আমেৰিকাৰ মেৰীলেণ্ডত ভাৰতীয় মহিলাৰ মৃতদেহ উদ্ধাৰ,পলাতক প্ৰাক্তন প্ৰেমিক
মেৰীলেণ্ডত থকা প্ৰাক্তন প্ৰেমিকৰ এপাৰ্টমেণ্টত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ । পলাতক প্ৰাক্তন প্ৰেমিকক বিচাৰি আৰক্ষীৰ অনুসন্ধান অব্যাহত ।

By PTI
Published : January 5, 2026 at 9:15 AM IST
লছ ভেগাছ/নিউয়ৰ্ক (আমেৰিকা) : আমেৰিকাৰ বিখ্যাত চহৰ মেৰীলেণ্ডত চাঞ্চল্যকৰ ঘটনা । মেৰীলেণ্ডৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ এগৰাকী ভাৰতীয় মহিলাৰ মৃতদেহ । মহিলাগৰাকী ২৭ বছৰীয়া নিকিতা গোড়িশালা বুলি জানিব পৰা গৈছে । যোৱা সপ্তাহৰ পৰা নিৰুদ্দেশ হৈ আছিল এলিকট চিটীৰ বাসিন্দা নিকিতা গোড়িশালা ।
মৃতদেহ উদ্ধাৰ হোৱা এপাৰ্টমেণ্টতো গোড়িশালাৰ প্ৰাক্তন প্ৰেমিক অৰ্জুন শৰ্মাৰ বুলি জানিব পৰা গৈছে । ঘটনাৰ পিছৰে পৰা পলাতক প্ৰেমিক শৰ্মা । ঘটনা সংঘটিত কৰি ভাৰতলৈ পলায়ন কৰাৰ সন্দেহ আৰক্ষীৰ । আৰক্ষীয়ে শৰ্মাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।
জানিব পৰা মতে ২ জানুৱাৰীত এলিকট চিটীৰ নিকিতা গোড়িশালা নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল । দেওবাৰে হাৱাৰ্ড কাউণ্টি আৰক্ষীয়ে এক বিবৃতিত জনাইছে যে তেওঁৰ প্ৰাক্তন প্ৰেমিক অৰ্জুন শৰ্মাৰ (২৬) কলম্বিয়া, মেৰীলেণ্ডৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা গৈছে । মৃতদেহ ছুৰীৰ আঘাত স্পষ্ট আছে বুলিও আৰক্ষীয়ে জনাইছে ।
ঘটনাৰ মূল অভিযুক্ত প্ৰেমিক শৰ্মাক গ্ৰেপ্তাৰৰ বাবে ৱাৰেণ্ট জাৰি কৰিছে আৰক্ষীয়ে । ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসে এক্সৰ এটা পোষ্টত কয় যে তেওঁলোকে গো়ড়িশালাৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে আৰু সকলো প্ৰকাৰৰ সহায় আগবঢ়াইছে । ইফালে পোষ্টত উল্লেখ কৰা মতে দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতেও বিষয়টো সন্দৰ্ভত যোগাযোগ ৰাখিছে ।
কৰ্তৃপক্ষই জনোৱা মতে প্ৰেমিক শৰ্মাইয়ে আৰক্ষীক গোড়িশালা নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল আৰু কৈছিল যে তেওঁ অন্তিমবাৰৰ বাবে ৩১ ডিচেম্বৰত মেৰীলেণ্ড চহৰৰ নিজৰ এপাৰ্টমেণ্টত গোড়িশালাক লগ পাইছিল ।
পিছত আৰক্ষীয়ে জানিব পাৰিছে যে এজাহাৰ দিয়াৰ দিনাই ২ জানুৱাৰীত শৰ্মাই ভাৰতলৈ বিমানেৰে উৰা মাৰিছে । পিছদিনা আৰক্ষীয়ে তেওঁৰ এপাৰ্টমেণ্টত তালাচী চলাই গোড়িশালাৰ মৃতদেহ উদ্ধাৰ কৰে । প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে ৩১ ডিচেম্বৰৰ সন্ধিয়া ৭ মান বজাৰ ভিতৰতে শৰ্মাই গোড়িশালাক হত্যা কৰিছিল ।
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । কিন্তু কি উদ্দেশ্যত প্ৰেমিকে এই ঘটনা সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই । হাৱাৰ্ড কাউণ্টি আৰক্ষীয়ে কয় যে তেওঁলোকে শৰ্মাক গ্ৰেপ্তাৰৰ বাবে আমেৰিকাৰ ফেডাৰেল আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে কাম কৰি আছে ।

