আমেৰিকাৰ নৌসেনাৰ জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকনত ইৰাণৰ চাৰিটাকৈ বেলিষ্টিক মিছাইলৰে আক্ৰমণ
বিগত দুদিনত আমেৰিকা আৰু ইজৰাইলে চলোৱা আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই পদক্ষেপ লোৱা বুলি ইৰাণে দাবী কৰিছে ৷ অৱশ্যে পেণ্টাগনে এই দাবীক অস্বীকাৰ কৰে ।

Published : March 1, 2026 at 10:59 PM IST
টেহৰাণ: ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড ক’ৰ্পছে দেওবাৰে সন্ধিয়া এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি দাবী কৰে যে আমেৰিকাৰ নৌসেনাৰ বিমান পৰিবাহী জাহাজ 'ইউ এছ এছ আব্ৰাহাম লিংকন'ক চাৰিটা বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে । ইৰাণৰ আৰব সাগৰৰ উপসাগৰত নিয়োজিত 'ইউ এছ এছ আব্ৰাহাম লিংকন' হৈছে মূলত শক্তিশালী-অত্য়াধুনিক বিমান পৰিবাহী জাহাজ ।
ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই আই আৰ জি চিৰ এক বিবৃতিৰ জৰিয়তে এনেদৰে কয়, ‘‘ইৰাণৰ সামৰিক ব্যৱস্থা আৰু আমেৰিকা-ইজৰাইলে ইৰাণৰ বিৰুদ্ধে চলোৱা আক্ৰমণৰ পিছত আমেৰিকাৰ সামৰিক বিমান পৰিবাহী জাহাজ আব্ৰাহাম লিংকনত চাৰিটা বেলিষ্টিক মিছাইলৰ দ্বাৰা আক্ৰমণ চলোৱা হয় ।’’ লগতে সকীয়াই দিয়া হৈছে যে স্থল আৰু সমুদ্ৰপথ ক্ৰমান্বয়ে সন্ত্ৰাসবাদী আক্ৰমণকাৰীৰ কবৰস্থানত পৰিণত হ’ব ৷
The IRGC in its 4th statement regarding Operation True Promise 4, announced: Following the Iran’s Armed Forces’ actions and the attack on the targets of the US-Israeli enemies, the US military's aircraft carrier, the Abraham Lincoln, was struck by four ballistic missiles.
— IRNA News Agency ☫ (@IrnaEnglish) March 1, 2026
ইৰাণে দাবী কৰে যে এই আক্ৰমণ বিগত ২৮ ফেব্ৰুৱাৰীত দেশখনৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে কৰা বৃহৎ আক্ৰমণৰ প্ৰতিশোধৰ অংশ ৷ সেই আক্ৰমণৰ ফলত ইৰাণৰ শীৰ্ষ নেতা আলী খামেইনীৰ মৃত্যু ঘটিছিল । ইয়াৰ পিছত ইৰাণে আমেৰিকাৰ কেইবাটাও ঘাটি(বাহৰেইন, কাটাৰ, সংযুক্ত আৰব আমিৰশ্বাহী, ইৰাক আদিত) আৰু ইজৰাইলৰ ভূখণ্ডত ক্ষেপণাস্ত্ৰ প্ৰয়োগৰ লগতে ড্ৰোণ আক্ৰমণ চলায় ।
🚫Iran’s IRGC claims to have struck USS Abraham Lincoln with ballistic missiles. LIE.
— U.S. Central Command (@CENTCOM) March 1, 2026
✅The Lincoln was not hit. The missiles launched didn’t even come close. The Lincoln continues to launch aircraft in support of CENTCOM’s relentless campaign to defend the American people by… pic.twitter.com/AjaeHMemtA
অৱশ্যে উপসাগৰীয় এলেকাত থকা বিমান পৰিবাহী জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকনক বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা ইৰাণৰ দাবীক পেণ্টাগনে নাকচ কৰিছে ৷ ছিনহুয়া সংবাদ সংস্থাক আমেৰিকাৰ মুখ্য় কমাণ্ডে কয়, ‘‘লিংকনক লক্ষ্য কৰি লোৱা হোৱা নাছিল । নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইয়াৰ কাষ চাপিবলৈয়ে নাপালে ।’’
এই আক্ৰমণৰ বিষয়টো বনজুইৰ দৰে নিমিষতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷ অৱশ্যে ইয়াৰ সৈতে জড়িত কোনো ফটো বা ভিডিঅ’ বৰ্তমানলৈকে সামাজিক মাধ্যমত উপলব্ধ নাই ৷
কেলিফ’ৰ্ণিয়াৰ ছান ডিয়েগোত অৱস্থিত ইউ এছ এছ আব্ৰাহাম লিংকন (চি ভি এন ৭২) আমেৰিকাৰ নিমিটজ শ্ৰেণীৰ পঞ্চমখন বিমান পৰিবাহী জাহাজ । দেশৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে এই জাহাজখনৰ নামকৰণ কৰা হৈছে ৷ ৰাষ্ট্ৰপতিৰ পৰিচয় বহন কৰা এয়া আমেৰিকাৰ নৌসেনাৰ দ্বিতীয়খন জাহাজ ।
আমেৰিকাৰ নৌসেনাৰ মতে বিমান পৰিবাহী জাহাজ আমেৰিকাৰ নৌসেনাৰ কেন্দ্ৰবিন্দু । প্ৰতিদিনে বিমান পৰিবাহী জাহাজসমূহে যুদ্ধ অভিযানক অগ্ৰাধিকাৰ দিয়াৰ লগতে নৌসেনাৰ মুৰব্বী(চি এন অ’) যুদ্ধৰ নিৰ্দেশনা অনুসৰণ কৰে ৷
(এজেন্সীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত যুগুত কৰা প্ৰতিবেদন)
লগতে পঢ়ক:

