ETV Bharat / international

ক্ষেপণাস্ত্ৰ আক্ৰমণত ইজৰাইলৰ দুখন চহৰত শতাধিক আহত; শত্ৰুৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰখাৰ প্ৰতিজ্ঞা নেতানিয়াহুৰ

পূৰ্বে নাটাঞ্জ পাৰমাণৱিক সমৃদ্ধি স্থানত আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে দক্ষিণ ইজৰাইলৰ ডিমোনা চহৰক লক্ষ্য কৰি লোৱাৰ দাবী ইৰাণৰ ৷

Etv Iranian missile hits Israel's Dimona
ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত ইজৰাইলৰ এটা অট্টালিকাত অগ্নিকাণ্ড সংঘটিত (Special Arrangement)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 5:19 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: দক্ষিণ ইৰাণৰ দুখন চহৰ ক্ৰমে আৰাদ আৰু ডিমোনাত ক্ষেপণাস্ত্ৰ আক্ৰমণ ৷ এই আক্ৰমণত ১০০ ৰো অধিক লোক আহত ৷ এই আক্ৰমণৰ পিছত দেওবাৰে ইৰাণৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইৰাণৰ আক্ৰমণ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ৷

ইৰাণৰ ক্ষেপণাস্ত্ৰই দক্ষিণ ইজৰাইলৰ চহৰ ডিমোনা আৰু আৰাদক লক্ষ্য কৰি লৈছিল । উল্লেখ্য যে, এই ডিমোনা চহৰখন পাৰমাণৱিক সুবিধাক কেন্দ্ৰ কৰি গম্বুজ আকৃতিৰ গঠনৰ বাবে বিখ্যাত আৰু জনপ্ৰিয়ভাৱে "লিটিল ইণ্ডিয়া" নামেৰে জনাজাত ৷

ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয়, ‘‘ইৰাণ চৰকাৰে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰি আৰাদ আৰু ডিমোনা চহৰ দুখন ধ্বংস কৰে । এই আক্ৰমণত শিশুকে ধৰি ১০০ ৰো অধিক লোক আহত হয় । স্পষ্ট অৰ্থত এয়া এক যুদ্ধজনিত অপৰাধ ৷ ই নিসন্দেহে সন্ত্ৰাসবাদ ।’’

দক্ষিণ ইজৰাইলৰ আৰাদৰ মেয়ৰ য়াইৰ মায়ানে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা প্ৰায় ১৫০ টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আৰাদৰ মেয়ৰ য়াইৰ মায়ানৰ সৈতে কৰা বাৰ্তালাপত আক্ৰমণ সন্দৰ্ভত দুখ প্ৰকাশ কৰে ।

সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়, ‘‘আমাৰ ভৱিষ্যতৰ যুঁজৰ এয়া এটা অতি কঠিন সন্ধিয়া । মাত্ৰ কিছু সময়ৰ আগতে মই আৰাদৰ মেয়ৰ য়াইৰ মায়ানৰ সৈতে কথা পাতিছিলো আৰু তেওঁক সকলো ইজৰাইলৰ নাগৰিকৰ হৈ আহতসকলৰ শান্তিৰ বাবে আমাৰ প্ৰাৰ্থনা আগবঢ়াবলৈ কৈছিলো । মই মোৰ কাৰ্যালয়ৰ পৰিচালকক নিৰ্দেশ দিছো যে আহত সকলোকে চৰকাৰী মন্ত্ৰালয়ৰ সহযোগত প্ৰয়োজনীয় সকলো সহায় আগবঢ়াওক ।’’

তেওঁ লগতে কয়, ‘‘মই বৰ্তমান ঘটনাস্থলীত নিয়োজিত জৰুৰীকালীন আৰু উদ্ধাৰ বাহিনীক আৰু অধিক শক্তিশালী কৰিছো আৰু মই সকলোকে সামৰিক বাহিনীৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছো । আমি সকলো দিশতে আমাৰ শত্ৰুৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিবলৈ দৃঢ়প্ৰতিজ্ঞ ।’’

উদ্ধাৰকাৰীসকলে জনোৱা মতে, আৰাদত চলোৱা এই পোনপটীয়া আক্ৰমণৰ ফলত কমেও ১০ টা আৱাসিক অট্টালিকাৰ ব্যাপক ক্ষতিসাধন হৈছে ৷ ইয়াৰে তিনিটা বেয়াকৈ ধ্বংসপ্ৰাপ্ত হৈছে আৰু খহি পৰাৰ উপক্ৰম হৈছে । কমেও ৬৪ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ইজৰাইলৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ পশ্চিমে ডিমোনা আৰু উত্তৰে প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত আৰাদ চহৰখন অৱস্থিত ।

ইজৰাইলৰ সেনাই কয় যে বায়ু প্ৰতিৰক্ষা বাহিনীয়ে বেলিষ্টিক মিছাইলটোক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয় । আক্ৰমণৰ তদন্ত কৰা হ’ব বুলিও জানিবলৈ দিয়ে দেশখনৰ সেনাবাহিনীয়ে ।

এক্সত প্ৰকাশ কৰা এটা পোষ্টত IAEA-এ কয়, ‘‘ইজৰাইলৰ ডিমোনা চহৰত ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ সৈতে জড়িত এক কাণ্ডৰ খবৰৰ বিষয়ে আই ই এ অৱগত আৰু পাৰমাণৱিক গৱেষণা কেন্দ্ৰ নেগেভৰ ক্ষতিৰ কোনো ইংগিত পোৱা নাই ।’’

ইৰাণে কয় যে পূৰ্বে নাটাঞ্জ পাৰমাণৱিক সমৃদ্ধি স্থানত আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে দক্ষিণ ইজৰাইলৰ ডিমোনা চহৰক লক্ষ্য কৰি লৈছে ইজৰাইলে ৷ অৱশ্যে ইয়াৰ পূৰ্বে নাটাঞ্জত সংঘটিত আক্ৰমণৰ বাবে আই ডি এফ দায়ী নহয় বুলি কয় ।

ডিমোনাত ভাৰতীয়-ইহুদী জনসংখ্যা উল্লেখযোগ্য আৰু এই সম্প্ৰদায়ৰ সদস্যসকলৰ অধিকাংশই মহাৰাষ্ট্ৰৰ পৰা অহা ৷ তেওঁলোকে আজিও ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্ক বজাই ৰাখিছে ৷ এই চহৰখন ‘‘লিটিল ইণ্ডিয়া’’ নামেৰে খ্যাত ৷

সমগ্ৰ চহৰখনৰ অ’ত-ত’ত ভাৰতীয় বিপণিসমূহ অৱস্থিত আৰু ইয়াত মাৰাঠী ভাষাটো এটা সাধাৰণ ভাষা । ৭,৫০০ জনীয়া ভাৰতীয় সম্প্ৰদায়টোৱে চহৰখনৰ জনসংখ্যাৰ প্ৰায় ৩০ শতাংশ আৱৰি আছে ।

(এজেন্সীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন)

লগতে পঢ়ক: ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰিলে ইৰাণৰ শক্তিকেন্দ্ৰত আক্ৰমণ চলাব আমেৰিকাই: ট্ৰাম্পৰ সকীয়নি