ETV Bharat / international

পাক পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদক সৰ্বশক্তিৰে প্ৰতিহত কৰিব: ৰাষ্ট্ৰসংঘত পাকিস্তানলৈ কঠোৰ বাৰ্তা ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ চনদ, নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ, কাশ্মীৰী জনসাধাৰণৰ ইচ্ছা অনুসৰি জম্মু-কাশ্মীৰ সমস্যাৰ সমাধান হ’ব লাগে বুলি পাকিস্তানে কৰা দাবী ভাৰতে খাৰিজ কৰে ।

UNITED NATIONS SECURITY COUNCIL
নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী প্ৰতিনিধি, ৰাষ্ট্ৰদূত হৰিশ পাৰ্বথানেনী (File/ANI)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 2:19 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : এক তীক্ষ্ণ ভাষাৰ প্ৰত্যুত্তৰত ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ 'বিভাজনকাৰী এজেণ্ডা'ক নস্যাৎ কৰে । লগতে প্ৰধানমন্ত্ৰীক জে'লত ভৰাই আৰু সেনাপ্ৰধানক আজীৱন ৰক্ষাকৱচ প্ৰদান কৰি নিজৰ জনসাধাৰণৰ ইচ্ছাক সন্মান জনোৱাৰ ইছলামাবাদৰ 'অনন্য' পদ্ধতিকো সমালোচনা কৰে ।

‘শান্তিৰ বাবে নেতৃত্ব’ বিষয়ক মুকলি বিতৰ্কৰ সময়ত পাকিস্তানৰ ৰাষ্ট্ৰদূত আছিম ইফতিখাৰ আহমেদে জম্মু-কাশ্মীৰ আৰু সিন্ধু জলযুক্তিৰ বিষয়সমূহ উত্থাপন কৰাৰ পাছত সোমবাৰে নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী প্ৰতিনিধি, ৰাষ্ট্ৰদূত হৰিশ পাৰ্বথানেনীয়ে তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । হৰিশে কয়, "মই স্পষ্টকৈ কওঁ- ভাৰতে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশভংগী সকলোৰেই সৰ্বশক্তিৰে প্ৰতিহত কৰিব ।"

তেওঁ লগতে কয়, "আজিৰ মুকলি বিতৰ্কত পাকিস্তানে জম্মু-কাশ্মীৰ বিষয়টো অযুক্তিকৰভাৱে উল্লেখ কৰাটোৱে ভাৰত আৰু ইয়াৰ জনসাধাৰণক ক্ষতি কৰিবলৈ তেওঁলোক ব্যগ্ৰ হৈ থকাটোৰ প্ৰমাণ দিয়ে । ৰাষ্ট্ৰসংঘৰ এক অস্থায়ী সদস্য যি ৰাষ্ট্ৰসংঘৰ সকলো বৈঠক আৰি মঞ্চত নিজৰ বিভাজনমুখী এজেণ্ডাক আগবঢ়াই নিবলৈ এই এই ব্যগ্ৰতাক অগ্ৰাধিকাৰ দিয়ে, তেওঁলোকৰ পৰা নিজৰ নিৰ্দিষ্ট দায়িত্ব আৰু বাধ্যবাধকতা পালন কৰিব বুলি আশা কৰিব নোৱাৰি ।"

আনহাতে, ৰাষ্ট্ৰসংঘৰ চনদ, প্ৰাসংগিক নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু কাশ্মীৰী জনসাধাৰণৰ ইচ্ছা অনুসৰি জম্মু-কাশ্মীৰৰ বিষয়টো নিষ্পত্তি হ’ব লাগে বুলি পাকিস্তানী দূতে কৰা দাবীকো ভাৰতে নাকচ কৰে । হৰিশে কয়, “পাকিস্তানে অৱশ্যেই নিজৰ জনসাধাৰণৰ ইচ্ছাক সন্মান জনোৱাৰ এক অনন্য পদ্ধতি আছে- এজন প্ৰধানমন্ত্ৰীক জে'লত ভৰাই, শাসকীয় ৰাজনৈতিক দলক নিষিদ্ধ কৰি আৰু ২৭ সংশোধনীৰ জৰিয়তে নিজৰ সশস্ত্ৰ বাহিনীক সাংবিধানিক অভ্যুত্থানৰ কাৰিকৰ হ’বলৈ দি আৰু নিজৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীক আজীৱন ৰক্ষাকৱচ প্ৰদান কৰি এইটো কৰে ।”

উল্লেখ্য যে ২০২৩ চনৰ আগষ্ট মাহত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান কাৰাগাৰত বন্দী হৈ থকা বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰসংঘৰ নিৰ্যাতনৰ বিশেষ প্ৰতিবেদক এলিছ জিল এডৱাৰ্ডে পাকিস্তান চৰকাৰক ইমাৰাণ খানৰ 'অমানৱীয় আৰু অসন্মানজনক' আটক অৱস্থাৰ বিষয়সমূহৰ সমাধানৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই সতৰ্ক কৰি দিয়ে যে এইবোৰ নিৰ্যাতন বা অন্যান্য দুৰ্ব্যৱহাৰৰ সমান হ’ব পাৰে ।

যোৱা মাহত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ অধীনত গৃহীত হোৱা ২৭ সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে পাকিস্তানৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী তথা সেনাপ্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনিৰক কোনো ধৰণৰ আইনী গোচৰৰ পৰা আজীৱন ৰক্ষাকৱচ প্ৰদান কৰা হৈছে । হৰিশে লগতে কয় যে কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অভিন্ন অংগ । তেওঁ কয়, "তেওঁলোক সদায়ে তেনেকুৱা আছিল, হৈ আছে আৰু হৈ থাকিব ।"

হৰিশে লগতে কয় যে ভাৰতে ৬৫ বছৰ পূৰ্বে অতি সদিচ্ছা, সদ্ভাব আৰু বন্ধুত্বৰ মনোভাৱেৰে সিন্ধু জলচুক্তিত স্বাক্ষৰ কৰিছিল । "এই চাড়ে ছয় দশকজুৰি পাকিস্তানে ভাৰতত তিনিখন যুদ্ধ আৰু হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰি চুক্তিৰ মনোভাবক উলংঘা কৰিছে ।" তেওঁ কয় ।

“বিগত চাৰিটা দশকত পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত লাখ লাখ ভাৰতীয়ই প্ৰাণ হেৰুৱাইছে, ইয়াৰে শেহতীয়া উদাহৰণ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ।” তেওঁ লগতে কয় । উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত ধৰ্মৰ ভিত্তিত ২৬ জন নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা হৈছিল ।

হৰিশে কয়, "এই পটভূমিতেই ভাৰতে অৱশেষত ঘোষণা কৰিছে যে সন্ত্ৰাসৰ বিশ্বজনীন কেন্দ্ৰবিন্দু পাকিস্তানে বিশ্বাসযোগ্য আৰু অপ্ৰয়োজনীয়ভাৱে সীমাৰ সিপাৰৰ পৰা আৰু অন্যান্য সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন শেষ নকৰালৈকে চুক্তিখন স্থগিত ৰখা হ’ব ।"

লগতে পঢ়ক :সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰত আৰু জৰ্ডানৰ স্থিতি একে : প্ৰধানমন্ত্ৰী মোদী
লগতে পঢ়ক :বাহ্যিক আৰু আভ্যন্তৰীণ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু পাকিস্তান : পাকিস্তানৰ চিডিএফ মুনিৰ