আন দেশৰ তুলনাত ভাৰতৰ ফ্লাইট ডিউটি নিয়ম অধিক কঠোৰ : আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা
ইণ্ডিগ'ৰ অচলাৱস্থাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাই আশা কৰিছে যে শীঘ্ৰে পৰিৱেশ সুস্থিৰ হ'ব ।

By PTI
Published : December 10, 2025 at 3:32 PM IST
জেনেভা (ছুইজাৰলেণ্ড) : ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ'ৰ অচলাৱস্থাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । এই অচলাৱস্থাৰ সূচনা হৈছিল পাইলটৰ বাবে নতুন বিমান কৰ্তব্য নিয়মৰ ফলত । তাৰ মাজতে গ্ল'বেল এয়াৰলাইন্সৰ গ্ৰুপ আই এ টি এৰ মুৰব্বী উইলি ৱালছে কয় যে পাইলটসকলৰ বাবে নতুন বিমান কৰ্তব্যৰ নিয়মসমূহ অন্যান্য দেশৰ তুলনাত বহু বেছি কঠোৰ যেন লাগিছে আৰু বিষয়বোৰ সুস্থিৰ হ'বলৈ সময় লাগিব ।
ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ'ই বিগত এসপ্তাহত গুৰুত্বপূৰ্ণ কাৰ্যকৰী ব্যাঘাতৰ সন্মুখীন হৈছে । যাৰ ফলত শ শ বিমান বাতিল হৈছে আৰু হাজাৰ হাজাৰ যাত্ৰী প্ৰভাৱিত হৈছে । এনে পটভূমিতে তেওঁ এই মন্তব্য প্ৰকাশ কৰিছে ।
১ নৱেম্বৰৰ পৰা বলবৎ হোৱা ফ্লাইট ডিউটি টাইম লিমিটেশ্যন (এফ ডি টি এল) নিয়মৰ দ্বিতীয় পৰ্যায় কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সঠিক পৰিকল্পনাৰ অভাৱেই হৈছে ইণ্ডিগ'ৰ বিমান ব্যাঘাতৰ অন্যতম মূল কাৰণ যিটো এতিয়া প্ৰায় সুস্থিৰ হৈ পৰিছে । তেওঁ কয়, "ভাৰতীয় নতুন নিয়মসমূহ অন্য দেশতকৈ বহু বেছি কঠোৰ যেন লাগিছে কিন্তু মই ভাবো যে আপুনি সদায় স্বীকাৰ কৰিব লাগিব যে নিয়ন্ত্ৰকসকলৰ দায়িত্ব আছে যাতে উদ্যোগটো সুৰক্ষিত হয় ।"
তেওঁ কয়, "মই ভাবো সঠিক কাৰণত পৰিৱৰ্তনসমূহ কাৰ্যকৰী কৰা হৈছে । এতিয়া মাত্ৰ কিছু সময়ৰ প্ৰয়োজন যেতিয়া সকলো সুস্থিৰ হ'ব ।" জেনেভাত সংবাদ মাধ্যমৰ সন্মুখত ৱালছে লগতে কয় যে পাইলটৰ অৱসৰৰ নীতিক লৈ ইউৰোপ আৰু আমেৰিকাত সকলো সময়তে বিতৰ্ক হৈ থাকে ।
ৱালছে কয়, "ভাৰতে কিছু সিদ্ধান্ত লোৱাৰ কথা ভাবিছে, বিশেষকৈ নিশাৰ সময়ৰ কাৰ্যকলাপৰ ফলত হ'ব পৰা ভাগৰৰ ক্ষেত্ৰত, যিয়ে প্ৰবৃত্তিগতভাৱে কম খৰচী বাহকসমূহৰ ওপৰত অধিক প্ৰভাৱ পেলাব, তেওঁলোকৰ ব্যৱসায়িক মডেলৰ প্ৰতি লক্ষ্য ৰাখি... এই পৰিৱৰ্তনৰ ফলত ইমানবোৰ গ্ৰাহক প্ৰভাৱিত হোৱাটো হতাশাজনক ।"
আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা (আই এ টি এ) হৈছে প্ৰায় ৩৬০ টা বিমান সংস্থাৰ গ্ৰুপ, যিয়ে বিশ্বৰ বিমান পৰিবহণৰ ৮০ শতাংশতকৈ অধিক অংশক সামৰি লয় । ইয়াৰ ভিতৰত ইণ্ডিগ', এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু স্পাইচজেট অন্যতম । অন্যান্য দিশৰ লগতে এফ ডি টি এলৰ নিয়মৰ দ্বিতীয় পৰ্যায়ত এজন পাইলটৰ নিশাৰ অৱতৰণৰ সংখ্যা সীমিত কৰা হৈছে ।
ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে মঙলবাৰে ইণ্ডিগ'ৰ শীতকালীন সময়সূচী বিমান সেৱা সুস্থিৰ কৰাৰ উদ্দেশ্যে ১০ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে । অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে মঙলবাৰে কয় যে যোৱা সপ্তাহৰ ভিতৰত ইণ্ডিগ'ৰ ক্ৰু ৰষ্টাৰৰ আভ্যন্তৰীণ অপ-ব্যৱস্থাপনা, বিমানৰ সময়সূচী আৰু অপৰ্যাপ্ত যোগাযোগৰ বাবে বহু যাত্ৰীয়ে তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে ।
লগতে পঢ়ক :যাত্ৰীক ক্ষতিপূৰণ দিব লাগিব ৯ হাজাৰ কোটি টকা ! ইণ্ডিগ'লৈ আইনী জাননী

