাহিকতা বৃহস্পতিবাৰেও দেখা যায় । প্ৰতিবাদকাৰীৰ সমৰ্থনত বন্ধ হৈ পৰে দোকান-বজাৰ । আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক মানৱ অধিকাৰৰ নিউজ এজেন্সীয়ে জনোৱা মতে, এতিয়ালৈকে বিক্ষোভৰ বাবে সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত কমেও ৪১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২,২৭০ জনতকৈ অধিক লোকক আটক কৰা হৈছে ।

ইফালে প্ৰতিবাদৰ মাত্ৰা বৃদ্ধিয়ে ইৰাণৰ অসামৰিক চৰকাৰ আৰু ইয়াৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনীৰ ওপৰত চাপ বৃদ্ধি কৰিছে । ইণ্টাৰনেট প্ৰতিষ্ঠান ক্লাউডফ্লেয়াৰ আৰু এডভোকেচি গ্ৰুপ নেটব্লকছে ইণ্টাৰনেট সেৱা বিচ্ছিন্ন হোৱাৰ বাতৰি প্ৰকাশ কৰিছে । লগতে ইৰাণ চৰকাৰৰ হস্তক্ষেপেই ইয়াৰ কাৰণ বুলি উল্লেখ কৰিছে । ডুবাইৰ পৰা ইৰাণলৈ লেণ্ডলাইন আৰু মোবাইল ফোন ডায়েল কৰাৰ চেষ্টা কৰিলেও সংযোগ কৰিব পৰা নগ’ল ।

ইফালে এই প্ৰতিবাদ ব্যাপকভাৱে নেতৃত্বহীন হৈয়ে আছে । পাহলৱীৰ এই আহ্বানে আগন্তুক বিক্ষোভত কেনে প্ৰভাৱ পেলাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইৰাণৰ ওপৰত অধ্যয়ন কৰা ৱাশ্বিংটনস্থিত আটলাণ্টিক কাউন্সিলৰ নেট শ্বোৱানছনে লিখিছে, “এটা কাৰ্যকৰী বিকল্পৰ অভাৱে ইৰাণৰ বিগত প্ৰতিবাদক ক্ষতিগ্ৰস্ত কৰিছে ।"

"শীতল যুদ্ধৰ শেষত পোলেণ্ডত শ্ৰমিক নেতা লেচ ৱালেছাই কৰাৰ দৰে ইৰাণৰ হাজাৰজন বিৰোধী কৰ্মী থাকিব পাৰে, যিয়ে সুযোগ পালেই সন্মানীয় ৰাষ্ট্ৰনেতা হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে । কিন্তু এতিয়ালৈকে ইৰাণৰ নিৰাপত্তা যন্ত্ৰই দেশখনৰ সকলো সম্ভাৱ্য পৰিৱৰ্তনশীল নেতাক গ্ৰেপ্তাৰ, নিৰ্যাতন আৰু নিৰ্বাসিত কৰিছে ।" তেওঁ কয় ।

বৃহস্পতিবাৰৰ প্ৰতিবাদ- ঘৰত আৰু ৰাজপথত

পাহলৱীয়ে স্থানীয় সময় অনুযায়ী নিশা ৮ বজাত বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বিক্ষোভৰ বাবে আহ্বান জনাইছিল । ঘড়ীৰ কাঁটাই নিৰ্ধাৰিত সময় স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ তেহৰাণত শ্লোগানেৰে উত্তাল হৈ পৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় । এই শ্লোগানসমূহৰ ভিতৰত আছিল 'এনানায়কত্ববাদী নিপাত যাওক ' আৰু 'ইছলামিক গণৰাজ্যৰ অৱসান হওক' । আন কিছুমানে আকৌ শ্বাহক প্ৰশংসা কৰি চিঞৰি চিঞৰি কয়: “এয়াই শেষ যুদ্ধ! পাহলৱী ঘূৰি আহিব !” প্ৰতিবাদৰ সময়ত ৰাজপথত হাজাৰ হাজাৰ লোকৰ সমাবেশ দেখা পোৱা গৈছিল ।

পাহলৱীয়ে এক বিবৃতিত কয়, "ইৰাণৰ মহান জাতি, বিশ্বৰ চকু আপোনালোকৰ ওপৰত । ৰাজপথলৈ ওলাই আহক আৰু এক ঐক্যবদ্ধ মঞ্চ হিচাপে নিজৰ দাবী উত্থাপন কৰক ।" তেওঁ লগতে কয়, "মই ইছলামিক গণৰাজ্য, ইয়াৰ নেতা আৰু ৰিভল্যুচনেৰী গাৰ্ডক সকীয়াই দিছোঁ যে বিশ্ব আৰু ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আপোনালোকক তীক্ষ্ণ দৃষ্টিৰে চাই আছে । জনসাধাৰণৰ ওপৰত দমনৰ উত্তৰ নোপোৱাকৈ নাথাকিব ।"

পাহলৱীয়ে কয় যে তেওঁৰ আহ্বানৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ আগন্তুক পৰিকল্পনা আগবঢ়াই নিব । আনহাতে, ইজৰাইলৰ প্ৰতি তেওঁৰ আৰু ইজৰাইলৰ পৰা পোৱা সমৰ্থনে বিগত সময়ছোৱাত সমালোচনাৰ সন্মুখীন কৰিছিল— বিশেষকৈ জুন মাহত ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ ১২ দিনীয়া যুদ্ধৰ পিছত । কিছুমান বিক্ষোভত বিক্ষোভকাৰীয়ে শ্বাহৰ সমৰ্থনত চিঞৰিছে যদিও সেয়া পাহলৱীৰ সমৰ্থনৰ বাবেই নে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ আগৰ সময়লৈ ঘূৰি যোৱাৰ ইচ্ছা সেয়া স্পষ্ট নহয় ।

আনহাতে, ইৰাণৰ বিষয়াসকলে এই পৰিকল্পিত প্ৰতিবাদক গুৰুত্বসহকাৰে লোৱা যেন দেখা গৈছে । কঠোৰপন্থী কায়হান কাকতখনে অনলাইনযোগে এটা ভিডিঅ’ প্ৰকাশ কৰি দাবী কৰে যে নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰাসকলক চিনাক্ত কৰিবলৈ ড্ৰ’ণৰ ব্যৱহাৰ কৰিব ।

ইৰাণৰ বিষয়াসকলে বৃহস্পতিবাৰে নিশা ৮ বজাৰ বিক্ষোভৰ পূৰ্বেই বহু স্থানত চলি থকা বিক্ষোভৰ ব্যাপকতা সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই । অৱশ্যে নিৰাপত্তাৰক্ষী আঘাতপ্ৰাপ্ত বা নিহত হোৱা সন্দৰ্ভত খবৰ আহিছে ।

ন্যায়পালিকাৰ মিজান সংবাদ সংস্থাৰ বাতৰি অনুসৰি, তেহৰাণৰ বাহিৰৰ এখন চহৰত এজন আৰক্ষীৰ কৰ্ণেল ছুৰীৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে অৰ্ধ চৰকাৰী ফাৰ্চ সংবাদ সংস্থাই জনোৱা মতে, চাহৰমহল আৰু বাখতিয়াৰী প্ৰদেশৰ লৰ্ডেগান চহৰত সংঘটিত গুলীচালনাৰ ঘটনাত বন্দুকধাৰীয়ে দুজন নিৰাপত্তা বাহিনীৰ সদস্যক হত্যা কৰাৰ লগতে ৩০ জন লোক আহত হয় ।

ইৰাণৰ খোৰাছান ৰাজাভি প্ৰদেশৰ এজন উপ-গৱৰ্ণৰে ইৰাণৰ চৰকাৰী টেলিভিছনক জনোৱা মতে, বুধবাৰে নিশা তেহৰাণৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত চেনাৰাণত আৰক্ষী থানাত সংঘটিত আক্ৰমণত পাঁচজন লোকৰ মৃত্যু হয় । বৃহস্পতিবাৰে সন্ধিয়া ৰিভল্যুচনেৰী গাৰ্ডে কয় যে কেৰমানশ্বাহত তেওঁলোকৰ বাহিনীৰ দুজন সদস্য নিহত হৈছে ।

ট্ৰাম্পৰ ভাবুকিত ইৰাণ

ইৰাণে বিগত কিছু বছৰত দেশজুৰি কেইবাটাও প্ৰতিবাদৰ সন্মুখীন হৈছে । নিষেধাজ্ঞা কঠোৰ হোৱাৰ লগে লগে আৰু ইৰাণে ১২ দিনীয়া যুদ্ধৰ পিছত সংগ্ৰাম কৰি থকাৰ সময়তে ডিচেম্বৰ মাহত ইয়াৰ ৰিয়েল মুদ্ৰাৰ পতন ঘটি ১ ডলাৰৰ পৰা ১.৪ মিলিয়ন হয় । ইয়াৰ পিছতে প্ৰতিবাদ আৰম্ভ হয়, ইৰাণৰ ইছলামিকতন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে ধ্বনি দিয়ে ।

অৱশ্যে ইৰাণৰ বিষয়াসকলে এতিয়াও বিক্ষোভকাৰীসকলক কিয় অধিক কঠোৰভাৱে দমন কৰিব পৰা নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । যোৱা সপ্তাহত ট্ৰাম্পে সকীয়াই দিছিল যে যদিহে তেহৰাণে “শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক হিংসাত্মকভাৱে হত্যা কৰে,” তেন্তে আমেৰিকাই “তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহিব ।”

ট্ৰাম্পৰ এই মন্তব্যত ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ে নতুনকৈ গৰিহণা দিয়ে । কোৱা হৈছে, “ইৰাণৰ আভ্যন্তৰীণ পৰিক্ৰমাত একেৰাহে আমেৰিকান প্ৰশাসনে অপৰাধমূলক হস্তক্ষেপৰ দীৰ্ঘ ইতিহাসৰ কথা স্মৰণ কৰি বৈদেশিক মন্ত্ৰণালয়ে মহান ইৰাণী জাতিটোৰ প্ৰতি উদ্বেগজনক দাবীক ভণ্ডামি বুলি গণ্য কৰে, যাৰ লক্ষ্য হৈছে জনমতক প্ৰতাৰণা কৰা আৰু ইৰাণীসকলৰ বিৰুদ্ধে সংঘটিত অসংখ্য অপৰাধক ঢাকি ৰখা ।”

কিন্তু উক্ত মন্তব্য সত্ত্বেও আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত এনেধৰণৰ অনলাইন ফুটেজক গুৰুত্ব সহকাৰে প্ৰকাশ কৰাৰ পৰা থকা নাই ।

ষ্টেট ডিপাৰ্টমেণ্টে এটা বাৰ্তাত কয়, “যেতিয়া দাম ইমানেই বেছি নিৰ্ধাৰণ কৰা হয় যে গ্ৰাহকেও কিনিব নোৱাৰে বা কৃষকেও বিক্ৰী কৰিব নোৱাৰে, তেতিয়া সকলোৰে লোকচান হয় ।”

ইফালে, ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱাৰ পিছতো শান্তিৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদী কাৰাগাৰত বন্দী হৈ আছে । তেওঁৰ পুত্ৰ আলী ৰহমানীয়ে কয়, "২০২৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা ইৰাণৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহিছে, ঠিক ২০০৯, ২০১৯ চনত যেনেদৰে আহিছিল । প্ৰতিবাৰেই একে দাবী আহিছিল: ইছলামিক ৰিপাব্লিকৰ অন্ত, এই পিতৃতান্ত্রিক, একনায়কত্ববাদী আৰু ধৰ্মীয় শাসনৰ অন্ত, মৌলবীৰ অন্ত, মোল্লাৰ শাসনৰ অন্ত ।”

লগতে পঢ়ক :ইৰাণত অৰ্থনৈতিক প্ৰতিবাদত ৩৫ জন নিহত, ১২০০ জন লোকক বন্দী
লগতে পঢ়ক :সিন্ধু জলচুক্তি উলংঘাৰে কৰা যিকোনো কাৰ্যকলাপ ভাৰতৰ সন্মুখত দাঙি ধৰিব পাকিস্তানে